ETV Bharat / bharat

ডুবাইয়ে ভাৰতকে ধৰি কিছুমান দেশৰ পৰা ভ্ৰমণৰ সীমাবদ্ধতা হ্ৰাস কৰিছে

author img

By

Published : Jun 20, 2021, 2:16 PM IST

ডুবাই কৰ্তৃপক্ষই ভাৰতকে ধৰি কেইখনমান দেশৰ বাসিন্দাসকলৰ বাবে ভ্ৰমণৰ সীমাৱদ্ধতা শিথিল কৰিছে ৷ অৱশ্যে যি সকল ব্যক্তিয়ে UAE দ্বাৰা অনুমদিত ক’ভিড-19 প্ৰতিষেধকৰ দুয়োটা পালি লাভ কৰিছে তেওঁলোকৰ বাবেহে এই নিৰ্দেশ প্ৰযোজ্য হ’ব বুলি ডুবাইৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । আনহাতে, ভাৰতীয় যাত্ৰীসকলে প্ৰস্থানৰ 48 ঘণ্টা আগতে পিচিআৰ পৰীক্ষা কৰি নিগেটিভ পৰীক্ষাৰ প্ৰমাণপত্ৰ ৰখাৰ প্ৰয়োজন বুলিও প্ৰতিবেদনত উল্লেখিত ।

Dubai eases travel restrictions from certain countries including India
ডুবাইয়ে ভাৰতকে ধৰি কিছুমান দেশৰ পৰা ভ্ৰমণৰ সীমাবদ্ধতা হ্ৰাস কৰিছে

নেশ্যনেল ডেস্ক, 20 জুন : ডুবাইৰ এক সংবাদ মাধ্যমত প্ৰকাশ হোৱা প্ৰতিবেদন অনুসৰি; ডুবাইৰ প্ৰশাসনে ভাৰতকে ধৰি অন্য কেইখনমান দেশৰ বাসিন্দাসকলৰ বাবে ভ্ৰমণৰ সীমাৱদ্ধতা শিথিল কৰিছে ৷ অৱশ্যে যিসকল ব্যক্তিয়ে UAE দ্বাৰা অনুমদিত ক’ভিড19 প্ৰতিষেধকৰ দুয়োটা পালি লাভ কৰিছে তেওঁলোকৰ বাবেহে এই নিৰ্দেশ প্ৰযোজ্য হ’ব ৷

গাল্ফ নিউজৰ বাতৰি অনুসৰি, শ্বেখ মনচুৰ বিন মহম্মদ বিন ৰছিদ আল মাকতুমৰ নেতৃত্বত ডুবাইৰ সংকট আৰু দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে দক্ষিণ আফ্ৰিকা, নাইজেৰিয়া আৰু ভাৰতৰ অন্তৰ্মুখী যাত্ৰীসকলৰ বাবে ডুবাইৰ ভ্ৰমণ প্ৰ’টকলৰ আপডেট কৰাৰ ঘোষণা কৰিছে ৷ এই নিয়ম ২৩ জুনৰ পৰা কাৰ্যকৰী হ'ব ৷

ভাৰতৰ পৰা ভ্ৰমণৰ সন্দৰ্ভত, কেৱল ভিছা থকা যাত্ৰীসকলকে ইউএই অনুমোদিত প্ৰতিষেধকৰ দুটা পালি গ্ৰহণ কৰা লোককহে ডুবাইলৈ যাত্ৰা কৰাৰ অনুমতি দিয়া হৈছে । ইউএই চৰকাৰৰ দ্বাৰা অনুমোদিত চাৰিটা প্ৰতিষেধক আছে, চিনোফাৰ্ম(Sinopharm), ফাইজাৰ-বায়োএনটেক(Pfizer-BioNTech), স্পুটনিক ভি(Sputnik V) আৰু অক্সফৰ্ড-এষ্ট্ৰজেনেকা(Oxford-AstraZeneca) বুলি প্ৰতিবেদনত উল্লেখ কৰে । অৱশ্যে, দক্ষিণ আফ্ৰিকা আৰু নাইজেৰিয়াৰ পৰা, টীকাকৰণ আৰু পিচিআৰ পৰীক্ষাৰ স্থিতি সাপেক্ষে non-residence যাত্ৰীসকলকো ভ্ৰমণ কৰাৰ অনুমতি দিয়া হৈছে ।

প্ৰস্থানৰ 48 ঘণ্টা আগতে কৰা পিচিআৰ পৰীক্ষাৰ পৰা নিগেটিভ হোৱাৰ প্ৰমাণপত্ৰ ৰখাৰ প্ৰয়োজন বুলিও প্ৰকাশ কৰে প্ৰতিবেদনত । আনহাতে, ইউএই নাগৰিকসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে । লগতে কেৱল QR-coded নিগেটিভ পিচিআৰ পৰীক্ষাৰ প্ৰমাণপত্ৰহে গ্ৰহণযোগ্য । তদুপৰি, ভাৰতৰ যাত্ৰীসকলে ডুবাইলৈ প্ৰস্থান কৰাৰ চাৰি ঘণ্টা আগতে পিচিআৰ পৰীক্ষা কৰাব লাগিব আৰু নিগেটিভ প্ৰমাণপত্ৰ দেখাব লাগিব ।

একেদৰে ডুবাইত উপস্থিত হোৱাৰ পিছত যাত্ৰীসকলে আন এটা পিচিআৰ পৰীক্ষাও কৰিব লাগিব । ইয়াৰ উপৰিও, আগমনৰ পিছত, ভাৰতৰ যাত্ৰীসকলে তেওঁলোকৰ পিচিআৰ পৰীক্ষাৰ ফলাফল প্ৰাপ্ত নকৰালৈকে প্ৰতিষ্ঠানত কোৱাৰেণ্টাইন হ’ব লাগিব, যাৰ ফলাফল 24 ঘণ্টাৰ ভিতৰত দিয়া হ’ব । উল্লেখ্য যে, এপ্ৰিলৰ শেষৰ ফালে, মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত দেশখনত ক’ভিড-19 ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ইউএই য়ে ভাৰতৰ যাত্ৰীসকলৰ বাবে ভ্ৰমণ সীমা বন্ধ কৰে ৷

লগতে পঢ়ক : দিল্লীত চিলিণ্ডাৰ বিস্ফোৰণত 13 জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.