ETV Bharat / bharat

Physical cruelty against children : দেশৰ চাইল্ডকেয়াৰ কেন্দ্ৰতে সুৰক্ষিত নহয় শিশু !

author img

By

Published : Jul 27, 2023, 3:52 PM IST

দেশৰ চাইল্ডকেয়াৰ কেন্দ্ৰবোৰ আচলতে কেনেকৈ চলে ? যোৱা ৩ বছৰত কেন্দ্ৰবোৰত শিশুৰ ওপৰত ১০০০ৰো অধিক ঘটনা সংঘটিত হৈছে । সৰ্বাধিক ঘটনা কেৰালাত সংঘটিত হৈছে ।

Physical cruelty against children
দেশৰ চাইল্ডকেয়াৰ কেন্দ্ৰতে সুৰক্ষিত নহয় শিশু

নেশ্যনেল ডেস্ক,২৭ জুলাই : ৰাজ্যসভাত ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে । দেশৰ একাংশ চাইল্ডকেয়াৰ প্ৰতিষ্ঠানতে শিশুসকলৰ ওপৰত চলে নিৰ্যাতন । মন্ত্ৰীগৰাকী ৰাজ্যসভাত প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৩ বছৰত চাইল্ডকেয়াৰ কেন্দ্ৰবোৰত প্ৰায় ১,০১০ টা শিশুৰ বিৰুদ্ধে মানসিক বা শাৰীৰিক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । বুধবাৰে ৰাজ্যসভাত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে ।

ইয়াৰ ভিতৰত, ২০১৯ চনত ৪১২ টা, ২০২০ চনত ৩২২ টা ঘটনা আৰু ২০২১ চনত ২৭৬ টা ঘটনা সংঘটিত হৈছে । চৰকাৰে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ' (NCRB)ৰ তথ্যৰ উদ্ধৃতি দি এই তথ্য উত্থাপন কৰিছে । সকলো ৰাজ্যৰ ভিতৰত, ৰাজস্থানত যোৱা ৩ বছৰত সৰ্বাধিক ২৪৬ টা ঘটনা সংঘটিত হৈছে । ৰাজ্যখনৰ চাইল্ডকেয়াৰ কেন্দ্ৰত ২০১৯ চনত ৮০ টা, ২০২০ চনত ১০০ টা আৰু ২০২১ চনত ৬৬ টা শিশুৰ ওপৰত নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ।

তথ্য অনুসৰি, কেৰালাত এনে ধৰণৰ ১৯১ টা ঘটনা সংঘটিত হৈছে । ২০১৯ চনত প্ৰায় ৫২ টা, ২০২০ চনত ৬৫ টা আৰু ২০২১ চনত ৭৪ টা ঘটনা সংঘটিত হৈছে । গুজৰাটত ১৮০ টা ঘটনাৰ গোচৰ আছিল । য'ত ২০১৯ চনত ৯১ টা, ২০২০ চনত ৫০ টা আৰু ২০২১ চনত ৩৯ টা গোচৰ ৰুজু কৰিছে ।

আৰজেডিৰ সাংসদ অধ্যাপক মনোজ কুমাৰ ঝাৰ এটা প্ৰশ্নত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে । প্ৰশ্নটোত যোৱা ৩ বছৰত চাইল্ডকেয়াৰ কেন্দ্ৰত সংঘটিত মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ ঘটনাৰ সংখ্যা আৰু এনে ক্ষেত্ৰত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যাৰ বিষয়ে সোধা হৈছিল ।

চৰকাৰৰ তৰফৰ পৰা চাইল্ডকেয়াৰ কেন্দ্ৰবোৰ নিয়মীয়াকৈ পৰিদৰ্শন কৰা হয় বুলিও প্ৰশ্নৰ উত্তৰত কোৱা হৈছে । তথ্য অনুসৰি যোৱা ৩ বছৰত ৪,২৬৮ বাৰ পৰিদৰ্শন কৰা হৈছে । মহাৰাষ্ট্ৰত প্ৰায় ৫৯৭ বাৰ পৰিদৰ্শন কৰা হৈছে । তামিলনাডুত চৰকাৰে ৪১৫ বাৰ, ৰাজস্থানত ৩৯৪ বাৰ আৰু পাঞ্জাৱত ২৬৪ বাৰ পৰিদৰ্শন কৰা হৈছে ।

লগতে পঢ়ক :Muharram procession in Kashmir : ৩৪ বছৰ পিছত কাশ্মীৰত মহৰমৰ শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.