ETV Bharat / bharat

জোৰাম পিপলছ মুভমেন্টৰ অভ্যুত্থানৰ আঁৰৰ কাহিনী

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 9:57 PM IST

Updated : Dec 4, 2023, 10:48 PM IST

ZORAM PEOPLE MOVEMENT
ZPM pulls off stunner in Mizoram

৪০ খন আসন বিশিষ্ট মিজোৰাম বিধানসভাৰ ২৭ খন আসন লাভ কৰি ৰাজ্যখনত ধুমুহাৰ দৰে ক্ষমতা দখল কৰে জোৰাম পিপলছ মুভমেণ্টে । ZPM হৈছে এটা মঞ্চৰ অধীনলৈ অহা ছটা ৰাজনৈতিক সংগঠনৰ দ্বাৰা গঠিত মিত্ৰজোঁট । ইটিভি ভাৰতৰ সঞ্জীব গুহৰ এক প্ৰতিবেদন...

নিউজ ডেস্ক, 4 ডিচেম্বৰ: ২০১৫ চনত দিল্লীত আম আদমী পাৰ্টিয়ে যি কৰিছিল, জোৰাম পিপলছ মুভমেণ্টেও মিজোৰামত ৮ টা বৰ্ষৰ পিছত একেধৰণৰ কামেই কৰিলে। ভাৰতীয় ৰাজনীতিত নবীনসকলৰ যাত্ৰাৰ কিছু মিল আছে ।

তেতিয়াৰ পোষ্টাৰ মেন আৰু অভিজ্ঞ প্ৰচাৰক নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ভাৰতীয় ৰাজহ সেৱাৰ (আই আৰ এছ) বিষয়া অৰবিন্দ কেজৰিৱাল । মিজোৰামত ২০১৭ চনত গঠিত জোৰাম পিপলছ পাৰ্টী চমুকৈ ZPM ৰ মুৰব্বী প্ৰাক্তন আই পি এছ বিষয়া লালডুহোমা ছয় বছৰৰ পাছত মিজোৰামৰ ৰাজনৈতিক পৰিৱেশত এক গুৰুত্বপূৰ্ণ নেতা হৈ পৰিছে ।

তিনিখন ৰাজ্যত বিজেপিৰ ব্যাপক সাফল্য তথা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বিপৰীতে মিজোৰাম আছিল অলপ বেলেগ । সোমবাৰে নাম প্ৰকাশ নকৰাকৈ মিজোৰামৰ এগৰাকী ৰাজনৈতিক বিশ্লেষকে ইটিভি ভাৰতক কয় যে যোৱা নিৰ্বাচনত ZPM এ মিজো নেশ্যনেল ফ্ৰণ্ট (MNF)ক বিজয় দিশে ঠেলি পঠিওৱাত ডাঙৰ ভূমিকা আছিল প্ৰতিষ্ঠান বিৰোধী আৰু স্থানীয় সমস্যা ।

জো বা জোৰাম হৈছে মিজো আৰু তেওঁলোকৰ মিত্ৰ গোটৰ ভাতৃসকলেৰে গঠিত মানুহৰ এটা বৃহত্তৰ গোট । জোৰাম পিপলছ মুভমেণ্ট হৈছে এটা মঞ্চৰ অধীনলৈ অহা ছটা ৰাজনৈতিক সংগঠনৰ দ্বাৰা গঠিত মিত্ৰজোঁট । ছবছৰ পূৰ্বে মিজোৰাম পিপলছ কনফাৰেন্স, জোৰাম নেচনেলিষ্ট পাৰ্টি, জোৰাম এক্সোডাছ মুভমেণ্ট, জোৰাম ডিচেন্ট্ৰেলাইজেশ্যন ফ্ৰণ্ট, জোৰাম ৰিফৰ্মেচন ফ্ৰণ্ট, মিজোৰাম পিপলছ পাৰ্টীয়ে একত্ৰিত হৈ জেড পি এম গঠন কৰিছিল ।

কিন্তু ২০১৮ চনত মিত্ৰজোঁটে ৰাজনৈতিক অভিষেকৰ সময়ত মাত্ৰ ৮খন আসনতে সন্তুষ্ট হ’বলগীয়া হৈছিল । কিন্তু ৰাজনৈতিক ধাৰণাটোৰ বয়স বিবেচনা কৰিলে সেয়া বেয়া ফলাফল নাছিল । ঠিক পিছৰ বছৰতে এই মিত্ৰজোঁটক ভাৰতীয় নিৰ্বাচন আয়োগে (ইচিআই) স্বীকৃতি দিয়ে । সেই বছৰতে সৰ্ববৃহৎ মিত্ৰ মিজোৰাম পিপলছ কনফাৰেন্সে মিত্ৰজোঁট ত্যাগ কৰে ।

