ETV Bharat / bharat

Bulandshahr Murder: ১৫০ গজ মাটিৰ বাবে ৯ টাকৈ হত্যাকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 2:17 PM IST

বুলন্দচহৰৰ এখন গাঁৱত ১৫০ গজ মাটিৰ বাবে ৯ টাকৈ হত্যাকাণ্ড সংঘটিত হৈছে । এই পুৰণি ৩১ বছৰীয়া প্ৰতিদ্বন্দ্বিতা এতিয়াও চলি আছে । শেহতীয়াকৈ এই প্ৰতিদ্বন্দ্বিতাত এজন আই বি হেড কনিষ্টবলকো হত্যা কৰা হৈছে । আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ত কৰাৰ পাচত তেওঁলোকে স্বীকাৰ কৰে যে পিতৃৰ শেষ ইচ্ছা পূৰণৰ বাবেই তেওঁলোকে এই কাম কৰিছিল । পঢ়ক এই বিশেষ প্ৰতিবেদন-

Bulandshahr Murder
প্ৰাক্তন কৰ্মচাৰীসহ 9 জন লোকৰ হত্যা

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ : এতিয়ালৈকে চেলেমপুৰৰ নাছিৰপুৰ ভৈসৰলী গাঁৱত ১৫০ গজ মাটি আৰু ইটাভাটাৰ বিবাদত ৯ জন লোকক হত্যা কৰা হৈছে । এই ৩১ বছৰীয়া প্ৰতিদ্বন্দ্বিতাৰ বাবেই ৩০ অক্টোবৰত আই বিৰ প্ৰাক্তন হেড কনিষ্টবল এজনকো গুলীয়াই হত্যা কৰা হৈছিল । ইজনে সিজনক হত্যা কৰাৰ উদ্দেশ্যেৰে দুয়োপক্ষই বহু বছৰ ধৰি তেজ বোৱাই আহিছে । ইফালে প্ৰাক্তন আই বি জোৱানজনৰ হত্যাকাণ্ডৰ দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

Bulandshahr Murder
প্ৰাক্তন কৰ্মচাৰীসহ 9 জন লোকৰ হত্যা

জেৰাৰ সময়ত হত্যাকাৰীয়ে স্বীকাৰ কৰে যে তেওঁলোকে পিতৃৰ শেষ ইচ্ছা পূৰণৰ বাবে এই অপৰাধ সংঘটিত কৰিছে । লগতে তেওঁ আৰু বহু চাঞ্চল্যকৰ তথ্যও আৰক্ষীক যোগান ধৰে । কিমান দিনৰ পৰা এই প্ৰতিদ্বন্দ্বিতা চলি আছে, কি বিবাদ, কেতিয়াৰ পৰা আৰম্ভ হ’ল এই ৰক্তাক্ত খেলখন এই সকলোবোৰ তথ্য পাব ইয়াতেই ৷ ইটিভি ভাৰতৰ দলটো সেই গাঁৱত উপস্থিত হয় য’ৰ পৰা প্ৰতিশোধৰ জুই জ্বলি উঠিছিল । বাতৰিটো আগলৈ পঢ়ক...

নাছিৰপুৰ ভৈসৰলীৰ বাসিন্দা ৰামভূল আই বিৰ হেড কনিষ্টবল আছিল । তেওঁ অৱসৰ লৈছিল । ৩০ অক্টোবৰত তেওঁক গুলীয়াই হত্যা কৰা হৈছিল । ইটিভি ভাৰতৰ দলে অনুসন্ধান কৰাৰ সময়ত গাঁওখনৰ ৰাইজে জনোৱা মতে, ৰামভূল প্ৰথমে জাহাংগীৰাবাদ থানা এলেকাৰ গাঁও ৰোণ্ডাৰ বাসিন্দা আছিল । তেওঁৰ মাতৃ আছিল চেলেমপুৰ থানা এলেকাৰ গাঁও নাছিৰপুৰ ভৈসৰলীৰ বাসিন্দা । পৰিয়ালত তেওঁৰ বাহিৰে কোনো সন্তান নাছিল । সেই বাবেই ১৯৭৮ চনৰ পৰা ৰামভূলৰ পিতৃ ৰিছাল সিঙে শহুৰেকৰ ঘৰতে থাকিবলৈ আৰম্ভ কৰে । প্ৰায় ১১০ বিঘা মাটিৰ মালিক আছিল ৰিছাল সিং । শহুৰ পক্ষৰ মহেন্দ্ৰ সিংহৰ পুত্ৰ বিজেন্দ্ৰ সিংহৰ লগত ১৫০ গজ মাটি আৰু ইটাভাটাৰ সন্দৰ্ভত বিবাদ চলি আছিল । এই বিবাদতে ১৯৮৬ চনত ৰিছালৰ পুত্ৰ ৰামভূলৰ ওপৰত গুলীচালনাও কৰা হৈছিল । কিন্তু তেওঁ বাচি গ’ল ।

