ETV Bharat / bharat

Nagaland Assembly Election 2023: নাগালেণ্ডত নিৰ্বাচনী হিংসা; NPP সমৰ্থকলৈ লক্ষ্য কৰি NPF সমৰ্থকৰ গুলীচালনা

author img

By

Published : Feb 27, 2023, 4:05 PM IST

নাগালেণ্ডত নিৰ্বাচনী হিংসা (Nagaland poll violece) ৷ NPP আৰু NPF সমৰ্থকৰ মাজত সংঘাত ৷ NPP সমৰ্থকলৈ লক্ষ্য কৰি NPF সমৰ্থকৰ গুলীচালনা ৷ দুয়োপক্ষৰ মাজত হোৱা হতাহতিত কেইবাগৰাকীও লোক আহত ৷

Nagaland Assembly Election 2023
নাগালেণ্ডত নিৰ্বাচনী হিংসা; NPP সমৰ্থকলৈ লক্ষ্য কৰি NPF সমৰ্থকৰ গুলীচালনা

নিউজ ডেস্ক, 27 ফেব্ৰুৱাৰী: আজি অনুষ্ঠিত হৈছে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ পাহাৰীয়া ৰাজ্যখনৰ 60খন বিধানসভা আসনৰ বাবে হৈছে ভোটগ্ৰহণ ৷ কিন্তু ভোট গ্ৰহণৰ মাজতে নাগালেণ্ডত সংঘটিত হ’ল নিৰ্বাচনী হিংসা ৷ NPP আৰু NPF দলৰ সমৰ্থকৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা (Election violence in Nagaland) ৷

ভোটগ্ৰহণৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে নাগালেণ্ডত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল যদিও 40 নং ভাণ্ডাৰী বিধানসভা সমষ্টিত নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে (Poll violence in Bhandari constituency) ৷

তথ্য অনুসৰি NPFৰ সমৰ্থকে কৰা গুলীচালনাত আহত হয় কেইবাগৰাকীও NPPৰ সমৰ্থক ৷ ইয়াৰ পাচতেই দুয়োটা দলৰ সমৰ্থকৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ 40 নং ভাণ্ডাৰী সমষ্টিৰ আংলাংকাকীত সংঘটিত হয় এই ঘটনা ৷ সংঘাতৰ পৰিণতিত ভোটদাতালৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ একাংশৰ ৷ ফলত কিছু সময়ৰ বাবে সাময়িকভাৱে স্থগিত ৰাখিব লগা হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰিব লগা হয় অধিক সংখ্যক অৰ্ধ সামৰিক বাহিনীৰ জোৱান (Nagaland election clash) ৷

তুই বিধানসভা সমষ্টিতো ভোটগ্ৰহণৰ মাজত সংঘটিত হয় হিংসাত্মক ঘটনা ৷ JDU দলৰ সমৰ্থকে RJD দলৰ সমৰ্থকলৈ শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ ৷ অৱশ্যে এই পৰ্যন্ত অহা নাই হতাহতিৰ খবৰ ৷

উল্লেখ্য যে, পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 60 টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে মুঠ 183 গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰ মাজত মাত্ৰ 4 গৰাকীহে মহিলা প্ৰাৰ্থী ৷ 183 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 20 গৰাকী বিজেপি সমৰ্থিত প্ৰাৰ্থী, 40 গৰাকী NDPP সমৰ্থিত প্ৰাৰ্থী, এগৰাকী CPI সমৰ্থিত প্ৰাৰ্থী, 23 গৰাকী কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী, 12 গৰাকী NCP সমৰ্থিত প্ৰাৰ্থী, 12 গৰাকী NPP সমৰ্থিত প্ৰাৰ্থী, 22 গৰাকী NPF সমৰ্থিত প্ৰাৰ্থী, এগৰাকী RPP সমৰ্থিত প্ৰাৰ্থী, 7গৰাকী JDU সমৰ্থিত প্ৰাৰ্থী, 15 গৰাকী LJP (ৰাম বিলাস) দলৰ সমৰ্থিত প্ৰাৰ্থী, 9 গৰাকী RPI সমৰ্থিত প্ৰাৰ্থী, 3 গৰাকী RJD সমৰ্থিত প্ৰাৰ্থী আৰু 19 গৰাকী নিৰ্দলীয় প্ৰাৰ্থী (Nagaland assembly election 2023) ৷

সৰ্বমুঠ 13,17,632 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 183 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ৷ উল্লখ্য যে, 2018 চনৰ বিধানসভা নিৰ্বাচনৰ দৰে এইবাৰো বিজেপি আৰু NDPP য়ে মিত্ৰতাৰে প্ৰতিদ্বন্দিতা কৰিছে নিৰ্বাচনত ৷ ইয়াৰ ভিতৰত 40 গৰাকী NDPP ৰ প্ৰাৰ্থী আৰু 20 গৰাকী বিজেপিৰ প্ৰাৰ্থী ৷ বিয়লি 3 বজালৈকে নাগালেণ্ডত সম্পন্ন হৈছে 72.99 শতাংশ ভোট গ্ৰহণ ৷ উল্লেখ্য যে, 2 মাৰ্চত হ’ব নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷

লগতে পঢ়ক: Nagaland Assembly Election 2023: হত্যাৰ অভিযুক্তয়ো প্ৰতিদ্বন্দিতা কৰিব নাগালেণ্ড বিধানসভা নিৰ্বাচনত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.