ETV Bharat / bharat

Karnataka Election 2023 : কৰ্ণাটকত ২০ কোটিৰ হীৰাৰ গহনা আৰু নগদ ধন জব্দ

author img

By

Published : May 6, 2023, 3:47 PM IST

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান বৰ্তমান তুংগত । ৰাজ্যখনৰ সৰ্বত্ৰ এতিয়া নিৰ্বাচনী প্ৰচাৰৰ ঢৌ । তাৰ মাজতে আৰক্ষী আৰু আয়কৰ বিভাগৰ বিষয়াসকলে নিৰ্বাচনত ধনৰ লেনদেনৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । এই অভিযানত কোটি কোটি অবৈধ ধন জব্দ কৰা বুলি বিষয়াসকলে শনিবাৰে কয় (illegal money seized in Karnataka) ।

Karnataka Election 2023
Karnataka Election 2023

নিউজ ডেস্ক, ৬ মে' : নিৰ্বাচনমুখী কৰ্ণাটকত 20 কোটি টকাৰ সম্পত্তি জব্দ আয়কৰ বিভাগৰ (cash seized by income tax department in Karnataka) । দক্ষিণ ভাৰতৰ ৰাজ্যখনত এই বিপুল পৰিমাণৰ ধন-সম্পত্তি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কেইজনমান প্ৰাৰ্থীয়ে অবৈধভাৱে ব্যয় কৰাৰ বাবে মজুত কৰি ৰাখিছিল বুলি প্ৰকাশ (Karnataka Election 2023) ।

প্ৰাপ্ত তথ্য অনুসৰি, ৪ মে'ত চলোৱা তালাচী অভিযানৰ সময়ত বেংগালুৰু আৰু মহীশূৰৰ বিভিন্ন ধনদাতাৰ পৰা মুঠ ১৫ কোটি টকাৰো অধিক নগদ ধন আৰু প্ৰায় ৫ কোটি টকাৰ হীৰাৰ গহনা জব্দ কৰা হয় । আয়কৰ বিভাগে এক বিজ্ঞপ্তিত কয় যে শান্তিনগৰ, কক্স টাউন, শিৱাজী নগৰ, আৰএমভি কল'নী, কানিংহাম ৰোড, সদাশিৱ নগৰ, কুমাৰা পাৰ্ক পশ্চিম, বেংগালুৰুৰ ফেয়াৰ ফিল্ড লেআউটকে ধৰি বাংগালুৰুৰ বিভিন্ন স্থানত এই অনুসন্ধান চলোৱা হৈছিল (Income Tax Department search in Karnataka) ।

উল্লেখ্য যে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত অবৈধ ধনৰ ব্যৱহাৰ সন্দৰ্ভত বিভিন্ন বিভাগীয় বিষয়াই এতিয়ালৈকে চলোৱা অভিযানত ৩৩০ কোটিতকৈও অধিক নগদ ধন আৰু অন্যান্য সামগ্ৰী জব্দ কৰিছে ।

উল্লেখ্য যে অহা ১০ মে'ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন । অহা ১৩ মে'ত ভোটগণনা । তাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰত ৰাজনৈতিক বতাহ উত্তপ্ত হৈ পৰিছে কৰ্ণাটকত । বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ আক্ৰমণাত্মক প্ৰচাৰত ৰাজনৈতিক পৰিৱেশ এতিয়া উষ্ণ হৈ পৰিছে । তাৰ মাজতে আয়কৰ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ অভিযানত জব্দ হৈছে কোটি কোটি নগদ ধনৰ লগতে বিভিন্ন সামগ্ৰী ।

আনহাতে, শনিবাৰে ৰাজ্যখনত বিজেপিৰ এক নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Modi road show in Bengaluru) । বেংগালুৰুত অনুষ্ঠিত এই ৰোড শ্ব'ত হাজাৰ হাজাৰ বিজেপি কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে । পথৰ দুয়োকায়ে সমবেত বিজেপিৰ সমৰ্থকে প্ৰধানমন্ত্ৰীক পুষ্পবৃষ্টিৰে আদৰণি জনায় ।

তাৰ মাজতে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত বজৰং দল নিষিদ্ধ ঘোষণাৰ প্ৰতিশ্ৰুতিক লৈও সৰৱ হৈ পৰে বিজেপি কৰ্মীসকল । ইয়াৰ প্ৰতিবাদত শনিবাৰে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰত বজৰংগী পতাকা আৰু মুখা ব্যৱহাৰ কৰি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :PM Modi Road Show in Bengaluru : প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ত বজৰংগীময় হৈ পৰিল বেংগালুৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.