ETV Bharat / bharat

শ্বপিয়ান এনকাউণ্টাৰ, নিহত এটা সন্ত্ৰাসবাদী

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 12:24 PM IST

Updated : Jan 5, 2024, 3:09 PM IST

Encounter in Shopian: জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত আছে । চোটিগাম অঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক লক্ষ্য কৰি নিৰাপত্তা বাহিনীৰ গুলীচালনা । নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰত এটা এলইটি সন্ত্ৰাসবাদী নিহত ।

Encounter in Shopian
শ্বপিয়ানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

শ্বপিয়ানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক,৫ জানুৱাৰী : জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত অঞ্চলটোত স্থিৰতা আহিছে বুলি চৰকাৰ তথা প্ৰশাসনে দাবী কৰিছে । কিন্তু এতিয়াও বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে । সন্ত্ৰাসবাদীও অঞ্চলভেদে সক্ৰিয় হৈ থকা দেখা গৈছে । যাৰ বাবে প্ৰায়ে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলি আছে ।

জম্মু আৰু কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চোটিগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে । এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে । নিহত সন্ত্ৰাসবাদীটো চেক চোলানৰ বাসিন্দা বিলাল আহমেদ ভাট বুলি চিনাক্ত হৈছে । সন্ত্ৰাসবাদী সংগঠন এলইটিৰ সৈতে জড়িত আছিল বিলাল । ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে ।

আৰক্ষী সূত্ৰৰ মতে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল বিলাল আহমেদ । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা এ কে চিৰিজৰ ৰাইফল, ৩ টা মেগজিনসহ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে । অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো উদ্ধাৰ কৰিছে ।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানৰ চোটিগাম অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্য পোৱাৰ পিচতে নিৰাপত্তাৰক্ষীয়ে এক তালাচী অভিযান আৰম্ভ কৰিছে । তেওঁ উল্লেখ কৰা মতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে ।

নিৰাপত্তা বাহিনীৰ যুটীয়া দলটোৱে অঞ্চলটো ঘেৰি ধৰাৰ লগতে লুকাই থকা সন্ত্ৰাসবাদীৰ ওপৰত গুলীচালনাও কৰিছে । যাৰ ফলত দুয়োপক্ষৰ মাজত গুলীয়াগুলি আৰম্ভ হৈছে । সন্ত্ৰাসবাদীৰ গুলীচালনাৰ প্ৰত্যুত্তৰ হিচাপে নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰিছে ।

ইফালে, কাশ্মীৰ জ'ন আৰক্ষীয়ে সামাজিক মাধ্যমত এই এনকাউণ্টাৰৰ বিষয়ে তথ্য প্ৰকাশ কৰিছে । এই অভিযানত শ্বপিয়ান আৰক্ষী, সেনা আৰু চিআৰপিএফ নিয়োজিত হৈ আছে ।

লগতে পঢ়ক :জয় শ্ৰী ৰাম ধ্বনিৰে অযোধ্যাৰ পৰা প্ৰথমটো যাত্ৰা বন্দে ভাৰত এক্সপ্ৰেছৰ

Last Updated :Jan 5, 2024, 3:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.