ZPM-এ প্ৰথমে বিভিন্ন সমস্যা সমাধানৰ চেষ্টা কৰিছিল যিবোৰৰ সৈতে মিজোসকলে যুঁজি আছিল । ২০২৩ চন আহিল, ZPM-এ অধিক শক্তিৰ সৈতে ৰণক্ষেত্ৰত নামি পৰিল ৷ যাতে অৱশেষত বিজয়ৰ ৰংৰে মিজোৰামৰ আকাশত উৰিব পাৰে । নিৰ্বাচনৰ পিছত এগজিট প’লৰ প্ৰতিবেদনতো ZPM মিত্ৰজোঁট বিজয়ী হ’ব বুলি কোৱা হৈছিল ৷ যিটো সোমবাৰে সত্য বুলি প্ৰমাণিত হয়, ফলাফল ঘোষণাৰ পিচত ৷

লালডুহোমা কোন ?
ZPM গঠনৰ আঁৰৰ থিংকটেংক আছিল প্ৰাক্তন আই পি এছ বিষয়া তথা কংগ্ৰেছী লালডুহোমা । ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত থকা ৭২ বছৰীয়া লালডুহোমাই পৰৱৰ্তী সময়ত কংগ্ৰেছৰ পৰা টিকট লাভ কৰি ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত মিজোৰামৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ।

ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ হোৱাৰ বাবে লালডুহোমাক ১৯৮৪ চনত মিজোৰামত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হয় । কোৱা হয় যে তেওঁ মিজোৰামত কংগ্ৰেছৰ দায়িত্ব লোৱাৰ ঠিক পাঁচ মাহৰ পাছত সেই বৰ্ষৰে ৩১ অক্টোবৰত ইন্দিৰা গান্ধীক সাক্ষাৎ কৰাৰ কথা আছিল ৷ কিন্তু ৩১ অক্টোবৰতে গান্ধীক গুলীয়াই হত্যা কৰাৰ বাবে এই বৈঠক কেতিয়াও অনুষ্ঠিত নহ’ল ।

কিন্তু ১৯৮৬ চনত লালডুহোমাই গ্ৰেণ্ড অল্ড পাৰ্টীটো এৰি মিজোৰাম সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত ১৯৮৫ চনৰ এণ্টি-ডিফেকচন আইন উলংঘা কৰা দেখা গৈছিল । ১৯৮৮ চনত এই আইনৰ অধীনত অযোগ্য ঘোষণা কৰা প্ৰথমজন সাংসদ লালডুহোমাই নিজাকৈ মিজো নেচনেল ইউনিয়ন গঠন কৰিছিল, যি পিছলৈ কাৰ্যকৰী সভাপতি হিচাপে মিজোৰাম পিপলছ কনফাৰেন্সৰ সৈতে একত্ৰিত হৈছিল ।

কংগ্ৰেছ আৰু MNF ৰ শাসনৰ অন্ত

মিজোৰামে কংগ্ৰেছৰ শাসন আগতেই দেখিছে আৰু পূৰ্বৰ নিৰ্বাচনত নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ৰ মিত্ৰ এম এন এফৰ সৈতে মোকাবিলা কৰিছিল ৷ ৰাজ্যখনে শক্তিশালী প্ৰহৰী বিচাৰিছিল । দেশৰ উত্তৰ-পূবৰ আটাইতকৈ অনুশাসিত ৰাজ্য হিচাপে অভিহিত মিজোৰামত ৪০খন বিধানসভাৰ আসনৰ বাবে নিৰ্বাচন হৈছিল ৷ বিজেপিয়ে MNF ৰ দ্বিতীয়টো কাৰ্যকালৰ আশা কৰি মাত্ৰ ১৩খন আসনত প্ৰাৰ্থী দিছিল । কেজৰিৱাল নেতৃত্বাধীন আপ দলেও ইয়াত চাৰিখন বিধানসভা সমষ্টিৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

আমোদজনক কথাটো হ’ল, যেতিয়া দেখা যায় যে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ মানুহে I.N.D.I.A. মিত্ৰতাক নাকচ কৰি পৰৱৰ্তী পাঁচ বছৰ শাসন কৰিবলৈ গেৰুৱা দলক বাছি ল’লে, তেতিয়া মিজোৰামে ZPM ৰ ছয়টা দলৰ মিত্ৰজোঁট বাছি লৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আৰু তেওঁৰ MNF ক গাদীচ্যুত কৰিলে । আনকি জোৰামথাংগাও আইজল ইষ্ট-১ সমষ্টিৰ পৰা পৰাস্ত হ’ল ।

