ETV Bharat / bharat

Road accident in Andhra Pradesh: পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ পাঁচগৰাকী সদস্যই

author img

By

Published : Jul 24, 2022, 9:55 AM IST

Updated : Jul 24, 2022, 10:57 AM IST

এক শোকাৱহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰে 5 জনকৈ সদস্যৰ ৷ ট্ৰাকৰ সৈতে হোৱা এখন অটোৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

family-of-five-members-died-on-road-accident-at-annamaya-in-andhra-pradesh
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ পাঁচগৰাকী সদস্যই

নেশ্যনেল ডেস্ক, 24 জুলাই: অন্ধ্ৰ প্ৰদেশৰ অন্নমায়া জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা (Fatal road accident in Annamaya)। ট্ৰাকৰ সৈতে হোৱা এখন অটোৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় একেটা পৰিয়ালৰে পাঁচগৰাকীকৈ সদস্যৰ ৷ দুৰ্ঘটনা সময়ত অটোখনত আছিল ৬ জনলোক । কথমপি প্ৰাণ ৰক্ষা পৰে এজনৰ (Road accident news)৷

তথ্য অনুসৰি, নিজৰ তিনিমহীয়া পুত্ৰৰ অন্নপ্ৰাসন অনুষ্ঠিত কৰি অটোত গৃহাভিমুখে আহি আছিল অটোচালকজনৰ পৰিয়ালটো ৷ কিন্তু ৰেলৱেকোদুৰ মণ্ডলৰ বি.কাম্মাপল্লী অঞ্চলত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় অটোখনৰ (Truck Auto collapsed) ৷ দুগৰাকী মহিলা আৰু এটি শিশুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত মৃত্যু হয় আন এগৰাকী মহিলা আৰু এটি শিশুৰ ৷

ইফালে এই ঘটনাত প্ৰাণ ৰক্ষা পৰে চালকজনৰ ৷ কিন্তু পৰিয়ালৰ পাঁচোগৰাকী সদস্যক হেৰুৱাই শোকত ভাগি পৰিছে ব্যক্তিগৰাকী ৷

লগতে পঢ়ক: Road accident in Diphu: ডিফুত পথ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকক গ্ৰেপ্তাৰ

Last Updated :Jul 24, 2022, 10:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.