ETV Bharat / bharat

World Athletics Championships 2023 : বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:06 AM IST

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক ৷ সোমবাৰে পুৱা ভাৰতৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত লাভ কৰে সোণৰ পদক ৷ বুডাপেষ্টত অনুষ্ঠিত পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত পাকিস্তানৰ আৰ্ছাদ নাদীমক পৰাস্ত কৰি ন-ইতিহাস ৰচনা কৰে নীৰজে।
World Athletics Championships 2023
স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 আগষ্ট: পুনৰ দেশলৈ গৌৰৱ কঢ়িয়ালে অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই ৷ সোমবাৰে ভাৰতৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ পদক দখল কৰে ৷ হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টৰ ফাইনেলত পাকিস্তানৰ আৰ্ছাদ নাদীমক পৰাজিত কৰে নীৰজে ৷

নাদীমক এক মিটাৰতকৈও কম ব্যৱধানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে । দ্বিতীয়টো প্ৰচেষ্টাত নীৰজে 88.17 মিটাৰ সৰ্বোত্তম থ্ৰ’ ৰেকৰ্ড কৰি শেষলৈকে নিজৰ অগ্ৰগতি অক্ষত ৰাখিবলৈ সক্ষম হয় । 87.82 মিটাৰ থ্ৰ’ কৰি কমনৱেলথ গেমছৰ চেম্পিয়ন নদীমে ৰূপৰ পদক লাভ কৰে ।

চেক গণৰাজ্যৰ জাকুব ভাডলেইচে 86.67 মিটাৰ সৰ্বোত্তম থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰে । কিশোৰ জেনাই (84.77 মিটাৰৰ শ্ৰেষ্ঠ) পঞ্চম স্থান লাভ কৰাৰ বিপৰীতে ডি পি মানুৱে (84.14 মিটাৰৰ শ্ৰেষ্ঠ) ষষ্ঠ স্থান লাভ কৰে । এতিয়া বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ হাতত আছে সকলো ৰঙৰ পদক । যোৱা বছৰ ৰূপৰ পদক অৰ্জন কৰাৰ পিছত বিশ্ব চেম্পিয়নশ্বিপত লাভ কৰে নীৰজে দ্বিতীয়টো পদক । নীৰজে দুটা পদক লাভ কৰাৰ পূৰ্বে ভাৰতৰ শেষ পদক বিজয়ী আছিল অঞ্জু ববি জৰ্জ ৷ 2003 চনৰ বিশ্ব চেম্পিয়নশ্বিপত মহিলাৰ লং জাম্পৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল জৰ্জে ।

প্ৰথম ৰাউণ্ডৰ প্ৰচেষ্টাত ফিনলেণ্ডৰ অলিভাৰ হেলেণ্ডাৰে 83.38 মিটাৰ থ্ৰ’ৰে অগ্ৰগতি লাভ কৰে । নীৰজ চোপ্ৰাৰ প্ৰথম থ্ৰ’টো ফাউল হয় । কিশোৰ জেনা আৰু ডি পি মনুৰ প্ৰথম থ্ৰ’ ক্ৰমে 75.70 মিটাৰ আৰু 78.44 মিটাৰ ।

দ্বিতীয় ৰাউণ্ডৰ প্ৰচেষ্টাত চেক গণৰাজ্যৰ জাকুব ভাডলেইচে 84.18 মিটাৰ থ্ৰ’ৰে অগ্ৰগতি লাভ কৰে । নীৰজে 88.17 মিটাৰ দৈৰ্ঘৰে অগ্ৰগতি লাভ কৰে। মনুৰ দ্বিতীয়টো চেষ্টা ফাউল আছিল । দ্বিতীয় ৰাউণ্ডৰ প্ৰচেষ্টাৰ অন্তত নীৰজে বৃহৎ 88.17 মিটাৰ দৌৰত আগবাঢ়িছিল । 25 বছৰীয়া খেলুৱৈগৰাকীৰ কৃতিত্বত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ ভাৰতবাসী ৷

লগতে পঢ়ক: Indian athletic team: এছিয়ান অভিলেখ গঢ়ি বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰত; প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.