Bulandshahr Murder
প্ৰাক্তন কৰ্মচাৰীসহ 9 জন লোকৰ হত্যা

গাঁৱৰ মানুহে কয় যে ১৯৯১ চনত ৰামভূলৰ জ্যেষ্ঠ ভাতৃ শ্ৰীপাল, ১৯৯২ চনত ভাতৃ ৰতনপাল আৰু সতপাল সিং, পিতৃ ৰিছাল সিংক গুলীয়াই হত্যা কৰা হৈছিল । এই ঘটনাত মহেন্দ্ৰ সিঙৰ পুত্ৰ বীৰেন্দ্ৰ সিং, সোহনপালৰ পুত্ৰ বীৰেন্দ্ৰ সিং, বিজেন্দ্ৰ সিঙৰ পুত্ৰ সুনীল সিং, চেত্ৰাম সিঙৰ পুত্ৰ কুঁৱৰপাল সিং আৰু হৰবীৰ সিঙৰ পুত্ৰ সতপল সিংকে ধৰি আনটো পক্ষৰ পাঁচজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় । ইয়াৰে বীৰেন্দ্ৰ সিঙৰ মৃত্যু হোৱাৰ বিপৰীতে আন সকলে যাৱজ্জীৱন কাৰাদণ্ড ভুগি ২০২১ চনত জেলৰ পৰা ওলাই আহিছিল । ইয়াৰ পিচত তেওঁ গাঁও এৰি আন জিলাত থাকিবলৈ আৰম্ভ কৰে ।

১৯৯৩ চনত বিজেন্দ্ৰ সিঙৰ পক্ষৰ দুজন লোক নিহত হৈছিল । এই অভিযোগ উঠিছিল ৰামভূল পক্ষৰ বিৰুদ্ধে । এই গোচৰত ৰামভূলক জেললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে । প্ৰতিদ্বন্দ্বিতাৰ বাবে দুয়ো পৰিয়ালে গাঁও এৰি বুবুলন্দচহৰ, নয়দা আৰু গাজিয়াবাদত থাকিবলৈ আৰম্ভ কৰে । তেওঁলোকৰ ঘৰবোৰ ধ্বংসস্তূপ লৈ পৰিণত হৈ পৰে । ৰামভূল মাজে মাজে খেতি কৰিবলৈ আহিছিল । বৰ্তমান সময়ত ৰামভূল ৰোণ্ডা গাঁৱত বাস কৰিছিল, আনহাতে ইটো পক্ষৰ মানুহখিনিয়ে নাছিৰপুৰ ভৈসৰলী গাঁৱত বাস কৰিছিল । ৰামভূলৰ জ্যেষ্ঠ ভাতৃ শ্ৰীপালক হত্যা কৰাৰ পিচত তেওঁৰ পত্নী মুনেশক গাঁৱৰ ৰাইজে গাঁৱৰ মুৰব্বী কৰি লৈছিল । বিজেন্দ্ৰ সিং পক্ষৰ পৰা বিজেন্দ্ৰ সিং, মহেন্দ্ৰ, কৃপাল, কৰণবীৰক হত্যা কৰা হয় । এই পৰ্যন্ত ভূমি বিবাদত ৯ জন লোকৰ তেজ বোৱাইছে হত্যাকাৰীয়ে । নৱম হত্যাকাণ্ডটো ৰামভূলৰ । যি মাটিক লৈ দুয়োপক্ষৰ মাজত বিবাদ হৈছে, সেই মাটিও এতিয়া অনুৰ্বৰ হৈ পৰিছে ।

