ETV Bharat / bharat

Uttarakhand Earthquake: 4 প্ৰাৱল্যৰ ভূইকঁপে জোকাৰিলে উত্তৰাখণ্ডক

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 2:23 PM IST

Uttarakhand Earthquake
4 প্ৰাৱল্যৰ ভূইকঁপে জোকাৰিলে উত্তৰাখণ্ডক

সোমবাৰৰ পুৱাই 4 প্ৰাৱল্যৰ ভূইকঁপে জোকাৰিলে উত্তৰাখণ্ডক ৷ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই X যোগে জনায় এই কথা ৷

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ: উত্তৰাখণ্ডত ভূমিকম্পৰ কম্পন ৷ উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ সমীপত সোমবাৰে 4.0 ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ কম্পন অনুভূত হয় । ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, পিথোৰাগাড়ৰ পৰা 48 কিলোমিটাৰ উত্তৰ-পূৱত 5 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কম্পন অনুভূত হয় ।

সোমবাৰৰ পুৱা প্ৰায় 9 বাজি 11 মিনিটত ভূইকঁপটো অনুভূত হয় বুলি ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জনায় । ইয়াৰ পূৰ্বে 5 অক্টোবৰত পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত ৰিখটাৰ স্কেলৰ 3.2 প্ৰাৱল্যৰ ভূমিকম্পৰ কম্পন অনুভূত হৈছিল ৷ পুৱা প্ৰায় 3.49 বজাত ভূমিকম্পৰ কম্পন অনুভূত হোৱাৰ লগতে ভূমিকম্পৰ গভীৰতা 5 কিলোমিটাৰ বুলি ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে ।

  • An earthquake of magnitude 4 strikes 48km NE of Pithoragarh, Uttarakhand: National Center for Seismology

    — ANI (@ANI) October 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভূমিকম্পটো সন্দৰ্ভত ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই X যোগে এটা পোষ্টযোগে ভূমিকম্পটোৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰি কয়, "ভূমিকম্পটোৰ মাত্ৰা আছিল 4.0 , 2023 বৰ্ষৰ 16 অক্টোবৰৰ দিনা অনুভূত হৈছিল এই ভূমিকম্পটো ৷ স্থানীয় সময় অনুসৰি পুৱা 9 বাজি 11 মিনিট আৰু 40 ছেকেণ্ডত অনুভূত হৈছিল ভূমিকম্পৰ কম্পন ৷ কম্পনটোৰ অক্ষাংশ (latitude) : 29.86 আৰু দ্ৰাঘিমাংশ (longitude): 80.61 ৷ ভূমিকম্পটো ভূ-পৃষ্ঠৰ 5 কিলোমিটাৰ গভীৰতালৈ অনুভূত হৈছিল । উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ পৰা 48 কিলোমিটাৰ উত্তৰ-পূব দিশত অনুভূত হৈছিল কম্পন ।"

অৱশ্যে কম প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত কোনো লোক আহত অথবা ৰাজ্যখনত কোনো ক্ষয়-ক্ষতিৰ তথ্য বাতৰি লিখা পৰ্যন্ত পোহৰলৈ অহা নাই ৷ লক্ষণীয় বিষয় যে, বিগত কিছুদিনৰ পৰা পাহাৰীয়া এলেকাবোৰত প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Rahul Gandhi arrives in Aizawl: দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.