ETV Bharat / bharat

Tripura Assembly election result: ত্ৰিপুৰাত 2018ৰ পুনৰাবৃত্তি ঘটাব পাৰিব নে বিজেপিয়ে; কিং মেকাৰ হ’ব নেকি টিপ্ৰা মঠা ?

author img

By

Published : Mar 1, 2023, 4:33 PM IST

নিৰ্বাচনী সমীক্ষাসমূহে যদিও ত্ৰিপুৰাত বিজেপিৰ ক্লিন চুইপৰ ভৱিষ্যতবাণী কৰিছে, ইয়াৰ বিপৰীতে টিপ্ৰা মঠাই উত্তৰ-পূবৰ এই ৰাজ্যখনত ওলোমা বিধানসভা গঠন হ’ব লগীয়া হ’লে ক্ষেত্ৰত কিং মেকাৰ হোৱাৰ সম্ভাৱনাও প্ৰকাশ পাইছে । অহা ২ মাৰ্চত অনুষ্ঠিত হ’ব ভোটগণনা (Tripura Assembly election result)।

Tripura Assembly election result
ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গণনা

নিউজ ডেস্ক, 1 মাৰ্চ: যোৱা 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব অহা 2 মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে ৷ একেদিনাই ভোট গণনা কৰা হ’ব যোৱা 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত উত্তৰ-পূবৰ আন দুখন ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ ৷ ভোট গণনা অন্ত পৰাৰ পাচতেই দেশৰ কেইবাটাও সংস্থাই এই নিৰ্বাচনৰ সন্দৰ্ভত আগবঢ়াইছে নিৰ্বাচনী সমীক্ষা ৷ প্ৰায় কেইটা নিৰ্বাচনী সমীক্ষা অনুসৰি বিজেপিয়ে ত্ৰিপুৰাত 60 খন আসনৰ ভিতৰত অতি কমেও 32 খন আসন লাভ কৰাৰ অৱকাশ আছে ৷ 2018 চনত বিজেপিয়ে ৰাজ্যখনত 36 খন আসন লাভ কৰিছিল ৷ বৰ্তমান যদি গেৰুৱা দলৱটোৱে 32 খন আসনো পায় তথাপিও একক সংখ্যা গৰিষ্ঠ দল হিচাপে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব (Tripura Assembly election result) ৷

আকৰ্ষণীয়ভাৱে, যদি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফলে ওলমা চৰকাৰ গঠনৰ ইংগিত দিয়ে তেন্তে ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰত নতুনকৈ খোজ দিয়া টিপ্ৰা মঠাই কিং মেকাৰৰ ভূমিকা পালন কৰিব পাৰে ৷ সমীক্ষা অনুসৰি দলটোৱে 10 ৰ পৰা 16 খন আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ দলটোৰ আভ্যন্তৰীণ সমীক্ষায়ো একেই সংখ্যাকে প্ৰকাশ কৰিছে ৷ টিপ্ৰা মঠাৰ মুৰব্বী প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেববাৰ্মাই দলীয় প্ৰাৰ্থীসকল জয়ী হৈ আহিব বুলি দৃঢ়তা প্ৰকাশ কৰিছে (Exit poll on Tripura election) ৷

ইফালে বিজেপি পুনৰ শাসনলৈ আহিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা নিজৰ পদবীতেই থাকিবনে সেই বিষয়ে নিশ্চিত নহয় গেৰুৱা বাহিনী ৷ অৱশ্যে ভিতৰুৱা এক সূত্ৰমতে, নিকা ভাৱমূৰ্তিৰ বাবে ডাঃ সাহাক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিব দলটোৱে ৷ নিৰ্বাচনী সমীক্ষা অনুসৰি, বাওঁ দল আৰু কংগ্ৰেছ মিত্ৰজোঁটে এইবাৰৰ নিৰ্বাচনত 10 ৰ পৰা 20 খন আসন লাভ কৰিব ৷ অৱশ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুদীপ ৰয়ে এই সমীক্ষাক ‘‘জনতাক বিভান্ত কৰা কৰ্পৰেট তত্ব’’ (corporate theory of confusing people) বুলি অভিহিত কৰিছে (Tripura assembly poll 2023) ৷

লগতে পঢ়ক: Nagaland Assembly Election 2023: নাগালেণ্ডত দ্বিতীয়টো কাৰ্যকালৰ বাবে অপেক্ষা বিজেপি এনডিপিপি মিত্ৰজোঁটৰ

তেওঁ বিশ্বাস কৰে যে, ত্ৰিপুৰাৰ ৰাইজে অৰাজকতাৰ বিৰুদ্ধে জনাদেশ দিছে আৰু শাসকীয় দলৰ বিৰুদ্ধে এয়া এক প্ৰতিশোধমূলক মতদান ৷ চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সদস্য পবিত্ৰ কৰে পূৰ্বানুমান কৰিছে যে, বিজেপি একক সংখ্যাৰ আসনতকৈ এখনো অধিক আসন লাভ নকৰে ৷ অৰ্থাৎ তেওঁ ক’ব খুজিছে যে, বিজেপিৰ আসনৰ সংখ্যা 1 ৰ পৰা 9 ৰ ভিতৰত সীমাৱদ্ধ থাকিব ৷ এইবাৰৰ নিৰ্বাচনত ৰাজ্যখনত অভিলেখ সংখ্যক 89.9 শতাংশ মতদান হৈছিল ৷ ত্ৰিপুৰাত বিজেপি, বাওঁ-কংগ্ৰেছ মিত্ৰজোঁট আৰু টিপ্ৰা মঠাৰ মাজত ত্ৰিকোণীয় নিৰ্বাচনী যুঁজ হৈছে ৷ নিৰ্বাচনী সমীক্ষা মতে, ত্ৰিপুৰাত এইবাৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ’ল তৃণমূল কংগ্ৰেছ (Tripura assembly poll result update) ৷

