ETV Bharat / bharat

Meghalaya Election 2023: মেঘালয়ত ঘণ্টাৰ পিছত ঘণ্টা খোজকাঢ়ি দুৰ্গম ভোটকেন্দ্ৰত উপস্থিত নিৰ্বাচনী বিষয়া

author img

By

Published : Feb 27, 2023, 10:24 AM IST

কোনো ভোটাৰে যাতে বাদ পৰি নাযায় সেই নীতিবাক্য অনুসৰণ কৰিবলৈ গৈ মেঘালয়ৰ নিৰ্বাচনী বিষয়াসকল কঠোৰ পৰিস্থিতিৰ সন্মুখীন হৈছে । যাৰ বাবে তেওঁলোকে নিজ নিজ ভোটকেন্দ্ৰত উপস্থিত হ'বলৈ দুৰ্গম অঞ্চলত খোজকাঢ়ি যাবলগা হয় (Meghalaya Election 2023) ।

Meghalaya
Meghalaya

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : সোমবাৰে অনুষ্ঠিত হৈছে মেঘালয় বিধানসভাৰ ভোটগ্ৰহণ পৰ্ব (Meghalaya Assembly poll 2023) । কিন্তু 'কোনো ভোটাৰ বাদ পৰিব নোৱাৰিব'- নিৰ্বাচন আয়োগৰ এই মূলমন্ত্ৰ পালন কৰিবলৈ গৈ মেঘালয়ৰ নিৰ্বাচনী বিষয়াসকলে কঠোৰ পৰিস্থিতিৰ সন্মুখীন হৈছে । তেওঁলোকৰ নিজ নিজ ভোটকেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্বাচনী বিষয়াসকলে কঠিন অঞ্চলত খোজকাঢ়ি যাবলগা হৈছে । নিৰ্বাচন আয়োগৰ (Election Commission of India) দলটোৱে অগভীৰ নদীৰ মাজেৰে গাড়ী চলাই আৰু শিপাৰ দলঙেৰে খোজকাঢ়ি দূৰৱৰ্তী অঞ্চলৰ ভোটকেন্দ্ৰসমূহত উপস্থিত হ'বলগা হৈছে ।

নিৰ্বাচন আয়োগে এক টুইটযোগে কয়, "মেঘালয়ৰ ভোট গ্ৰহণকাৰী দলসমূহে কোনো ভোটাৰকে বাদ পৰিব দিয়া নাই (Meghalaya polling parties leaving no voter behind) । ৬০০০ খোজ ওপৰলৈ আৰু তললৈ খোজকাঢ়ি কৰি সোহৰাৰ ননগ্ৰিয়াটৰ জীৱন্ত শিপাৰ দলং (living root bridge in Nongriat) পাৰ হৈ তেওঁলোক ভোটকেন্দ্ৰলৈ যাত্ৰা কৰে ।" নিৰ্বাচন আয়োগৰ মতে, ভোট গ্ৰহণকাৰী দলবোৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি কঠিন অঞ্চলত খোজকাঢ়িবলগা হৈছে । মাত্ৰ ৩৫ জন ভোটাৰ থকা কামচিং ভোটকেন্দ্ৰলৈও খোজকাঢ়ি গৈছে । তেওঁলোকে কোনো ভোটাৰ যাতে বাদ পৰি নাযায় সেইটো নিশ্চিত কৰিবলৈ ভোটগ্ৰহণৰ সামগ্ৰী কঢ়িয়াবলৈ পৰম্পৰাগত খাচী টুকুৰি ব্যৱহাৰ কৰে ।

ৰাজ্যিক বন বিভাগৰ বন্যপ্ৰাণী বিভাগৰ এটা দল নংনাত মোতায়েন কৰা হৈছে । এই দলটোৱে তেওঁলোকে সচৰাচৰ যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হাতীক বাহন হিচাপে ব্যৱহাৰ কৰিছে । মেঘালয়ৰ খাচী পাহাৰৰ দক্ষিণ পশ্চিম অঞ্চলত ভোট গ্ৰহণকাৰী বিষয়াসকলৰ সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ বাবে এইটো কৰা হৈছে । উল্লেখ্য, মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ সোমবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে । এই নিৰ্বাচনত ২১ লাখতকৈও অধিক ভোটাৰে ৩৬৯ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।

