ETV Bharat / bharat

Heroin seized : অমৃতসৰৰ সীমান্তত জব্দ প্ৰায় ৫.৬ কোটি মূল্যৰ হেৰ'ইন

author img

By

Published : Jul 28, 2023, 11:18 AM IST

Updated : Jul 28, 2023, 12:32 PM IST

Heroin seized
অমৃতচৰৰ সীমান্তত জব্দ প্ৰায় ৫.৬ কোটি মূল্যৰ হেৰ'ইন

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত থকাৰ মাজতে অমৃতসৰৰ সীমান্তত কেইবা কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে । পাকিস্তানী চোৰাং ব্যৱসায়ীয়ে ড্ৰোণৰ জৰিয়তে সৰবৰাহৰ চেষ্টা কৰিছিল হেৰ'ইন । হেৰ'ইন ভৰ্তি দুটা বটল উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে এখন মটৰ চাইকেল জব্দ কৰিছে ।

নেশ্যনেল ডেস্ক,২৮ জুলাই : ভাৰত-পাকিস্তানৰ সীমান্তত পুনৰ জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন । সীমান্ত সুৰক্ষা বাহিনীয়ে অমৃতসৰৰ পৰা উদ্ধাৰ কৰা প্ৰায় ৫.৬ কোটি মূল্যৰ নিষিদ্ধ হেৰ'ইনখিনি । পাকিস্তানী চোৰাং ব্যৱসায়ীয়ে সৰবৰাহৰ চেষ্টা কৰিছিল হেৰ'ইনখিনি । অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

উল্লেখ্য যে, সীমান্ত অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ অপচেষ্টা দীৰ্ঘদিন ধৰি চলি আছে । পাকিস্তানী দুষ্টচক্ৰই ভাৰতলৈ এই সামগ্ৰীসমূহ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ভূমিকা লোৱা দেখা যায় । যাৰ বাবে সীমান্ত অঞ্চলত বিএছএফ আৰু সেনা বাহিনীৰ লগতে আৰক্ষীয়েও অভিযান চলাই থাকে ।

এনে সময়তে বিএছএফৰ জোৱানসকলে অমৃতসৰ সীমান্তৰ ম'ৰ গাঁৱৰ পৰা এই হেৰ'ইনখিনি জব্দ কৰে । প্ৰাপ্ত খবৰ অনুসৰি, বিএছএফ জোৱানসকলে হেৰ'ইনৰ চোৰাং ব্যৱসায়ৰ বিষয়ে গোপন তথ্য লাভ কৰিছিল । তেওঁলোকে পোৱা তথ্য অনুসৰি পাকিস্তানৰ পৰা বৃহৎ পৰিমাণৰ হেৰ'ইন চোৰাং কৈ অনা হৈছে আৰু ভাৰতীয় চোৰাং ব্যৱসায়ীক হস্তান্তৰ কৰা হৈছে । লগে লগে বিএছএফৰ জোৱানসকলে সমগ্ৰ কাৰ্যকলাপ নিৰীক্ষণ কৰে ।

হেৰ'ইনখিনি আহি পোৱাৰ লগে লগে জোৱানসকলে চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু পথাৰত ড্ৰোণৰ জৰিয়তে পেলাই থৈ যোৱা হেৰ'ইনখিনি উদ্ধাৰ কৰে । হেৰ'ইনখিনি প্লাষ্টিকৰ বটলত ভৰাই সৰবৰাহ কৰা হৈছে । হেৰ'ইনখিনি উদ্ধাৰ হোৱা দুয়োটা বটলতে হুক আছিল, যাৰ ফলত স্পষ্ট হৈ পৰিছে যে সেইবোৰ ড্ৰোণৰ দ্বাৰা পেলাই দিয়া হৈছিল । ইফালে মটৰ চাইকেল লৈ ব্যৱসায়ীজনে হেৰ'ইনখিনি সংগ্ৰহ কৰিবলৈ আহিছিল । কিন্তু চোৰাং ব্যৱসায়ীজনে বিএছএফৰ জোৱানসকলক দেখি মটৰ চাইকেলখন এৰি পলায়ন কৰে । অৱশ্যে জব্দ হোৱা মটৰ চাইকেলখনৰ জৰিয়তে আৰক্ষীয়ে চোৰাং ব্যৱসায়ীক আটক কৰাৰ প্ৰচেষ্টা চলাই আছে ।

উল্লেখ্য যে, পাকিস্তানে প্ৰতিদিনে এনে ধৰণৰ কাৰ্যকলাপ চলাই আছে । অৱশ্যে আৰক্ষী আৰু বিএছএফে তেওঁলোকৰ ওপৰত নজৰ ৰাখি চুবুৰীয়া দেশৰ চোৰাং ব্যৱসায়ীসকলৰ কাৰ্যকলাপ বিফল কৰিছে । সচৰাচৰ ড্ৰোণৰ জৰিয়তে ব্যৱসায়ীসকলে ড্ৰাগছৰ দৰে সামগ্ৰীবোৰ ভাৰতলৈ প্ৰেৰণ কৰে । যোৱা সময়ছোৱাত সীমান্ত অঞ্চলত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :Physical cruelty against children : দেশৰ চাইল্ডকেয়াৰ কেন্দ্ৰতে সুৰক্ষিত নহয় শিশু !

Last Updated :Jul 28, 2023, 12:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.