ETV Bharat / bharat

Security Arrangements for Election Results : ৩ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা

author img

By

Published : Mar 1, 2023, 5:17 PM IST

২ মাৰ্চ অর্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা (3 states assembly elections counting of NE region) । ত্ৰিপুৰা, মোঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে অনুষ্ঠিত হ'বলগা ভোটগণনাৰ বাবে ৰাজ্যকেইখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । বিশেষকৈ নিৰ্বাচন পূৰ্বৰ আৰু নিৰ্বাচনোত্তৰ কেইবাটাও হিংসাত্মক ঘটনাৰ বাবে ত্ৰিপুৰাত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে ।

Election counting
Election counting

নিউজ ডেস্ক, 1 মাৰ্চ : 2 মাৰ্চত ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে সমগ্ৰ ৰাজ্যখনতে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে (Tripura Assembly election counting 2023) । ৰাজ্যিক আৰক্ষী, ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছ (Tripura State Rifles, TSR) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে (Central Armed Police Forces, CAPF) তালাচী চকী স্থাপন কৰিছে আৰু মোবাইল পেট্ৰ'লিং, সন্ত্ৰাসবিৰোধী অভিযান আৰু নিচাজাতীয় দ্ৰব্যবিৰোধী অভিযান চলাই আছে । সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) সহায়ত সীমান্ত চকীবোৰ শক্তিশালী কৰা হৈছে (security arrangement for Tripura election counting) ।

যদিও প্ৰাক-নিৰ্বাচনী হিংসা আৰু উত্তেজনা হ্ৰাস পাইছে, নিৰ্বাচনৰ পিছৰ পৰ্যায়ত অৱশ্যে কেইবাটাও ঘটনা সংঘটিত হৈছে । যাৰ ফলত বিভিন্ন গোচৰত 22 খন এজাহাৰ দাখিল কৰা হৈছে । এই হিংসাত 20 জন লোক আহত হোৱাৰ উপৰি এজন লোকৰ মৃত্যু হয় ।

আনহাতে, ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ দুৰ্বলতাৰ কথা বিবেচনা কৰি আৰক্ষী সঞ্চালক প্ৰধান অমিতাভ ৰঞ্জনে ব্যক্তিগতভাৱে পৰিস্থিতিৰ তদাৰক কৰি আছে আৰু শান্তিপূৰ্ণ ভোটগণনা প্ৰক্ৰিয়া আৰু গণনাৰ পিছৰ পৰিস্থিতি নিশ্চিত কৰাৰ বাবে দৈনিক নিৰ্দেশনা জাৰি কৰিছে ।

ৰাজনৈতিক দল, নেতা, প্ৰাৰ্থী আৰু স্থানীয় ৰাজনৈতিক নেতাসকলসকলক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ সৈতে সম্পৰ্ক ৰাখিবলৈ আহ্বান জনোৱা হৈছে । চিএপিএফ, টিএছআৰ আৰু ৰাজ্যিক আৰক্ষী কৰ্মীসকলৰ দ্বাৰা ফ্লেগ মাৰ্চ আৰু মোবাইল পেট্ৰ'লিং কৰা হৈছে । বিশেষকৈ যিবোৰ অঞ্চলত হিংসাত্মক ঘটনাৰ সম্ভাৱনা অধিক বুলি গণ্য কৰা হৈছে তাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

বিভিন্ন চহৰৰ লগতে আগৰতলাৰো সংবেদনশীল এলেকাবোৰত বিশেষ বাহন আৰু হোটেলসমূহত পৰীক্ষা কৰা হৈছে । সুৰাবিৰোধী অভিযানৰ লগতে স্থায়ী আৰক্ষী চকী স্থাপন কৰা হৈছে । ভোটগণনা কেন্দ্ৰসমূহৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু সমগ্ৰ গণনা প্ৰক্ৰিয়া আৰু ষ্ট্ৰং ৰুম 24 ঘণ্টাই চিচি টিভি নিৰীক্ষণৰ অধীনত আছে । ইয়াৰ উপৰি ৰাজনৈতিক দল আৰু তেওঁলোকৰ প্ৰাৰ্থীসকলক উপযুক্ত সুৰক্ষা প্ৰদান কৰা হৈছে ।

