ETV Bharat / bharat

Independent Indias First Voter Shyam Saran Negi Dies : স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই

author img

By

Published : Nov 5, 2022, 9:06 AM IST

Updated : Nov 5, 2022, 9:33 AM IST

স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই (First voter of independent India Shyam Saran Negi passes away) ৷ 105 বছৰ বয়সত শনিবাৰে মৃত্যু হয় শ্যাম চৰণ নেগীৰ ৷

First voter of independent
স্বাধীন ভাৰতৰ দেশৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই

নেশ্যনেল ডেস্ক, 5 নৱেম্বৰ : শ্যাম চৰণ নেগী আৰু নাই ৷ শ্যাম চৰণ নেগী আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভোটাৰ (Country's first voter Shyam Saran Negi passes away) ৷ আজি অৰ্থাৎ শনিবাৰে পুৱতি নিশা মৃত্যু বৰণ কৰা নেগীৰ ৰাজ্যিক মৰ্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব (Funeral of Shyam Saran Negi will be held with full state dignity)৷ মৃত্যুৰ সময়ত নেগীৰ বয়স আছিল 105 বছৰ ৷

উল্লেখ্য যে, কিন্নৌৰৰ বাসিন্দা শ্যাম চৰণ নেগীয়ে 2022 চনৰ 2 নৱেম্বৰত বিধানসভা নিৰ্বাচনত শেষবাৰৰ বাবে ডাকৰ জৰিয়তে ভোটদান কৰিছিল । বৰ্তমানলৈকে প্ৰয়াত নেগীয়ে 34 বাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণতে অসুস্থ হৈ আছিল নেগী ৷ স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰগৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ দেশতে পৰিছে শোক ছাঁ (Country's first voter Shyam Saran Negi is no more) ৷

First voter of independent
স্বাধীন ভাৰতৰ দেশৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই

তথ্য অনুসৰি, প্ৰয়াত নেগী স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰসকলৰ ভিতৰত অন্যতম আছিল ৷ 1952 চনৰ পৰাই তেওঁ প্ৰতিটো সাধাৰণ নিৰ্বাচনতে ভোটদান কৰি আহিছিল । স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন 1952 চনত অনুষ্ঠিত হৈছিল ৷

অৱশ্যে হিমাচল প্ৰদেশৰ জনজাতীয় অঞ্চলত তুষাৰপাতৰ বাবে 1951 চনৰ অক্টোবৰত পাঁচ মাহ পূৰ্বেই ৰাজ্যখনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । পেছাত স্কুলমাষ্টাৰ নেগীয়ে 1951 চনৰ 25 অক্টোবৰত পোন প্ৰথমবাৰৰ বাবে নিজৰ গণতান্ত্ৰিক অধিকাৰ অৰ্থাৎ ভোটাধিকাৰ সাব্যস্ত কৰিছিল ।

উল্লেখ্য যে, 2007 চনত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰয়াত স্কুলমাষ্টাৰ নেগীক আনুষ্ঠানিকভাৱে স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ হিচাপে ঘোষণা কৰা কৰিছিল । তিনি বছৰ পিছত অৰ্থাৎ 2010 চনৰ জুন মাহত তদানীন্তন মুখ্য নিৰ্বাচন আয়ুক্ত নবীন চাওলাই কল্পাৰ এখন সভাত নেগীক দেশৰ প্ৰথম ভোটাৰ হিচাপে অভিনন্দন জ্ঞাপন কৰিছিল ৷

লগতে পঢ়ক : Death anniversary of Bhupen Hazarika : আজি যাযাবৰী শিল্পী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী

Last Updated :Nov 5, 2022, 9:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.