ETV Bharat / bharat

Pm Modi Road Show In Bengaluru : প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ত বজৰংগীময় হৈ পৰিল বেংগালুৰু

author img

By

Published : May 6, 2023, 3:09 PM IST

ক্ৰমাৎ আকৰ্ষণীয় পৰ্যায়লৈ গতি কৰিছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান (Karnataka Assembly poll 2023) । বিশেষকৈ বিজেপি-কংগ্ৰেছৰ কৰ্ণাটকৰ মচনদ দখলৰ যুঁজখনত এতিয়া ৰাজ্যখনৰ নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে । তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে ছিলিকন চিটী বেংগালুৰুত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে (PM Modi road show in Bengaluru) । এই সমদলত বজৰংগীৰ পতাকা প্ৰদৰ্শনেৰে বিজেপি কৰ্মীসকলে মোডীক উষ্ম আদৰণি জনায় ।

PM Modi Road Show in Bengaluru
PM Modi Road Show in Bengaluru

নিউজ ডেস্ক, ৬ মে' : কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ পঞ্চম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে বেংগালুৰুত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে (PM Modi road show in Bengaluru) । কৰ্ণাটকৰ জে পি নগৰত আৰম্ভ হোৱা এই সমদলত হাজাৰ হাজাৰ বিজেপি কৰ্মী তথা সমৰ্থকে ৰাস্তাৰ দুয়োফালে সমবেত হৈ নৰেন্দ্ৰ মোডীৰ ওপৰত পুষ্পবৃষ্টি কৰে ।

এতিয়ালৈকে বিজেপিৰ সমদলত কেউফালে কেৱল বিজেপিৰ পতাকা আৰু ভগৱধ্বজা উৰি আছিল । কিন্তু শনিবাৰে এইবোৰৰ সৈতে সংযোগ ঘটে বজৰংগী পতাকা । সকলোতে বজৰংগী পতাকা প্ৰদৰ্শিত কৰি বজৰং দলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে । আনহাতে, ৰোড শ্ব'ত বহুতো লোকক বজৰং দলৰ মুখা পিন্ধাও দেখা যায় (Bajarangi flags waving at BJP road show) ।

সমদলত হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে বজৰংগী মুখা পিন্ধি অংশগ্ৰহণ কৰে আৰু জয় শ্ৰীৰাম, জয় শ্ৰীৰামু আৰু জয় বজৰংগী ধ্বনি দিয়ে । উল্লেখ্য যে মোডীৰ ৰোড শ্ব'ত প্ৰথমবাৰৰ বাবে বজৰঙৰ পতাকা আৰু মুখা প্ৰদৰ্শন কৰা হৈছে আৰু তেওঁ সমগ্ৰ ৰোড শ্ব'টো বজৰংগীময় কৰি বজৰং দলক সম্পূৰ্ণ সমৰ্থন জনায় বিজেপি কৰ্মীসকলে । আনহাতে, কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে মুকলিকৈ বজৰংবলী শ্লোগান দিয়ে (BJP protest against congress Bajrang ban proposal) ।

উল্লেখ্য, ৰোড শ্ব' আৰম্ভ হোৱাৰ পূৰ্বে সাংসদ তেজস্বী সূৰ্য, সদানন্দ গৌড়া, পিচি মোহন আৰু যশৱন্তপুৰৰ বিধায়ক তথা মন্ত্ৰী এছ টি সোমশেখৰ আৰু অন্যান্যসকলে জে পি নগৰত প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি জনায় (Karnataka Assembly Election 2023) ।

প্ৰধানমন্ত্ৰী মোডীয়ে বেংগালুৰু দক্ষিণৰ সোমেশ্বৰ ভৱন আৰবিআই খেলপথাৰৰ পৰা মল্লেশ্বৰৰ চাঙ্কি টেংকলৈ ২৬.৫ কিলোমিটাৰৰ এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰে । আনহাতে, প্ৰধানমন্ত্ৰীৰ সমদলৰ বাবে পুৱা 8 বজাৰ পৰা দুপৰীয়া 1 বজালৈকে 34 টা পথ বন্ধ কৰি দিয়া হয় ।

লগতে পঢ়ক :Karnataka election 2023 : বিজেপিৰ বিৰুদ্ধে মল্লিকাৰ্জুন খাৰ্গেৰ পৰিয়ালক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.