ETV Bharat / bharat

Meghalaya Assembly Election 2023: মেঘালয়ত ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি; মুঠ 77.55 শতাংশ

author img

By

Published : Feb 27, 2023, 4:45 PM IST

Updated : Feb 27, 2023, 10:53 PM IST

77.55 শতাংশ ভোটদানেৰে অন্ত পৰিল মেঘালয় বিধানসভা নিৰ্বাচনৰ (Meghalaya poll update) ৷ 21 লাখতকৈ অধিক ভোটাৰে নিৰ্ণয় কৰিব 369 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ৷ 2 মাৰ্চত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল ৷

Meghalaya Assembly Election 2023
মেঘালয়ত ভোটাৰৰ অভূতপূৰ্হ সঁহাৰি; 3 বজালৈকে 64 শতাংশ ভোট গ্ৰহণ সম্পন্ন

নিউজ ডেস্ক, 27 ফেব্ৰুৱাৰী: নাগালেণ্ডৰ লগতে মেঘালয়তো আজি অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ আজি অনুষ্ঠিত হোৱা মেঘালয় বিধানসবা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত দেখা গ’ল জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি ৷ ভোট গ্ৰহণ শেষ হোৱালৈকে ৰাজ্যখনত 77.55 শতাংশ ভোটগ্ৰহণ হয় ৷ মেঘালয়ত মুঠ 369 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে আৰু ইয়াৰে 36 গৰাকী মহিলা প্ৰাৰ্থী ৷ মুঠ ভোটাৰৰ সংখ্যা আছিল 21.75 লাখ ৷ 60 টা বিধানসভা সমষ্টিৰ ভিতৰত 59 টা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ (Meghalaya assembly election) ৷ উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যখনৰ প্ৰাক্তন গৃহমন্ত্ৰী আৰু ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টিৰ (ইউডিপি) প্ৰাৰ্থী এইচডিআৰ লিংডোৰ মৃত্যু হোৱা বাবে ছোহিওং বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ স্থগিত ৰখা হৈছে ।

উল্লেখ্য যে, 59 টা বিধানসভা সমষ্টিৰ বাবে 3419 টা কেন্দ্ৰত হৈছে ভোট গ্ৰহণ ৷ প্ৰায় 2,160,000 ভোটাৰে নিৰ্ণয় কৰিব 369 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ৷ মুঠ 369 গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে 36 গৰাকী মহিলা প্ৰাৰ্থী (Meghalaya election update) ৷

ইফালে, 640 টা ভোট গ্ৰহণ কেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হ’ব পাৰে বুলি বিবেচনা কৰাৰ লগতে 323 টা কেন্দ্ৰক স্পৰ্শকাতৰ হিচাবে বিবেচনা কৰি মোতায়েন কৰা হয় বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী ৷ নিৰ্বাচন আয়োগে মেঘালয়ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) ১১৯ টা কোম্পানী মোতায়েন কৰিছে (Meghalaya assembly poll)। মুঠ 60 টা বিধানসভা সমষ্টিৰ ভিতৰত 36 টা খাচীয়া আৰু জয়ন্তীয়া পাহাৰ আৰু 24 টা সমষ্টি গাৰো পাহাৰৰ অন্তৰ্গত ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই (CM Conrad Sangma) তুৰাৰ 29 নং ৱালবাকগ্ৰে কেন্দ্ৰত পুৱা সাব্যস্ত কৰে ভোটাধিকাৰ ৷ ভোটদান প্ৰক্ৰিয়াত মেঘালয়ৰ ৰাইজৰ অংশগ্ৰহণত সন্তুষ্টি প্ৰকাশ কৰি কনৰাড চাংমাই কয় , ‘‘পূৰ্বৰ নিৰ্বাচনসমূহত ৰাইজে এই দৰে ভোটধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা নাছিল ৷ এইবাৰ বৃহৎ সংখ্যক ৰাইজে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ৷ এয়া গণতন্ত্ৰ বাবে ভাল লক্ষণ ৷’’ আনহাতে এইবাৰৰ নিৰ্বাচনতো NPP দলেই জয়লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Meghalaya election news) ৷

ৰাজ্যখনৰ 21 লাখতকৈ অধিক ভোটাৰৰ ভিতৰত আছে 10.99 লাখ মহিলা ভোটাৰ আৰু 10.68 লাখ পুৰুষ ভোটাৰ ৷ উল্লেখ্য যে, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ভোট গণনা হ’ব 2 মাৰ্চত ৷ মেঘালয়ত এইবাৰৰ নিৰ্বাচনত শাসকীয় দল NPPৰ সন্মুখত প্ৰত্যাহ্বান হিচাবে থিয় দিছে বিজেপি, কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে ৷

লগতে পঢ়ক: Nagaland Assembly Election 2023: নাগালেণ্ডত নিৰ্বাচনী হিংসা; NPP সমৰ্থকলৈ লক্ষ্য কৰি NPF সমৰ্থকৰ গুলীচালনা

Last Updated : Feb 27, 2023, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.