কেৱল সিমানেই নহয়, ফলাফলৰ দিনটো যাতে শান্তিপূৰ্ণভাৱে পাৰ হয় সেইটো নিশ্চিত কৰাৰ বাবে নাগালেণ্ড আৰু মেঘালয়তো ব্যাপক নিৰাপত্তা গঢ়ি তোলা হৈছে । উল্লেখ্য, ১৭৮ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৮০০-তকৈও অধিক প্ৰাৰ্থীৰ ভাগ্য ২ মাৰ্চত নিৰ্ণয় হ'ব ।

মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী পাহাৰৰ আৰক্ষী অধীক্ষকে ভোটগণনাৰ দিনটোৰ বাবে বাহনৰ ব্যৱস্থাৰ কথা ঘোষণা কৰিছে (Meghalaya Assembly election counting 2023) । 2 মাৰ্চত যান-বাহন নিয়ন্ত্ৰণ কৰা হ'ব আৰু মাওকিৰৱাটৰ পৰা অহা বাহনবোৰ লাড চাকৱাঙৰ পৰা পিণ্ডেনচাকৱাং-চাকৱাং হৈ জাক্ৰেমলৈ পথ পৰিৱৰ্তন কৰা হ'ব । লাড চাকৱাঙৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰৱেশ সীমিত কৰা হ'ব আৰু জাক্ৰেমৰ পৰা মাওকিৰৱাট অভিমুখে যোৱা বাহনবোৰ জাক্ৰেমৰ পৰা লাইটলাৱচাঙলৈ প্ৰৱেশ নিষেধাজ্ঞাৰ বাবে লাড মাওথাওপদাহৰ পৰা চাকৱাং-পিণ্ডেনচাকৱাং হৈ মাওকিৰৱাটলৈ পথ পৰিৱৰ্তন কৰা হ'ব ।

আনহাতে, কোহিমা জিলাৰ সকলো প্ৰাৰ্থীকে জনোৱা হৈছে যে আইন অনুসৰি, ভোটগণনা এজেণ্টসকলক প্ৰপত্ৰ 18-ত নিযুক্তি দিব লাগিব (Nagaland Assembly election counting 2023) । প্ৰতিখন গণনা টেবুলৰ বাবে এজনকৈ আৰু সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ টেবুলৰ বাবে এজনকৈ এজেণ্ট নিয়োগ কৰিব লাগিব । লগতে তেওঁলোকক এই বিষয়ে অৱগত হ'বলৈ অনুৰোধ জনোৱা হৈছে যে গণনা কেন্দ্ৰৰ চাৰিওফালৰ 100 মিটাৰ এলেকাটো "পথচাৰী অঞ্চল" হিচাপে নিৰ্ধাৰণ কৰা হ'ব আৰু তাত বাহনৰ অনুমতি দিয়া নহ'ব ।

কেৱল প্ৰাৰ্থী, তেওঁৰ নিৰ্বাচনী এজেণ্ট আৰু তেওঁ নিযুক্ত কৰা গণনাকাৰী এজেণ্টৰ লগতে নিৰ্বাচন আয়োগ, জিলা নিৰ্বাচন বিষয়া বা ৰিটাৰ্ণিং বিষয়াৰ পৰা বৈধ ফটো চিনাক্তকৰণ কাৰ্ড থকা আন যিকোনো লোকক প্ৰথম সুৰক্ষা বেষ্টনী অতিক্ৰম কৰাৰ অনুমতি দিয়া হ'ব । ইয়াৰ উপৰি, ভোটগণনা কেন্দ্ৰত কোনো ব্যক্তিগত সামগ্ৰী যেনে চেল ফোন বা কেমেৰাৰ অনুমতি দিয়া নহয় । অৱশ্যে এই ক্ষেত্ৰত কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়েহে অফিচিয়েল ৰেকৰ্ডিঙৰ অনুমতি লাভ কৰিব । এনে সামগ্ৰীবোৰ যদি কোনোবাই লগত আনে তেন্তে কাউণ্টাৰত থৈ আহিব লাগিব ।

লগতে পঢ়ক :Tripura Assembly election result: ত্ৰিপুৰাত 2018ৰ পুনৰাবৃত্তি ঘটাব পাৰিব নে বিজেপিয়ে; কিং মেকাৰ হ’ব নেকি টিপ্ৰা মঠা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.