গাঁৱৰ ৰাইজে কয় যে গাঁও এৰি যোৱাৰ পিচত দুয়োফালৰ কিছু মানুহ সম্ভলত থাকিছিল । সাত বছৰৰ পাছত তেওঁলোক ইয়াৰ পৰা গুচি যায় । ইয়াৰ পিচত ৰামভূলে দিল্লীত থাকিবলৈ আৰম্ভ কৰে । ১৬ বছৰ তাতেই থাকিলে । তাত তেওঁক ঘেৰি ধৰাৰ পিচত মথুৰালৈ গুচি গ’ল । পিছত তেওঁ ৰোণ্ডা গাঁৱলৈ আহি তাতেই থাকিবলৈ আৰম্ভ কৰিলে । গাঁওবাসীৰ মতে, ৰামভূলে সদায় ভয় খাই থাকিছিল, তেওঁ অকলশৰীয়া, নিজৰ জীৱনক লৈ চিন্তিত আছিল । লগত ৰাইফল এটাও ৰাখিছিল তেওঁ ।

দুয়োটা পৰিয়ালৰ মাজত চলি থকা প্ৰতিদ্বন্দ্বিতাৰ বাবে গাঁৱৰ মানুহে তেওঁলোকৰ বিষয়ে যিকোনো কথা ক’বলৈ ভয় কৰে । নিস্তব্ধ সুৰত এজন মানুহে ৰামভূলৰ হত্যাৰ সমগ্ৰ কাহিনী বৰ্ণনা কৰিলে । প্ৰাপ্ত তথ্য অনুসৰি, চাৰিজন মুখা পিন্ধা দুষ্কৃতিকাৰী দুখন বাইকত উঠি আহিছিল । ধান বিক্ৰী কৰি উভতি অহা এখন ট্ৰেক্টৰক অতিক্ৰম কৰে বাইক দুখনে । বাইকৰ পৰা নামি আহিল দুজন দুষ্কৃতিকাৰী । সেই ট্ৰেক্টৰখনত ৰামভূলো আছিল । দুষ্কৃতিকাৰীয়ে ভাবুকি দিয়ে যে যদি জীৱনটো প্ৰিয় তেন্তে এতিয়াই ৰামভূলক এৰি পলাই যাওক । ট্ৰেক্টৰখন চলাই থকা মনোজ আৰু তেওঁৰ পিতৃ হেমৰাজে ট্ৰেক্টৰখন আৰু ৰামভূজক এৰি পলাই যায় । দুৰ্বৃত্তই ট্ৰেক্টৰৰ কাষত উপস্থিত হৈ গুলীচালনা কৰে । চাৰিটা গুলী লাগে ৰামভূলৰ গাত । মৃত্যু হয় তেওঁৰ ।

এছ এছ পি শ্লোক কুমাৰে কৈছিল যে আৰক্ষীয়ে অভিযুক্তক বিচাৰি আছিল । এটা ইনপুটৰ ভিত্তিত চালেমপুৰ আৰক্ষী থানাই দেওবাৰে শিৱালী-ভাগৌলী পথত বাহন পৰীক্ষা চলাই আছিল । একে সময়তে, দুজন লোকক এখন বাইকত অহা দেখা পাই তেওঁলোকে । তেওঁলোকে যেতিয়া ৰ’বলৈ ইংগিত দিছিল বাইক আৰোহীয়ে পলাবলৈ আৰম্ভ কৰিছিল । আৰক্ষীয়ে তেওঁলোকক খেদি গৈছিল ৷ ঠিক সেই সময়তে তেওঁলোকে হেণ্ড পাম্পৰ সৈতে খুন্দা মাৰে আৰু বাগৰি পৰে । পুলিচে ঘেৰি থকা দেখি তেওঁলোকে গুলীচালনা কৰে । এজন দুৰ্বৃত্ত গুলীৰ ফলত আহত হৈছিল, আৰক্ষীয়ে তেওঁক ধৰিবলৈ সক্ষম হয় । দৌৰি গৈ আৰক্ষীয়ে আনজন দুৰ্বৃত্তকো ধৰিছিল ।

এছ এছ পিয়ে জনোৱা মতে, ৰামভূলৰ উপৰিও মুকেশ তেওঁৰ পিতৃ আৰু ভাতৃৰ হত্যাকাণ্ডৰ সৈতেও জড়িত আছিল । বহু বছৰ ধৰি পলাতক হৈ আছিল মুকেশ । শিৱকুমাৰৰো এটা অপৰাধজনিত ইতিহাস আছে । দুয়োৰে পৰা এটা পিষ্টল ৩২ ব’ৰ, এটা পিষ্টল ৩১৫, ৩টা কাৰ্টিজ, এটা শ্বেল, এখন মটৰ চাইকেল উদ্ধাৰ কৰা হৈছে । দুয়োৰে বিৰুদ্ধে চেলেমপুৰত গোচৰ ৰুজু কৰা হৈছে । দুয়োকে জেললৈ প্ৰেৰণ কৰা হৈছে । দুয়োৰে পিতৃৰ ইতিমধ্যে মৃত্যু হৈছে । দুয়োজনেই গাঁৱৰ পাতি লোৱা খুৰাকৰ ঘৰত বাস কৰিছিল । দুয়ো অভিযুক্তই আৰক্ষীক জনোৱা মতে, তিনিমাহ পূৰ্বে তেওঁলোকৰ খুৰীয়েকৰ মৃত্যু হৈছিল ।

দুয়োজন অভিযুক্তই কৈছিল যে তেওঁলোক দুয়োজনে খুৰাকক তেওঁলোকৰ দেউতাক হিচাপে গ্ৰহণ কৰিছিল । খুৰাকে তেওঁৰ মৃত্যুৰ আগতে কৈছিল যে প্ৰতিদ্বন্দিতাৰ বাবে পৰিয়ালটোৱে বহু বছৰ ধৰি অশান্তিপূৰ্ণভাৱে বাস কৰি আছিল । তেওঁলোকে এটা গোপন জীৱন যাপন কৰি আছে । ৰামভুল হৈছে আটাইতকৈ ডাঙৰ শত্ৰু । তেওঁৰ মৃত্যু হোৱাটো প্ৰয়োজনীয়, তেতিয়াহে এই বিবাদৰ সমাপ্তি ঘটিব । এই কথাটোৱে দুয়োৰে মনত ক্ৰিয়া কৰে । ইয়াৰ পিচতে, তেওঁলোকে ৰামভূলক হত্যা কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰে । তিনি মাহ ধৰি তেওঁলোক দুয়োজনে তেওঁলোকৰ ভগ্নী, ভতিজা আৰু তেওঁৰ বন্ধুৰ সৈতে ৰেইকি কৰি আছিল । সুযোগ পাইয়েই তেওঁলোকে ৰামভূলক গুলীৰে হত্যা কৰে । জেৰাৰ সময়ত, অভিযুক্তই প্ৰকাশ কৰিছিল যে তেওঁলোকে ৰামভূলক খুৰাকৰ শেষ ইচ্ছা মতে হত্যা কৰিছিল । অভিযুক্ত মুকেশৰ চকু বহুবাৰ সেমেকি উঠিছিল । জেৰাত তেওঁ কয় যে হেড কনিষ্টবল ৰামভূল পক্ষই তেওঁলোকৰ মাটি দখল কৰিব বিচাৰিছিল আৰু ইটাভাটাক লৈও বিবাদ হৈছিল ।

লগতে পঢ়ক : IED Blast In Chhattisgarh: সুকমাত IED বিস্ফোৰণত আহত CRPF ৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.