ETV Bharat / bharat

Meghalaya Assembly election 2023 : নিৰ্বাচনী সমীক্ষা মতে কি হ'ব মেঘালয়ৰ পৰৱৰ্তী ৰাজনীতি ?

author img

By

Published : Feb 28, 2023, 9:03 PM IST

ZEE নিউজ-মেট্ৰিজৰ এক্সিট প'ল অনুসৰি মেঘালয়ত এখন ওলোমা বিধানসভা গঠন হ'ব (Exit poll shows hung assembly in Meghalaya)। য'ত কনৰাড চাংমাৰ এনপিপিয়ে ২১-২৬ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । অহা ২ মাৰ্চত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল ।

Meghalaya Assembly election 2023
Exit poll মতে কি হ'ব মেঘালয়ৰ পৰৱৰ্তী ৰাজনীতি

নেশ্যনেল ডেস্ক,২৮ ফেব্ৰুৱাৰী : দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে শান্তিপূৰ্ণভাৱে সোমবাৰে অনুষ্ঠিত হৈ গ'ল মেঘালয়ৰ বিধানসভা নিৰ্বাচন (Meghalaya Election 2023)। ৫৯ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ফলাফল ২ মাৰ্চত ঘোষণা কৰা হ'ব । একেদিনাই উত্তৰ-পূৱৰ আন দুখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা আৰু নাগালেণ্ডৰো ভোটগণনা অনুষ্ঠিত হ'ব ।

মেঘালয়ত ২০১৮ চনৰ ফেব্ৰুৱাৰীত অন্তিমটো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল । য'ত নেচনেল পিপলছ পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰ গঠন হৈছিল আৰু কনৰাড চাংমা মুখ্যমন্ত্ৰী হৈছিল (Meghalaya election 2018 results)।

এইবাৰ কেইবাটাও মুখ্য ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । কনৰাড চাংমাৰ নেতৃত্বত নেচনেল পিপলছ পাৰ্টিয়ে ৫৭ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে (NPP is contesting 57 seats)। ভাৰতীয় জাতীয় কংগ্ৰেছে আটাইকেইখন আসনতে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে ৫৬ খন আসনত, ভাৰতীয় জনতা পাৰ্টীয়ে ৫৯ খন আসনত আৰু ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিয়ে ৪৬ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

এক্সিট প'ল অনুসৰি, মেঘালয়ত এইবাৰ এখন ওলোমা বিধানসভা গঠন হ'বলৈ গৈ হৈছে (Meghalaya election exit poll)। মন কৰিবলগীয়া যে মেঘালয়ত ২০১৮ চনৰ নিৰ্বাচনতো এক ওলোমা বিধানসভা অনুষ্ঠিত হৈছিল, য'ত কোনো এটা দল বা মিত্ৰজোঁটে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠ আসন লাভ কৰা নাছিল (Exit poll shows hung assembly in Meghalaya)। অৱশ্যে কনৰাড চাংমাই ইউডিপি, বিজেপি আৰু অন্যান্য আঞ্চলিক দলৰ সমৰ্থনত চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছিল ।

শাসকীয় নেচনেল পিপলছ পাৰ্টিয়ে (এনপিপি) ক্ষমতা বজাই ৰাখিবলৈ প্ৰতিদ্বন্দিতা কৰিছে । আনহাতে বিজেপি, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য আঞ্চলিক দলসমূহে উত্তৰ-পূবৰ এই ৰাজ্যখনত চৰকাৰ সলনি কৰিবলৈ চেষ্টা কৰি আছে । কংগ্ৰেছ আৰু বিজেপিয়ে ৫৯ খন অৰ্থাৎ আটাইকেইখন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । আনহাতে এনপিপিয়ে ৫৬ টা সমষ্টিত, টিএমচিয়ে ৫৭ আৰু ইউডিপিয়ে ৪৬ টা সমষ্টিত মনোনীত ব্যক্তিক থিয় কৰাইছে ।

অৱশ্যে, এগৰাকী প্ৰাৰ্থীৰ মৃত্যুৰ পাচতে ছোহিওং সমষ্টিত ভোটগ্ৰহণ স্থগিত ৰখা হৈছে (Election candidate death in Meghalaya)। ভাৰতৰ নিৰ্বাচন আয়োগে এতিয়াও সমষ্টিটোত পুনৰ ভোটগ্ৰহণৰ তাৰিখ ঘোষণা কৰা নাই । ৰাজ্যখনৰ মুঠ ৩,৪১৯ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল (Total voting center in Meghalaya)। তাৰ ভিতৰত ৬৪০ টাক 'বিপদৰ আশংকা পূৰ্ণ' (Vulnerable) আৰু ৩২৩ টা কেন্দ্ৰক 'জটিল'(Critical) বুলি ধৰা হৈছিল ।

এনপিপিৰ মুৰব্বী কনৰাড কে চাংমাই দক্ষিণ তুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে য'ত তেওঁ প্ৰাক্তন উগ্ৰপন্থী তথা বিজেপি নেতা বাৰ্ণাৰ্ড মাৰাকৰ মুখামুখি হৈছে । বিৰোধী দলৰ নেতা তথা টিএমচি নেতা মুকুল চাংমাই দুখন আসনত প্ৰতিদ্বন্দিতা কৰিছে । সমষ্টিকেইটা ক্ৰমে চংচাক আৰু টিক্ৰিকিল্লা । আনহাতে মুকুল চাংমাৰ পত্নী ডি ডি শিৰাও নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

আনহাতে দশম মেঘালয় বিধানসভাৰ কাৰ্যকাল ২০২৩ চনৰ ১৫ মাৰ্চত শেষ হ'ব । ২ মাৰ্চত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব বুলি ঘোষণা কৰাৰ লগে লগে বিধান সভাৰ নৱ নিৰ্বাচিত সদস্যসকলে চৰকাৰ গঠন আৰু নতুন মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিবলৈ প্ৰায় দুসপ্তাহৰ সময় পাব । মেঘালয়ৰ জনসাধাৰণে ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিছে । অৱশ্যে ফলাফলবোৰে নিশ্চিত কৰিব ৰাজ্যখনে অনাগত বছৰবোৰত কি দিশ ল'ব ।

লগতে পঢ়ক :Meghalaya Assembly Election 2023: মেঘালয়ত ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি; মুঠ 77.55 শতাংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.