ETV Bharat / bharat

Flood in Agra : আগ্ৰাত বানৰ বিভীষিকা, বন্ধ তাজ ভিউ পইণ্ট

author img

By

Published : Jul 18, 2023, 2:56 PM IST

আগ্ৰাত বানে ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে । যমুনাৰ বাঢ়নীপানীয়ে স্পৰ্শ কৰিছে তাজমহলৰ দেৱাল । নগৰৰ ৩০ টা অঞ্চলত বানপানীৰ আশংকা ।

Flood in Agra
আগ্ৰাত বানৰ বিভীষিকা

নেশ্যনেল ডেস্ক,১৮ জুলাই : দিল্লী আৰু মথুৰাৰ পাছত এইবাৰ আগ্ৰাত বান পৰিস্থিত ভয়ংকৰ হৈ পৰিছে । শ শ বিঘা শস্য ভূমি এতিয়া পানীৰ তলত । যমুনাৰ পাৰত এতিয়া আপুনি যিফালেই চাই কেৱল পানী আৰু পানী । ৪৫ বছৰৰ পাছত যমুনা নদীৰ বাঢ়নীপানীয়ে তাজমহলৰ দেৱাল স্পৰ্শ কৰিছে । দশেৰা ঘাট পানীত ডুব গৈছে । ইয়াৰ উপৰিও বহু ঐতিহাসিক স্থান তথা স্মাৰক প্লাৱিত হৈছে । আগন্তুক ২৪ ঘণ্টা আগ্ৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে । যমুনাৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে যদিও ই আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । ফলস্বৰূপে ঐতিহাসিক কৈলাশ মেলা পিছুৱাই দিয়া হৈছে ।

ইতিমধ্যে হাই এলাৰ্ট জাৰী কৰা হৈছে । লগতে প্ৰশাসনে বানৰ সম্ভাৱনা থকা অঞ্চলবোৰৰ নামো ঘোষণা কৰিছে । সেই অঞ্চলবোৰত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে প্ৰশাসনে প্ৰস্তুতিও আৰম্ভ কৰিছে । জানিব পৰা মতে বানপ্ৰৱণ অঞ্চলবোৰৰ ভিতৰত কেইবাটাও ঐতিহাসিক অঞ্চল আছে ।

লক্ষণীয়ভাৱে আগ্ৰাত যমুনা নদীয়ে কালৰূপ ধাৰণ কৰিছে । যমুনাৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰি ৪৯৯ ফুটত উপনীত হৈছে । এনে পৰিস্থিতিত যমুনা নদীৰ বাঢ়নীপানীয়ে উপকূলীয় গাঁও আৰু বাট-পথসমূহ প্লাৱিত কৰিছে । যমুনাৰ পাৰত অৱস্থিত কৈলাশ মন্দিৰ, মেহতাব বাগ, তাজ ভিউ পইণ্টৰ লগতে তানিশ্ক ৰাজশ্ৰী ইষ্টেট কলনী, পয়া ঘাট, অনুৰাগ নগৰ, সিকন্দৰপুৰ গাঁও , যমুনা বেংক ষ্ট্ৰেচিয়া দলং, হাতী ঘাট, তাজগঞ্জ শ্মশানস্থলী আদি প্লাৱিত হৈছে । যমুনাৰ পানী প্ৰসিদ্ধ কৈলাশ মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰিছে । যাৰ বাবে ভক্তসকলে পানীৰ মাজত মন্দিৰ দৰ্শন কৰিছে ।

যমুনাৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত আগ্ৰাৰ মুখ্য নলাবোৰ ওফন্দি উঠিছে । নলাবোৰেৰে যমুনাৰ পানী কলনী আৰু মানুহৰ ঘৰবোৰত সোমাইছে । যাৰ বাবে অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে । যমুনাৰ পাৰত নিৰ্মাণ কৰা ৫টা নলাত থকা পাম্পিং ষ্টেচনক সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিয়া হৈছে ।

প্ৰশাসনে জনোৱা মতে জিলাখনত ৪৭ টা বান নিৰীক্ষণ চকী স্থাপন কৰা হৈছে । ৩৫০তকৈও অধিক ৰাজ্যিক কৰ্মচাৰীক তাত নিয়োগ কৰা হৈছে । এছডিআৰএফ আৰু এনডিআৰএফৰ দল জিলাখনত সক্ৰিয় হৈ আছে । ঐতিহাসিক তাজমহলৰ কাষত থকা তাজ ভিউ পইণ্ট আগ্ৰা উন্নয়ন কৰ্তৃপক্ষই অস্থায়ীভাৱে বন্ধ কৰি দিছে । তাত নিয়োজিত কৰ্মচাৰীসকলক কোনো পৰ্যটক বা স্থানীয় বাসিন্দাক তালৈ যোৱাত বাধা দিবলৈ নিৰ্দেশ দিছে ।

যমুনাৰ পাৰৰ বহু অঞ্চলত বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰ পানীত ডুব গৈছে । যাৰ বাবে যমুনাৰ পাৰৰ বহু অঞ্চলত বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হৈছে । কৈলাশ, দশেৰা ঘাট গাঁৱৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হৈছে । কৈলাশ গাঁৱত ২০ ঘণ্টা ধৰি বিদ্যুৎ নাই । যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বিদ্যালয়সমূহো বন্ধ আছে । খাদ্য সংকটত পৰিছে বহু লোক ।

লগতে পঢ়ক :Delhi Flood : যমুনাৰ বাঢ়নী পানীয়ে স্পৰ্শ কৰিছে তাজমহলৰ দেৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.