ETV Bharat / bharat

Rahul Gandhi arrives in Aizawl: দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত ৰাহুল গান্ধী

author img

By ANI

Published : Oct 16, 2023, 1:45 PM IST

মিজোৰামত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ মিজোৰামত উপস্থিত হৈয়ে চানমাৰী (আইজল)ৰ পৰা ৰাজভৱনলৈ এক পদযাত্ৰাত অংশ লয় কংগ্ৰছ নেতাগৰাকীয়ে । ৰাহুল গান্ধীৰ এই ভ্ৰমণৰ সময়তে ৪০ জনীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা ৷

Rahul Gandhi arrives in Aizawl
দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত ৰাহুল গান্ধী

নিউজ ডেস্ক, ১৬ অক্টোবৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত হয় । কংগ্ৰেছ নেতাগৰাকীয়ে মিজোৰামত উপস্থিত হোৱাৰ পাচতেই চানমাৰী (আইজল)ৰ পৰা ৰাজভৱনলৈ পদযাত্ৰাত অংশ লয় । ৰাহুল গান্ধীৰ মিজোৰাম ভ্ৰমণ বহু প্ৰত্যাশিত বুলি উল্লেখ কৰে কংগ্ৰেছৰ মুখপাত্ৰ মেথিউ এণ্টনিয়ে । মিজোৰামত ১৯৮৬ চনত ৰাহুল গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীৰ ভ্ৰমণৰ বহু ভাল লগা স্মৃতি জড়িত হৈ আছে বুলি উল্লেখ কৰি তেওঁ জনতাই ৰাহুল গান্ধীৰ ভ্ৰমণক লৈও নিজৰ উল্লাস ব্যক্ত কৰিছে বুলি মন্তব্য কৰে ।

তেওঁ লগতে কয়, এই ভ্ৰমণৰ আন এক তাৎপৰ্য হ'ল যে যি সময়ত মেৰুকৰণ আৰু জাতিগত বিষয়ত লৈ দেশ বিভাজিত হৈ আছে, সেই সময়ত তেওঁ ভাৰত জোড়ো যাত্ৰা চলাই আছে । ইফালে আগন্তুক বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, "আমি আশাবাদী যে আমি চৰকাৰ গঠন কৰিম । কাইলৈ অৰ্থাৎ মঙলবাৰে তেওঁ (ৰাহুল গান্ধীয়ে) দলৰ নেতাসকলক সাক্ষাৎ কৰি ৰাজহুৱা সভাত ভাষণ দিব । এতিয়াৰ পৰা যিকোনো সময়তে দলৰ প্ৰাৰ্থীৰ ঘোষণা কৰাৰ আশা কৰিব পাৰি ।

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মিজোৰাম ভ্ৰমণ সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়, "ৰাহুল গান্ধীৰ ভ্ৰমণ দলৰ (কংগ্ৰেছ) বাবে ভাল হ'ব পাৰে । কিন্তু তাৰ বিশেষ সামগ্ৰিক প্ৰভাৱ মিজোৰামৰ জনতাৰ ওপৰত নপৰে। গতিকে, ইয়াৰ বিশেষ অৰ্থ থাকিব বুলি মই নাভাবো ।" উল্লেখ্য যে, "৪০ জনীয়া মিজোৰাম বিধানসভাত মিজো নেচনেল ফ্ৰণ্টে ৩৭.৮ শতাংশ ভোটৰ অংশীদাৰিত্বৰে ২৬খন আসন লাভ কৰি ২০১৮ চনৰ চৰকাৰ গঠন কৰিছিল । কংগ্ৰেছে ৰাজ্যখনত পাঁচখন আসন লাভ কৰা বিপৰীতে বৰ্তমানৰ শাসকীয় বিজেপিয়ে এখন আসন লাভ কৰে ।

লগতে পঢ়ক: Assembly Elections 2023: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি মিজোৰামত উপস্থিত হ’ব ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.