ETV Bharat / bharat

Election Irregularity : নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত জব্দ প্ৰায় ৩৭৬ কোটি টকা

author img

By

Published : May 9, 2023, 12:06 PM IST

নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত টকাৰ উজান । বিভিন্ন স্থানত চলা অভিযানত জব্দ ৩৭৫.৬০ কোটি টকা (Cash seized in Karnataka)। লগতে ৮৩.৬৬ কোটি টকাৰ সুৰা জব্দ হৈছে । ইণ্টেলিজেঞ্চ স্কোৱাড, ফিক্সড চাৰ্ভিলেঞ্চ দল আৰু আৰক্ষীয়ে নিৰ্বাচনৰ আচৰণ বিধি উলংঘন সম্পৰ্কীয় মুঠ ২,৮৯৬ টা গোচৰ ৰুজু কৰিছে ।

Election Irregularity
নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত টকাৰ উজান

নেশ্যনেল ডেস্ক, ৯ মে' : কাইলৈ অৰ্থাৎ বুধবাৰে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন (Karnataka Election 2023)। শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে বিভিন্ন বিভাগ তথা প্ৰশাসন আৰু নিৰ্বাচন আয়োগ সাজু হৈছে । সোমবাৰে সন্ধিয়া নিৰ্বাচনী প্ৰচাৰো সমাপ্ত হৈছে ।

কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত নিৰ্বাচন আয়োগে এতিয়ালৈ জব্দ কৰিছে ৩৭৫.৬০ কোটি টকা (Cash seized in Karnataka)। বিভিন্ন বিভাগৰ অভিযানত নগদ ধনৰ লগতে সুৰা আৰু অবৈধ সামগ্ৰীও জব্দ কৰা হৈছে । এই সময়চোৱাত ২৪.২১ কোটি টকাৰ বিনামূলীয়া উপহাৰ জব্দ হৈছে । ৮৩.৬৬ কোটি টকাৰ ২২.২৭ লাখ লিটাৰ সুৰাও জব্দ কৰিছে (Liquor seized in Karnataka before election)। ইয়াৰ উপৰিও ২৩.৬৬ কোটি টকাৰ ১,৯৫৪ কিলোগ্ৰাম ড্ৰাগছ আৰু ৯৬.৫৯ কোটি টকাৰ সোণ আৰু ৰূপ জব্দ কৰা হৈছে ।

ইয়াৰ উপৰিও ৰাজ্যখনত ইণ্টেলিজেঞ্চ স্কোৱাড (Intelligence Squad), ফিক্সড চাৰ্ভিলেঞ্চ দল (Fixed Surveillance Teams) আৰু আৰক্ষীয়ে নিৰ্বাচনৰ অবৈধ কাৰ্যকলাপ সম্পৰ্কীয় মুঠ ২,৮৯৬ টা গোচৰ ৰুজু কৰিছে । নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা মুঠ ৬৯,৮৬৫ টা অস্ত্ৰ উদ্ধাৰ হৈছে । তাৰ ভিতৰত ১৮ টা অস্ত্ৰ জব্দ কৰা হৈছে আৰু ২০ টা অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে । চিআৰপিচি আইনৰ অধীনত ৫,৭৭৯ টা গোচৰ ৰুজু কৰা হৈছে । তাৰে ভিতৰত ১১,৮১৯ জন ব্যক্তিৰ পৰা ক'ভাৰ লেটাৰ পোৱা গৈছে । ১৭,২৫১ টা জামিন বিহীন ৱাৰেণ্ট জাৰি কৰা হৈছে ।

আবকাৰী বিভাগে ৩,৫৯৫ টা স্পৰ্শকাতৰ গোচৰ ৰুজু কৰাৰ লগতে সুৰাৰ অনুজ্ঞা পত্ৰ উলংঘনৰ ৩,৩৬৬ টা গোচৰ, এনডিপিএছৰ অধীনত ১০২ টা গোচৰ আৰু কৰ্ণাটক আবকাৰী আইন, ১৯৬৫ৰ ধাৰা ১৫ (এ)ৰ অধীনত মুঠ ৩৫,৮৭৬ টা গোচৰ ৰুজু কৰিছে (Excise raid in Karnataka before election)। বিভিন্ন ধৰণৰ প্ৰায় ২,৫০১ খন বাহনো জব্দ কৰা হৈছে ।

বেংগালুৰু মহানগৰ জিলাৰ বাসৱানাগুড়ি বিধানসভা সমষ্টিত আয়কৰ বিভাগে নগদ ১ কোটি ১০ লাখ টকা আৰু ৯৭ লাখ ৫৬ হাজাৰ ৬২৫ টকাৰ ১.৮৫৫ কিলোগ্ৰাম সোণ জব্দ কৰে । ইণ্টেলিজেঞ্চ স্কোৱাডে মাণ্ড্য জিলাৰ মাদ্দুৰ বিধানসভা সমষ্টিৰ পৰা ২ কোটি টকা জব্দ কৰে । একেদৰে, মাণ্ড্য জিলাৰ শ্ৰীৰঙ্গপাটনা বিধানসভা সমষ্টিত চোৰাংচোৱা সংস্থাই ৫০ লাখ টকা জব্দ কৰিছে । বেলগাঁও জিলাৰ বেইলাহোংগালা বিধানসভা সমষ্টিত অভিযানকাৰী দলে ২৫ লাখ ১০ হাজাৰ টকাৰ বিনামূলীয়া উপহাৰ জব্দ কৰিছে (Free gift seized in Karnataka)।

নিৰ্বাচনী ফ্লাইং স্কোৱাডে যোৱা নিশা হাভেৰী জিলাৰ শিগমভি বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী য়াছিৰ খান পাঠানৰ এখন হোটেলত অভিযান চলায় (IT raid against Congress candidate in Karnataka)। ফ্লাইং স্কোৱাডে বাংকাপুৰ টোল নাকাৰ ওচৰৰ হোটেলখনত তালাচী চলাই ৬ লাখ টকা জব্দ কৰে । কোৱা হয় যে এই ধন ভোটাৰসকলক বিতৰণ কৰিবলৈ ৰখা হৈছিল । তথ্য অনুসৰি কাগজৰ প্ৰতিটো খামত প্ৰায় ৩ হাজাৰ কৈ টকা ৰখা হৈছিল ।

নিৰ্বাচনী বিষয়াসকলে বাংকাপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে । য়াছিৰ খান পাঠানে শিগমভি সমষ্টিত মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছে । ইয়াৰ পূৰ্বে, কংগ্ৰেছে এই সমষ্টিটোৰ বাবে ইউছুফ চাভানুৰক নিৰ্বাচিত কৰিছিল । পাচত, চাভানুৰৰ পৰিৱৰ্তে জিলা পঞ্চায়তৰ প্ৰাক্তন সদস্য য়াছিৰ খান পাঠানক ঘোষণা কৰে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰে ।

লগতে পঢ়ক : Karnataka Election 2023 : কৰ্ণাটকত ২০ কোটিৰ হীৰাৰ গহনা আৰু নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.