ETV Bharat / bharat

Ambala Dehradun Highway Accident : ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গাড়ীত জুই; জীৱন্তে অগ্নিদগ্ধ ৪ যাত্ৰী

author img

By

Published : Jul 18, 2023, 7:24 PM IST

Ambala Dehradun Highway Accident
Ambala Dehradun Highway Accident

উত্তৰ প্ৰদেশৰ চাহাৰনপুৰ ঘাইপথত এখন চলন্ত গাড়ী হঠাতে অগ্নিপিণ্ডত পৰিণত হয় । দুৰ্ঘটনাটোত একেটা পৰিয়ালৰে চাৰিজন সদস্য জীৱন্ত অৱস্থাতে অগ্নিদগ্ধ হয় ।

ৰাজপথতে গাড়ীত জুই লাগি জীৱন্তে অগ্নিদগ্ধ ৪ জন

নিউজ ডেস্ক, ১৮ জুলাই : মঙলবাৰে উত্তৰপ্ৰদেশত সংঘটিত হয় এক শিহৰণকাৰী দুৰ্ঘটনা । ৰামপুৰ মণিহাৰণ অঞ্চলৰ আম্বালা-ডেৰাডুন ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো । চলন্ত অৱস্থাতে ৰাজপথত অগ্নিকাণ্ড সংঘটিত হয় গাড়ীখনত । গাড়ীখনত জুইলগাৰ ফলত ৰাজপথত পথচাৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । কিন্তু কোনেও একো বুজি নৌপাওঁতেই সমগ্ৰ গাড়ীখন অগ্নিকাণ্ডৰ ফলত ধ্বংসস্তূপত পৰিণত হয় । গাড়ীখনত থকা চাৰিজন ব্যক্তি জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগা হয় । ইফালে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে গাড়ীখনত অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত অনুসন্ধান কৰি আছে ।

তথ্য অনুসৰি, উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ জ্বালাপুৰ চহৰৰ এটা পৰিয়ালে এখন গাড়ীত আম্বালা-ডেৰাডুন ঘাইপথেৰে যাত্ৰা কৰি আছিল । গাড়ীখন চাহাৰনপুৰৰ ৰামপুৰ মণিহৰণ অঞ্চলত উপস্থিত হোৱাৰ লগে লগে হঠাতে জুই লাগে । গাড়ীচালক আৰু পৰিয়ালৰ লোকে কিবা বুজি পোৱাৰ আগতে জুই তীব্ৰ হৈ পৰে । লগে লগে গাড়ীখন অগ্নিকুণ্ডত পৰিণত হয় ।

ইফালে গাড়ীখনত জুইলগাৰ বাবে পথচাৰীসকল ৰাজপথৰ দুয়োফালে ৰৈ ঘটনাটো প্ৰত্যক্ষ কৰে । জানিব পৰা মতে চালকজনে গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু ৱায়াৰিং জ্বলাৰ বাবে পাৱাৰ ব্ৰেকে কাম কৰা নাছিল । ইফালে গাড়ীখন ৰখাৰ লগে লগে, শ্বৰ্ট চাৰ্কিটৰ বাবে খিৰিকীবোৰ খুলিব নোৱাৰা হৈ যায় । যাৰ বাবে চাৰিওজন লোক গাড়ীৰ ভিতৰত জীৱিত অৱস্থাতে জ্বলি যায় । স্থানীয় লোকে ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল ।

একে সময়তে আৰক্ষীও আহি ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নুমুৱায় । তাৰ পিছত মৃতদেহকেইটা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে গাড়ীখনত সংঘটিত অগ্নিকাণ্ডৰ তদন্ত কৰি আছে । প্ৰাথমিকভাৱে জুইৰ কাৰণ শ্বৰ্ট চাৰ্কিট বুলি কোৱা হৈছে ।

লগতে পঢ়ক :Flood in Agra : আগ্ৰাত বানৰ বিভীষিকা, বন্ধ তাজ ভিউ পইণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.