ETV Bharat / bharat

বিয়াৰ বাবে মান্তি নোহোৱাৰ বাবেই প্ৰেমিকাৰ পৰিয়ালৰ 6 জনলৈ গুলীবৰ্ষণ প্ৰেমিকৰ, দুজনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 12:08 PM IST

বিয়াৰ বাবে মান্তি নোহোৱাৰ বাবেই প্ৰেমিকাৰ পৰিয়ালটোক গুলীয়ালে প্ৰেমিকে ৷ এই ঘটনাত দুগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 4 গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷

6 people of same family shot in Lakhisarai bihar
বিয়াৰ বাবে মান্তি নোহোৱাৰ বাবেই প্ৰেমিকাৰ পৰিয়ালৰ 6 জনলৈ গুলীবৰ্ষণ প্ৰেমিকৰ, দুজনৰ মৃত্যু

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : দেশজুৰি ষঠ পূজাৰ উলহ মালহ ৷ ইয়াৰ মাজতে বিহাৰৰ লক্ষীসৰাইত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰেমজনিত কাৰণত একেটা পৰিয়ালৰ 6 জনক গুলীয়ালে চুবুৰীয়াই ৷ বিয়াৰ বাবে মান্তি নোহোৱাৰ বাবেই প্ৰেমিকাৰ পৰিয়ালটোক গুলীয়ালে প্ৰেমিকে ৷ এই ঘটনাত দুগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে 4 গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷

জানিব পৰা অনুসৰি, লক্ষীচৰাইৰ পাঞ্জাৱী মহল্লাত একেটা পৰিয়ালৰ ছয়জনক গুলীয়াই ধৰাশায়ী কৰে আশীষ চৌধুৰী নামৰ লোকজনে ৷ ভুক্তভোগী পৰিয়ালটোৱে জনোৱা অনুসৰি, সোমবাৰে পুৱা পৰিয়ালটোৱে ষঠ পূজাৰ ৰীতি-নীতি সমাপন কৰি ঘৰলৈ উভতি অহাৰ পথতে আশীষ চৌধুৰী নামৰ চুবুৰীয়া যুৱকজনে পিছফালৰ পৰা পৰিয়ালটোলৈ গুলীবৰ্ষণ কৰে ৷ আশীষে প্ৰেমিকা, প্ৰেমিকাৰ পিতৃসহ বৌৱেকক গুলীয়াই আহত কৰে ৷ এই ঘটনাত প্ৰেমিকাসহ ঘৰৰ এগৰাকী সদস্য থিতাতে নিহত হয় ৷

প্ৰেমিকাৰ বