ETV Bharat / bharat

INDIA Or BHARAT ROW: ব্ৰিটিছৰ প্ৰতি যদি ইমান ঘৃণা, তেন্তে বিজেপিয়ে প্ৰথমে ৰাষ্ট্ৰপতি ভৱন খালী কৰক; অধীৰ ৰঞ্জন চৌধুৰী

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:41 PM IST

Updated : Sep 6, 2023, 8:53 PM IST

INDIA Or BHARAT ROW
INDIA Or BHARAT ROW

কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ‘INDIA বা ভাৰত’ বিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে যদি ব্ৰিটিছসকলৰ প্ৰতি ইমান ঘৃণা থাকে, তেন্তে বিজেপিয়ে প্ৰথমে ৰাষ্ট্ৰপতি ভৱন খালী কৰা উচিত। সৱিশেষ পঢ়ক...

নেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ: জি-20 বৈঠকত অংশগ্ৰহণ কৰা বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলক ৰাষ্ট্ৰপতি ভৱনত নৈশ আহাৰৰ বাবে প্ৰেৰণ কৰা আমন্ত্ৰণি পত্ৰত ‘INDIA’ৰ সলনি ‘ভাৰত’ লিখাৰ বাবে দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়েও এই সিদ্ধান্তৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা কৰিছে ৷ তেওঁ কয় যে সংবিধান ‘সলনি’ কৰা এয়া প্ৰথম পদক্ষেপ ৷

সংবাদ সংস্থা ANIৰ সৈতে হোৱা এক বাৰ্তালাপত অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে (BJP) বিৰোধী মিত্ৰজোঁট - ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স গঠন হোৱাৰ পিছৰে পৰা ‘INDIA’ শব্দটোক লৈ ‘ভয়’ খাইছে ৷

তেওঁ কয় যে I.N.D.I.A ব্লক গঠন হোৱাৰ পিছৰে পৰা ‘INDIA’ৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ ঘৃণা বৃদ্ধি পাইছে । চৌধুৰীয়ে কয়, ‘‘যদি ব্ৰিটিছ শাসনৰ ক্ষেত্ৰত বিজেপিৰ ইমানেই সমস্যা থাকে, তেন্তে তেওঁলোকে তৎক্ষণাৎ ৰাষ্ট্ৰপতি ভৱন এৰি যোৱা উচিত ৷’’ বাহিৰৰ লোক’ৰ শব্দৰ প্ৰতি বিজেপিৰ যদি সমস্যা আছে তেন্তে ‘হিন্দু’ শব্দটোও তেওঁলোকে সলনি কৰক বুলিও অধীৰ ৰঞ্জনে কয় ৷

তেওঁ প্ৰশ্ন কৰি কয়,‘‘ এতিয়া আপোনালোকে খেলো ইণ্ডিয়া, ষ্টাৰ্ট-আপ ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়া বুলি নক’ব নেকি ? আমাৰ ‘ভাৰত’ শব্দৰ সৈতে কোনো সমস্যা নাই ৷ মই কেৱল পৰামৰ্শ দিব বিচাৰো যে তেওঁলোকে (বিজেপি) প্ৰথমে ‘হিন্দু’ শব্দটো সলনি কৰিব লাগে কিয়নো ইয়াক বিদেশীসকলে দিয়া আৰু ‘ভাৰত’ শব্দটোও বিদেশীয়ে দিয়া ৷ এই সকলোবোৰ সংবিধান সলনি কৰাৰ লক্ষণ । তেওঁলোকে সংবিধানৰ প্ৰথম অনুচ্ছেদটো সলনি কৰিব বিচাৰে য’ত কোৱা হৈছে - ইণ্ডিয়া ডেট ইজ ভাৰত (India that is Bharat) ৷

সাংসদ অধীৰ ৰঞ্জনে আৰু কয়, ‘‘দেশৰ জনসাধাৰণে সিদ্ধান্ত ল’ব লাগে যে দেশৰ বাবে দুটা নাম থাকিব লাগে নে যিমান বিচাৰে সিমান ৷ এইটো কেৱল কেইজনমান মানুহে সিদ্ধান্ত লোৱা উচিত নহয় । দেশৰ জনসাধাৰণ এই প্ৰক্ৰিয়াত জড়িত হোৱা উচিত । তেওঁলোকে সিদ্ধান্ত লোৱা উচিত যে তেওঁলোকে দেশৰ বাবে দুটা নাম বিচাৰে নে এটা বা বহুতো ৷’’

লক্ষণীয়ভাৱে, চৰকাৰে প্ৰথমবাৰৰ বাবে চৰকাৰী আমন্ত্ৰণত ‘Republic of India’ৰ পৰিৱৰ্তে ‘Republic of Bharat’ ব্যৱহাৰ কৰিছে ৷ আছিয়ান-ভাৰত সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰীৰ আগন্তুক ইণ্ডোনেছিয়া ভ্ৰমণ সন্দৰ্ভত প্ৰকাশ কৰা এখন চৰকাৰী পুস্তিকাত তেওঁক ‘ভাৰত’ৰ প্ৰধানমন্ত্ৰী বুলিও উল্লেখ কৰা হৈছে ৷

কেন্দ্ৰৰ এই পদক্ষেপে এতিয়া এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে ৷ কংগ্ৰেছ আৰু অন্যান্য দলৰ নেতাসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে, আনহাতে শাসকীয় চৰকাৰে এই সিদ্ধান্তক আদৰণি জনাইছে । I.N.D.I.A ব্লকৰ নেতাসকলে দাবী কৰিছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহে লাভ কৰা জনপ্ৰিয়তাক লৈ বিজেপি উদ্বিগ্ন হৈ পৰিছে ৷

লগতে পঢ়ক: Parliament special session: 9 টা বিষয়ত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ চিঠি ছোনিয়া গান্ধীৰ

Last Updated :Sep 6, 2023, 8:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.