ৰাজ্যখনৰ ৫৯ টা বিধানসভা সমষ্টিৰ ৩,৪১৯ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ভোটগ্ৰহণ পুৱা ৭ বজাত আৰম্ভ হৈ আবেলি ৪ বজালৈকে চলিব । মেঘালয় নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান শনিবাৰে সমাপ্ত হয় । মেঘালয়ৰ 60 টা বিধানসভা সমষ্টিৰ ভিতৰত 36 টা খাচী (Khasi hills in Meghalaya), জয়ন্তীয়া পাহাৰ (Jaintia Hills in Meghalaya) অঞ্চলত পৰে আৰু 24 টা গাৰো পাহাৰ অঞ্চলত আছে । অৱশ্যে ৰাজ্যখনৰ প্ৰাক্তন গৃহ মন্ত্ৰী আৰু ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টীৰ (United Democratic Party, UDP) প্ৰাৰ্থী এইচডিআৰ লিংডোৰ মৃত্যুৰ পিছত ছোহিওং বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ স্থগিত ৰখা হৈছে । উল্লেখ্য, চলিত নিৰ্বাচনত ২১ লাখতকৈও অধিক (২১,৭৫,২৩৬) পঞ্জীভুক্ত আৰু যোগ্য ভোটাৰ আছে । ইয়াৰে ভিতৰত ১০.৯৯ লাখ মহিলা আৰু ১০.৬৮ লাখ পুৰুষ ভোটাৰ ।

মেঘালয়ত মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ অধিক । ৰাজ্যখনত প্ৰায় 81,000 ভোটাৰে প্ৰথমবাৰৰ বাবে ভোট দিব । নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৩৬৯ জন প্ৰাৰ্থীৰ ভিতৰত ৩৬ গৰাকী মহিলা । আনহাতে, মুঠ প্ৰাৰ্থীৰ ভিতৰত 44 জনে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে । ৬০ খন আসনৰ মেঘালয় বিধানসভাৰ (60 seats Meghalaya Legislative Assembly) বৰ্তমানৰ কাৰ্যকাল ১৫ মাৰ্চত সমাপ্ত হ'ব । ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা সংখ্যা হৈছে ৩১ ।

উল্লেখ্য যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত ক্ষমতাধিস্থিত নেচনেল পিপলছ পাৰ্টীয়ে (National People's Party, NPP) ১৯খন, কংগ্ৰেছে ২১ খন আসন আৰু ভাৰতীয় জনতা পাৰ্টীয়ে (BJP) দুখন আসন লাভ কৰিবলৈ সক্ষম হয় । ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টীয়ে (United Democratic Party. UDP) ছয়খন আসন দখল কৰিছিল । যদিও কংগ্ৰেছে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল, এনপিপি নেতৃত্বাধীন মেঘালয় ডেম'ক্ৰেটিক এলায়েন্সে (Meghalaya Democratic Alliance, MDA) ইউডিপি, বিজেপি আৰু অন্যান্য আঞ্চলিক দলৰ সমৰ্থনত চৰকাৰ গঠন কৰে ।

এইবাৰ বিজেপি আৰু এনপিপিয়ে কোনো প্ৰাক-নিৰ্বাচনী মিত্ৰতা কৰা নাই আৰু এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ আছে । বিজেপি আৰু কংগ্ৰেছে সকলো আসনতে প্ৰাৰ্থী প্ৰদান কৰিছে । উল্লেখ্য, ১২ জন কংগ্ৰেছ বিধায়কে দলত্যাগ কৰাৰ পিছত ২০২১ চনত মেঘালয়ত মুখ্য বিৰোধী দল হৈ পৰে তৃণমূল কংগ্ৰেছ (টিএমচি) । বিধায়কসকল, বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তৃণমূল কংগ্ৰেছত যোগদান কৰি নেতৃত্ব গ্ৰহণৰ পিছত মেঘালয়ত তৃণমূল কংগ্ৰেছ শক্তিশালী হৈ পৰে । টিএমচিয়ে এইবাৰ বিধানসভা নিৰ্বাচনত ৫৮ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে ।

মুখ্যমন্ত্ৰী কনৰাড চাংমাই (Meghalaya Chief Minister Conrad Sangma) দক্ষিণ তুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । আনহাতে, বিজেপিয়ে এনপিপিৰ মুৰব্বীৰ বিৰুদ্ধে বাৰ্ণাৰ্ড এন মাৰাকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । দাদেংগ্ৰেত কংগ্ৰেছ প্ৰাৰ্থী চেষ্টাৰফিল্ড চাংমাই এনপিপিৰ জেমছ চাংমাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তৃণমূলৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছে দুখন আসনৰ পৰা- টিক্ৰিকিল্লা আৰু চংচাকৰ পৰা । ইউডিপি নেতা মেটবাহ লিংডোৱে মাইৰাঙৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । ইয়াৰ উপৰি এনপিপিয়ে পাইনাৰ্চলাৰ পৰা প্ৰেষ্টেন টিনচংক থিয় কৰাইছে । ইউডিপি প্ৰাৰ্থী টিটোষ্টাৰ ৱেল চাইনে সোহৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ।

টিএমচিয়ে নংথিম্মাইৰ পৰা চাৰ্লচ পিনগ্ৰোপক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । আনহাতে, বিজেপিয়ে দক্ষিণ শ্বিলঙত চানবৰ চুল্লাই আৰু পশ্চিম শ্বিলঙত আৰ্নেষ্ট মাৱৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । মাজেল আমপাৰেন লিংডো হ'ল পূব শ্বিলঙৰ পৰা এনপিপিৰ প্ৰাৰ্থী । পিন্থোৰুমখৰাত বিজেপিয়ে আলেকজেণ্ডাৰ লালু হেকক প্ৰাৰ্থিত্ব প্ৰদান কৰে । ইউডিপি নেতা লাহকমেন ৰিম্বুৱে আমলাৰেমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । চুতঙ্গা চাইপুঙত কংগ্ৰেছে ভিনচেণ্ট এইচ পালাক প্ৰাৰ্থিত্ব প্ৰদান কৰে । ইউডিপি প্ৰাৰ্থী কিৰমেন শ্যেল্লাই খলিহৰিয়াটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ।

এনপিপিৰ পৰা বিজেপি আৰু কংগ্ৰেছৰ পৰা তৃণমূললৈকে, দলবোৰে প্ৰচাৰৰ ক্ষেত্ৰত সৰ্বশক্তি প্ৰদান কৰে । নিৰ্বাচনৰ প্ৰতিশ্ৰুতিয়েই হওক বা শ্লোগানৰ যুঁজেৰে বিৰোধী শক্তিক আক্ৰমণ, কোনোৱেই পিছপৰি থকা নাই । আনহাতে, নিৰ্বাচন আয়োগে মেঘালয়ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) 119 টা কোম্পানী মোতায়েন কৰিছে । মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগোৰে কয় যে ৬৪০ টা ভোটকেন্দ্ৰক 'অসুৰক্ষিত' বুলি চিনাক্ত কৰা হৈছে । আনহাতে, ৩২৩ টাক 'বিপজ্জনক' আৰু ৮৪ টাক দুয়োটা হিচাপে চিনাক্ত কৰা হৈছে । নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে শনিবাৰে বাংলাদেশৰ সৈতে মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ২ মাৰ্চলৈকে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে । মেঘালয়ে বাংলাদেশৰ সৈতে ৪৪৩ কিলোমিটাৰ আৰু অসমৰ সৈতে ৮৮৫ কিলোমিটাৰ সীমান্ত ভাগ-বতৰা কৰিছে । মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগোৰে এএনআইৰ আগত প্ৰকাশ কৰা মতে, ম্যানমাৰৰ সৈতে মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু অসমৰ সৈতে ৰাজ্যিক সীমান্ত বন্ধ কৰি দিয়া হৈছে ।

"আমি ৰাজ্যখনত এক মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছোঁ । ৰাজ্যখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলসমূহত চিআৰপিচিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে ।" খাৰকংগোৰে কয় । ইফালে পূব খাচী পাহাৰ জিলাৰ জিলা দণ্ডাধীশে শুকুৰবাৰে এক নিৰ্দেশ জাৰি কৰি কয় যে ২৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চৰ ভিতৰত পূব খাচী পাহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ব্যক্তিৰ চলাচল কঠোৰভাৱে নিষিদ্ধ হৈ থাকিব ।

পূব খাচী পাহাৰ জিলাৰ জিলা প্ৰশাসনেও সীমান্তৱৰ্তী অঞ্চলত চিআৰপিচিৰ ১৪৪ ধাৰা জাৰি কৰিছে । মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণৰ দিনা সন্ধিয়া ৭ বজালৈ মেঘালয়ত এক্সিট প'ল নিষিদ্ধ কৰিছে । উল্লেখ্য, মোঘালয় বিধানসভা নিৰ্বাচনৰ ভোটগণনা ২ মাৰ্চত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Nagaland Meghalaya Assembly polls: আজি নাগালেণ্ড আৰু মেঘালয় বিধানসভাৰ নিৰ্বাচন, পুৱা 7 বজাৰ পৰা হ’ব ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.