ETV Bharat / state

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহৰা নাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি

author img

By

Published : Nov 28, 2020, 11:00 PM IST

মুখ্যমন্ত্ৰী সোণোৱালে ডিব্ৰুগড়ৰ সাংসদ হৈ থাকোতেই মৰাণ বিধানসভা সমষ্টিৰ লেজাইত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ কথা ভাৱি কিছু ধনৰ আবন্টন দিছিল। কিন্তু নিৰ্মান সম্পূৰ্ণ নোহোৱাকৈ থাকি যোৱাত ব্যৱহাৰৰ অনুপযোগী হৈ থাকিল ৰাজহুৱা প্ৰেক্ষাগৃহটো ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহৰা নাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহৰা নাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি

মৰাণ,28 নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল । সাংসদ হিচাপে সৰ্বানন্দ সোণোৱালে সেই সময়ত বহু কাম কৰিছিল যদিও বহু কাম আধৰুৱা হৈ থাকিল । কিন্তু মুখ্যমন্ত্ৰী সোণোৱালে যেন আজিও সেই আধৰুৱা কামসমূহ পাহৰা নাই । বিধায়ক সমূহক নিৰ্দেশ দি তেওঁৰ আধৰুৱা কাম সমূহ সম্পূৰ্ণকৈ কৰাৰ বাবে নিৰ্দেশ দিছে সোণোৱালে ।

মুখ্যমন্ত্ৰী সোণোৱালে ডিব্ৰুগড়ৰ সাংসদ হৈ থাকোতেই মৰাণ বিধানসভা সমষ্টিৰ লেজাইত এটা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ কথা ভাৱি কিছু ধনৰ আবন্টন দিছিল। কিন্তু নিৰ্মান সম্পূৰ্ণ নোহোৱাকৈ থাকি যোৱাত ব্যৱহাৰৰ অনুপযোগী হৈ থাকিল ৰাজহুৱা প্ৰেক্ষাগৃহটো । মুখ্যমন্ত্ৰী সোণোৱালে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈক CM UNTIED FUND পুঁজিয়ে লেজাই ৰাজহুৱা প্ৰেক্ষাগৃহ পুনৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়াত এতিয়া প্ৰেক্ষাগৃহ পুনৰ নিৰ্মাণ কৰি থকা হৈছে। প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ কৰি বিধায়ক চক্ৰধৰ গগৈয়ে কয়, মুখ্যমন্ত্ৰীয়ে আমাক এই কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব দিছে । কমদিনৰ ভিতৰত কাম শেষ কৰাৰ পৰামৰ্শ দিছে। মুঠৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহৰা নাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি ।

লগতে পঢ়কঃ কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.