ETV Bharat / bharat

ভাতৃক বৃক্কদান কৰাৰ বাবে সংসাৰ ভাঙিল মহিলাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 2:23 PM IST

অসুস্থ ভাতৃৰ জীৱন ৰক্ষা কৰিবলৈ গৈ বিপদত এগৰাকী মহিলা । ক্ষতিপূৰণ হিচাপে ৪০ লাখ টকা নিদিয়াৰ বাবে হোৱাটছ এপতে স্বামীয়ে তালাক দিলে মহিলাগৰাকীক (Triple Talaq in Gonda)। আৰক্ষীৰ ওচৰত গোচৰ ৰুজু ভুক্তভোগী মহিলাৰ ।

Triple Talaq in Gonda
ভাতৃক বৃক্কদান কৰাৰ বাবে সংসাৰ ভাঙিল মহিলাৰ

ভাতৃক বৃক্কদান কৰাৰ বাবে সংসাৰ ভাঙিল মহিলাৰ

নেশ্যনেল ডেস্ক,২১ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ৰুগীয়া ভাতৃক বৃক্কদান কৰি বিপদত এগৰাকী মহিলা । মহিলাগৰাকীক হোৱাটছ এপতে তালাক দিলে স্বামীয়ে । আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী ।

জানিব পৰা মতে এই ঘটনাটো গোণ্ডা জিলাৰ ধনেপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জয়তাপুৰৰ । গাঁওখনৰ বাসিন্দা শাকিৰৰ ভগ্নী তৰান্নুমে ২০ বছৰ পূৰ্বে গাঁওখনৰে ৰছিদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । ৰছিদে চাকৰিসূত্ৰে চৌদি আৰৱত বাস কৰে । তৰান্নুমে কোৱা মতে তেওঁলোকৰ কোনো সন্তান নাছিল । যাৰ বাবে, তেওঁৰ স্বামীয়ে পুনৰ বিবাহপাশত আৱদ্ধ হৈছিল । তৰান্নুমৰ ভাতৃৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা আছিল । যাৰ বাবে ভাতৃ মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । চিকিৎসকসকলে কৈছিল যে তেওঁৰ এটা বৃক্ক বিফল হৈছে । তেওঁক যিমান সম্ভৱ সোনকালে বৃক্ক সংৰোপণৰ প্ৰয়োজন ।

তৰান্নুমে তেতিয়া ভাতৃক বৃক্কদানৰ বাবে সন্মত হয় । তৰান্নুমে জনোৱা মতে এই ক্ষেত্ৰত স্বামী শাকিৰৰ পৰাও সন্মতি লৈছিল । মুম্বাইৰ যশলোক চিকিৎসালয়ত তেওঁ প্ৰায় ৫ মাহ পূৰ্বে বৃক্কৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে । চিকিৎসালয়ৰ পৰা আহিয়ে তৰান্নুমে গোণ্ডাৰ শহুৰেকৰ ঘৰলৈ যায় । কিন্তু ঘৰত উপস্থিত হোৱাৰ পাছতে চৌদি আৰৱত থকা স্বামী উত্তেজিত হৈ পৰে । বৃক্কৰ সলনি তেওঁৰ ভাতৃৰ পৰা ৪০ লাখ টকা দাবী কৰে । কিন্তু তৰান্নুমে অস্বীকাৰ কৰাৰ পাছত স্বামী শাকিৰে ৩০ আগষ্টত মোবাইলত এটা হোৱাটছএপ মেচেজ প্ৰেৰণ কৰে আৰু তেওঁৰ সৈতে বিবাহ বিচ্ছেদৰ কথা উল্লেখ কৰে ।

অৱশ্যে বিবাহ বিচ্ছেদৰ পাছতো তৰান্নুম শহুৰেকৰ ঘৰতে আছিল । কিন্তু এতিয়া শহুৰেকে তৰান্নুমক ঘৰত থাকিবলৈ নিদিয়ে । যাৰ বাবে তৰান্নুমে ন্যায়ৰ বাবে আৰক্ষীৰ কাষ চাপিছে । ভুক্তভোগী তৰান্নুমে ইতিমধ্যে স্বামীৰ বিৰুদ্ধে ধেনেপুৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে ।

ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাধেশ্যাম ৰায়ে কয় যে মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেওঁৰ স্বামীয়ে হোৱাটছএপ মেছেজৰ জৰিয়তে বিবাহ বিচ্ছেদ দিছে । সম্প্ৰতি বিষয়টোক লৈ তদন্ত অব্যাহত আছে । অনুসন্ধানৰ পাছত প্ৰয়োজনীয় আইনী ব্যৱস্থা লোৱা হ'ব বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে ।

লগতে পঢ়ক :পত্নীক হত্যা কৰি ওৰে নিশা পত্নীৰ মৃতদেহৰ লগত কটালে স্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.