ZPM ৰ আত্মপ্ৰকাশ
২০১৮ চনৰ বিধানসভা নিৰ্বাচনত জোৰামথাংগাৰ নেতৃত্বত MNF এ(২৬) তেতিয়াৰ ৰাজনৈতিক শিশু ZPM (৮)ক পিছলৈ ঠেলি চৰকাৰ গঠন কৰিছিল । তেওঁৰ কাৰ্যকালত ঘোষণা কৰিছিল যে মিজোৰামে ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীক আদৰিবলৈ সাজু । হয়তো এয়া জোৰামথাংগাৰ পৰৱৰ্তী সময়ত ভোট লাভৰ শেষ প্ৰচেষ্টা আছিল ।

ৰাজনৈতিক বিশ্লেষকগৰাকীয়ে কয় যে, ‘‘ভাৰতীয় ৰাজ্য হোৱাৰ বাবে মিজোৰামে ম্যানমাৰৰ শৰণাৰ্থীসকলৰ বাবে অনুমোদন ঘোষণা কৰাত সোনকালে এই সিদ্ধান্তই ভোটলৈ ৰূপান্তৰিত হ’ব বুলি ভাবিছিল ৷ কিন্তু জোৰামথাংগাৰ ক্ষেত্ৰত সেয়া নহ’ল ।’’ লগতে অৰবিন্দ কেজৰিৱালক নিজৰ স্বচ্ছ ভাৱমূৰ্তি আৰু দুৰ্নীতি বিৰোধী স্থিতিৰ বাবে দিল্লীৰ ৰাইজে জনমত দিয়াৰ বাবে ZPM ৰ প্ৰতিষ্ঠাপক লালডুহোমাৰ স্বয়ং কংগ্ৰেছৰ পক্ষপাতিত্বৰ ক্লীন শ্বীট আছিল । বিশ্লেষকগৰাকীয়ে অনুভৱ কৰে যে লালডুহোমাৰ জনসাধাৰণৰ সৈতে সংযোগে দলটোৰ বাবে আচৰিত কাম কৰিছিল ৷ কাৰণ তেওঁ বিখ্যাত ফুটবলাৰ জেজে লালপেখলুৱা আৰু অন্যান্যৰ দৰে প্ৰাৰ্থীক দলত অন্তৰ্ভুক্ত কৰিছিল ।

২০২৩ চনৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ
কিন্তু দেওবাৰে ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলত সমগ্ৰ দেশতে স্থান লাভ কৰা বিজেপিয়ে উত্তৰ-পূব ৰাজ্যখনত বিশেষ সফলতা লাভ কৰাত ব্যৰ্থ হয় । এই জনদেশ এম এন এফৰ সপক্ষে যোৱা হ’লে কেন্দ্ৰৰ শাসকীয় দল বিজেপিৰ উত্তৰ-পূবৰ ওপৰত অধিক নিয়ন্ত্ৰণ থাকিলহেঁতেন ৷ ইতিমধ্যে অসম, ত্ৰিপুৰা, মণিপুৰ তেওঁলোকৰ দখলত আছে । ইফালে অৰবিন্দ কেজৰিৱালৰ দৰে লালডুহোমা ৰাজনৈতিক মহলত কোনো ‘ৰুকী’ নহয় ।

ZPM ৰ সপক্ষে এই জনাদেশে স্থানীয় সমস্যাসমূহ পূৰ্বতকৈ অধিক সমাধান কৰাত সহায় কৰিব । যদি লালডুহোমাক বিশ্বাস কৰিব লাগে তেন্তে মিত্ৰজোঁটে NDA বা বিৰোধী I.N.D.I.A. মিত্ৰজোঁটত যোগদান নকৰে । নির্বাচিত মুখ্যমন্ত্রীগৰাকীয়ে নির্বাচনৰ পূর্বে স্পষ্টকৈ কৈছিল যে তেওঁলোকে দিল্লীৰ শাসন হ’ব নিবিচাৰে ৷ কিন্তু সময়ৰ লগে লগে ভাৰতীয় ৰাজনৈতিক পৰিস্থিতিত জীয়াই থাকিবলৈ ZPM-এ দলটোৰ সৈতে হাত মিলাই নে নিজাকৈ চৰকাৰ গঠন কৰিবলৈ বাছি লয় সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: আপোচবিহীন জোৰামথাংগা: বিদ্ৰোহী শিবিৰৰ পৰা মুখ্যমন্ত্ৰীৰ আসনলৈ...

Last Updated :Dec 4, 2023, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.