এই নিৰ্বাচনী যুঁজ বহুকেইগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহা, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেববাৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক, চিপিআই (এম) ৰ নেতা জিতেন্দ্ৰ চৌধুৰী আৰু কংগ্ৰেছ নেতা সুদীপ ৰয় বৰ্মন অন্যতম ৷ ত্ৰিপুৰাৰ মচনদ দখল কৰাতো বিজেপিৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে ৷ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2022 চনৰ ডিচেম্বৰ মাহত ত্ৰিপুৰা ভ্ৰমণৰ সময়ত দলৰ নেত-সদস্যসকলক ৰাজ্যখনত গুজৰাটৰ আৰ্হিৰ প্ৰতিলিপি কৰিবলৈ আহ্বান জনাইছিল (Tripura assembly election updates)।

2018 চনৰ নিৰ্বাচনত বিজেপিয়ে ত্ৰিপুৰাত একক সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল ৷ 36 খন আসন দখলেৰে বিজেপিয়ে গাদীচ্যুত কৰিছিল দুটা দশক ধৰি ত্ৰিপুৰাত শাসন কৰা বাওঁ চৰকাৰক ৷ বিজেপিৰ জয়ত সহায় কৰিছিল ক্ষমতা বিৰোধী আৱেগ আৰু প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তাই ৷ বিজেপি বৰ্তমান শাসনত আছে যদিও বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দলটো ৷ ক্ষমতা বিৰোধী স্থিতি, বিৰোধী শক্তিৰ মিত্ৰতা আৰু টিপ্ৰা মঠাৰ উত্থানে গেৰুৱা দলটোক কিছু হ’লেও চিন্তাত পেলাইছে (Tripura BJP news) ৷

কংগ্ৰেছ আৰু চিপিআই(এম)ৰ মিত্ৰতা বিজেপিৰ বাবে অন্য এক প্ৰত্যাহ্বানৰূপে চিহ্নিত হৈছে ত্ৰিপুৰাত ৷ 2018 চনৰ নিৰ্বাচনত ৰাজ্যখনত চিপিআই(এম) দলে 16 খন আসন লাভ কৰাৰ বিপৰীয়ে কোনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কংগ্ৰেছ দলে ৷ অৱশ্যে 2019 ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভোট 25 শতাংশ বৃদ্ধি পাইছিল ৷ নতুন মিত্ৰতাই চিপিআই (এম)ৰ শাসনৰ অন্ত পেলাবলৈ বিজেপিক সমৰ্থন কৰা কংগ্ৰেছ ভোটাৰক প্ৰভাৱিত কৰিব পাৰে । অৱশ্যে, বিজেপি বিৰোধী ভোটএকত্ৰিত হ'ব নে নাই সেয়া সময়ে ক’ব ৷ বিশেষকৈ তৃণমূল কংগ্ৰেছে নিৰ্বাচনত প্ৰৱেশ কৰাৰ পাচত বিজেপিয়ে আশা কৰিছে যে অ-বিজেপি ভোটৰ বিভাজনে গেৰুৱা দলটোৰ বিজয়ত সহায় কৰিব ৷

লগতে পঢ়ক: Meghalaya Assembly election 2023 : নিৰ্বাচনী সমীক্ষা মতে কি হ'ব মেঘালয়ৰ পৰৱৰ্তী ৰাজনীতি ?

এই প্ৰত্যাহ্বানসমূহৰ উপৰিও বিজেপিয়ে টিপ্ৰা মঠাৰ প্ৰভাৱ প্ৰতিহত কৰিব লাগিব ৷ যি নিজকে খিলঞ্জীয়া জনজাতীয় লোকসকলৰ চেম্পিয়ন হিচাপে দাবী কৰি আহিছে । টিপ্ৰা মঠাৰ উত্থানৰ লগতে আই পি এফ টিৰ প্ৰতিষ্ঠাপক এন চি দেববাৰ্মাৰ মৃত্যু আৰু তিনিজন বিধায়ককে ধৰি কেইবাজনো নেতাৰ পলায়নে আই পি এফ টিৰ প্ৰভাৱক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে । বিজেপিয়ে টিপ্ৰা মঠাৰ সৈতে মিত্ৰতা কৰাৰ চেষ্টা চলাইছিল যদিও প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেববাৰ্মাই স্পষ্ট কৰি দিয়ে যে, তেওঁৰ দলটোৱে সুকীয়া ৰাজ্য গঠনৰ লিখিত আশ্বাস অবিহনে কাৰো লগত হাত নিমিলাই ৷ এতিয়া অপেক্ষা ভোট গণনালৈ ৷ বৃহস্পতিবাৰে ত্ৰিপুৰা ৰাজনীতিৰ প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.