ETV Bharat / bharat

নক্সালবাদীৰ আইইডি আক্ৰমণত শ্বহীদ এজন চিআৰপিএফৰ এচিষ্টেন্ট কমাণ্ডেন্ট

author img

By

Published : Nov 29, 2020, 7:21 AM IST

Updated : Nov 29, 2020, 8:50 AM IST

নক্সালবাদীৰ আক্ৰমণত আহত পাঁচগৰাকীকৈ চিআৰপিএফ জোৱান
নক্সালবাদীৰ আক্ৰমণত আহত পাঁচগৰাকীকৈ চিআৰপিএফ জোৱান

চট্টিশগড়ৰ সুকমা জিলাৰ চিন্তাফুগা অৰণ্যত নক্সালবাদীয়ে সংঘটিত কৰা আইইডি বিস্ফোৰণত শ্বহীদ হ'ল এগৰাকী এচিষ্টেন্ট কমাণ্ডেন্ট ৷ আহত দহ গৰাকী চিআৰপিএফৰ জোৱান ৷ আহত জোৱান কেইগৰাকী চিআৰপিএফ ৰ 206 কোব্ৰা বেটেলিয়নৰ বুলি জানিব পৰা গৈছে ৷

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : চট্টিশগড় সুকমা জিলাত নক্সালবাদীয়ে সংঘটিত কৰা আইইডি বিস্ফোৰণত বিস্ফোৰণত শ্বহীদ এচিষ্টেন্ট কমাণ্ডেন্ট নীতিন মালেৰাৱ ৷ আক্ৰমণত আহত দহগৰাকীকৈ চিআৰপিএফৰ জোৱান ৷ আহত দহগৰাকীৰ ভিতৰত তিনি গৰাকীৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে ৷

সুকমা জিলাৰ চিন্তাফুগা অৰণ্য অঞ্চলত সংঘটিত বিস্ফোৰণত চিআৰপিএফ ৰ 206 কোব্ৰা বেটেলিয়নৰ এই জোৱান কেইগৰাকী আহত হয় ৷ আঘাতপ্ৰাপ্ত জোৱান সকলক হেলিকপ্তাৰেৰে উদ্ধাৰ কৰা হৈছে বিষয়াসকলে জানিবলৈ দিয়ে ৷ আঘাতপ্ৰাপ্ত চিআৰপিএফ ৰ 206 কোব্ৰা বেটেলিয়নৰ এই জোৱান কেইগৰাকীৰ ভিতৰত এগৰাকী ছেকণ্ড-ইন-কমাণ্ড (2আইচি) বিষয়া লগতে এগৰাকী এচিষ্টেন্ট কমাণ্ডেন্ট আছিল ৷

এক বিবৃতি যোগে আঘাতপ্ৰাপ্ত আটাইকেইগৰাকীকে চিকিৎসা কৰি থকা হৈছে বুলি চিআৰপিএফৰ কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ বুৰ্কপাল কেম্পত দুগৰাকী জোৱানৰ চিকিৎসা চলি থকাৰ পৰিৱৰ্তে আহত বাকী কেইগৰাকী জোৱানক হেলিকপ্তাৰেৰে ৰায়পুৰলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহৰা নাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি

Last Updated :Nov 29, 2020, 8:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.