ETV Bharat / bharat

IED Blast In Chhattisgar: সুকমাত IED বিস্ফোৰণত আহত CRPF ৰ জোৱান

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 9:10 AM IST

Updated : Nov 7, 2023, 9:42 AM IST

IED Blast In Chhattisgar
IED বিস্ফোৰণত আহত CRPF জোৱান

ছত্তীশগড়ত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ইয়াৰ মাজতে টণ্ডামাৰ্কা অঞ্চলত মাওবাদীয়ে সংঘটিত কৰিছে IED বিস্ফোৰণ । এই বিস্ফোৰণত আহত হৈছে CRPF ৰ জোৱান ।

নেশ্যনেল ডেস্ক, 7 নৱেম্বৰ : ছত্তীশগড় নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিচৰে পৰা মাওবাদীয়ে ধাৰাবাহিকভাৱে উগ্ৰ ৰূপ ধাৰণ কৰি আহিছিল । আজি অৰ্থাৎ মঙলবাৰে সুকমা জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ সময়ত মাওবাদীয়ে সংঘটিত কৰিছে আই ই ডি বিস্ফোৰণ । এই আই ই ডি বিস্ফোৰণত আহত হৈছে চি আৰ পি এফৰ অভিজাত ইউনিট কোব্ৰাৰ এজন জোৱান ।

আৰক্ষীয়ে জনোৱা মতে, চি আৰ পি এফ আৰু কোব্ৰাৰ 206 নং বেটেলিয়নৰ যৌথ দল এটা টণ্ডামাৰ্কা শিবিৰৰ পৰা এলমাগুণ্ডা গাঁৱৰ দিশে ৰাওনা হৈছিল । তেনেতে কোবৰা 206 নং বেটেলিয়নৰ পৰিদৰ্শক শ্ৰীকান্তই মাওবাদীয়ে সংস্থাপন কৰা এটা আই ই ডিত ভৰি দিয়ে, যাৰ ফলত বিস্ফোৰণ ঘটে আৰু জোৱানজনো আহত হয় ।

আই ই ডি বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটো কন্টা বিধানসভা সমষ্টিৰ অন্তৰ্গত । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অধীনত কন্টাতো ভোটগ্ৰহণ চলি আছে । ইয়াত ছত্তীশগড়ৰ মন্ত্ৰী কাৱাসী লখমাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে ।

নক্সাল প্ৰভাৱিত ছত্তীশগড়ৰ বাস্তৰত মাওবাদীয়ে ধাৰাবাহিকভাৱে উগ্ৰ ৰূপ ধাৰণ কৰি আছে । সোমবাৰে নাৰায়পুৰণতো মাওবাদীয়ে মুৰ্হাপাদৰত আই ই ডি সংস্থাপনৰ পৰিকল্পনা কৰিছিল । অতিৰিক্ত আৰক্ষী অধীক্ষক হেমসাগৰ ছিদাৰে জনোৱা মতে, আইটিবিপিৰ দলটোৱে সেই স্থানত উপস্থিত হৈ এটা আইইডি বোমা উদ্ধাৰ কৰে আৰু ইয়াক নিষ্ক্ৰিয় কৰি থাকোতে আইটিবিপিৰ এজন জোৱান সামান্য আঘাতপ্ৰাপ্ত হয় ।

উল্লেখ্য যে, 20 খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আজি 7 বজাৰ পৰা আৰম্ভ হৈছে ৷ ৰাজ্যখনত নিৰাপত্তাজনিত দিশৰ পৰা নজৰ ৰাখি 25,249 জন জোৱান নিয়োগ কৰা হৈছে বুলি নিৰ্বাচনী বিষয়াসকলে জনায় ।

লগতে পঢ়ক : Chhattisgarh election 2023: 7 বজাৰ পৰা আৰম্ভ হ’ল ছত্তীশগড়ত ভোটগ্ৰহণ

Last Updated :Nov 7, 2023, 9:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.