ETV Bharat / bharat

Road Accident in Karnataka: পথ দুৰ্ঘটনাই কাঢ়িলে একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যাৰ প্ৰাণ

author img

By

Published : Jul 24, 2022, 1:37 PM IST

five-people-died-in-road-accident-in-karnataka
পথ দুৰ্ঘটনাই কাঢ়িলে একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যাৰ প্ৰাণ

পথ দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰ ৫ জনকৈ সদস্য ৷ গুৰুতৰভাৱে আহত হয় চাৰিজন লোক । এখন স্ক’ৰপিঅ’ বাহনক ট্ৰাকে খুন্দিৱাই উক্ত স্থানৰ পৰা পলায়ন কৰে (Hit and run case)৷

নেশ্যনেল ডেস্ক, 24 জুলাই : কৰ্ণাটকৰ য়ালাবুৰ্গা তালুকৰ ভানাপুৰত অঘটন (Road accident in Karnataka) ৷ শনিবাৰে নিশা য়ালাবুৰ্গা তালুকৰ ভানাপুৰত এখন স্ক’ৰপিঅ’ বাহনক ট্ৰাকে খুন্দিওৱাৰ ফলত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road Accident at Bhanapur in Yalaburga taluk) ৷

উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় একেটা পৰিয়ালৰ ৫ জনকৈ সদস্য ৷ গুৰুতৰভাৱে আহত হয় চাৰিজন লোক । নিহত কেইজন ক্ৰমে বিন্নালা গাঁৱৰ একেটা পৰিয়ালৰ দেৱপ্পা কোপ্পাদা (৬২), গিৰিজাম্মা (৪৫), শান্তম্মা (৩২), পাৰ্বতম্মা (৩২) আৰু কস্তুৰী (২২) । আনহাতে আহত দুজন হৈছে ড্ৰাইভাৰ হৰ্ষবৰ্ধন (৩৫), পল্লৱী (২৮), পুত্তৰাজা (৭) আৰু ভূমিকা (৫)।

তথ্য অনুসৰি, শনিবাৰে নিশা আত্মীয়ৰ নাতিনীয়েকৰ জন্মদিনৰ পাৰ্টিৰ পৰা আন ৮ জন লোকৰ সৈতে গৃহাভিমুখে স্ক’ৰপিঅ’ বাহনত আহি আছিল পৰিয়ালটো ৷ কিন্তু য়ালাবুৰ্গা তালুকৰ ভানাপুৰত স্ক’ৰপিঅ’ বাহনখনক ট্ৰাকে খুন্দিৱাই উক্ত স্থানৰ পৰা পলায়ন কৰে (Hit and run case in Karnataka) ৷

উল্লেখ্য যে, মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক: Road accident in Andhra Pradesh: পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ পাঁচগৰাকী সদস্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.