ETV Bharat / bharat

Earthquake In Andaman Nicobar: পুৱাই এটা মজলীয়া ভূমিকম্পই জোঁকাৰি গ'ল আন্দামান নিকোবৰ

author img

By

Published : Mar 6, 2023, 10:39 AM IST

ভূমিকম্পই জোঁকাৰি গ'ল আন্দামান নিকোবৰ
Earthquake In Andaman Nicobar

ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই আন্দামান নিকোবৰ দ্বীপপুঞ্জত ভূমিকম্প আৰু পাকিস্তানত আন এক কম তীব্ৰতাৰ ভূমিকম্পৰ বাতৰি প্ৰকাশ কৰিছে । কোনো লোকৰ ক্ষতি সাধান হোৱা নাই (Earthquake In Andaman Nicobar) ৷

নিউজ ডেস্ক, 6 মাৰ্চ: সোমবাৰে পুৱাই এটা ভূমিকম্পই জোঁকাৰি যায় আন্দামান নিকোবৰ দ্বীপপুঞ্জক (Earthquake In Andaman Nicobar) ৷ নেচনেল চেণ্টাৰ ফ'ৰ চিচম’লজিৰ (National Center for Seismology NCS) প্ৰতিবেদন অনুসৰি পুৱা 7 বাজি 5 মিনিটত অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল 5.0 ৷ অনুৰূপ ধৰণে পাকিস্তানতো ৰিখটাৰ স্কেলত 4.3 প্ৰাবল্যৰ আন এক ভূমিকম্প হোৱাৰ বাতৰিও প্ৰকাশ কৰিছে৷ কেন্দ্ৰটোৰ তথ্য অনুসৰি আন্দামান নিকোবৰ দ্বীপ অঞ্চলৰ 10 কিলোমিটাৰ গভীৰতাত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ৷ অৱশ্যে এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ তথ্য পোৱা হোৱা নাই ৷

দেশৰ ভূমিকম্পৰ কাৰ্যকলাপ নিৰীক্ষণৰ বাবে থকা কেন্দ্ৰীয় চৰকাৰৰ ন’ডেল এজেন্সীয়ে জনোৱা মতে, গুজৰাটৰ দ্বাৰকাৰ পৰা 431 কিলোমিটাৰ উত্তৰত পাকিস্তানত (Earthquake In Pakistan) সংঘটিত হৈছে এই ভূমিকম্প । পুৱা 6.32 বজাত পোৱা গৈছে এই ভূমিকম্পৰ খবৰ ৷ এজেন্সীটোৱে টুইটাৰত জনোৱা তথ্য অনুসৰি 10 কিলোমিটাৰ গভীৰতাত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ (Earthquake news) ৷

ইয়াৰ পূৰ্বে দেওবাৰে জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাত 3.9 ৰিখটাৰ স্কেলৰ কম তীব্ৰতাৰ এক ভূমিকম্প অনুভূত হৈছিল ৷ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, পুৱা 6.57 বজাত জোঁকাৰি যায় এই ভূমিকম্পই ৷ চিচম’লজী কেল তথ্য অনুসৰি, ভূমিকম্পটো অক্ষাংশ 34.42 ডিগ্ৰী উত্তৰ আৰু দ্ৰাঘিমাংশ 74.88 ডিগ্ৰী পূবত আৰু 10 কিলোমিটাৰ গভীৰতাত সংঘটিত হয় ৷ দেওবাৰে হোৱা এই ভূমিকম্পত কোনো ঠাইৰ পৰা প্ৰাণ হানি আৰু সম্পত্তি ধ্বংসৰ কোনো বাতৰি পোৱা হোৱা নাই (Earthquake in Andaman Nicobar islands) ৷

  • Earthquake of Magnitude:4.3, Occurred on 06-03-2023, 06:32:00 IST, Lat: 26.09 & Long: 68.37, Depth: 15 Km ,Location: 431km N of Dwarka, Gujarat, India for more information Download the BhooKamp App https://t.co/Gejgl061jZ pic.twitter.com/d9MbbaVLce

    — National Center for Seismology (@NCS_Earthquake) March 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Quake Hits Turkey and Indonesia: তুৰস্কত পুনৰ ভূমিকম্প; ইণ্ডোনেচিয়াতো অনুভূত ৬.৮ প্ৰাবল্যৰ ভূমিকম্প

ইয়াৰ পূৰ্বে 28 ফেব্ৰুৱাৰীত মণিপুৰৰ ন’নী জিলাত (Earthquake In Manipur Noney District) 3.2 প্ৰাবল্যৰ এটা ভূমিকম্পৰ সৃষ্টি হৈছিল বুলি নেচনেল চেণ্টাৰ ফ'ৰ চিচম’লজীয়ে প্ৰকাশ কৰিছিল । সংস্থাটোৱে জনোৱা মতে, পুৱা প্ৰায় 2.46 বজাত অনুভূত হোৱা এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল 25 কিলোমিটাৰ গভীৰতাত৷ এই ভূমিকম্পটো কোনো ধৰণৰ ক্ষয়-ক্ষতি অথবা প্ৰাণ হানিৰ খবৰ পোৱা নগ'ল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.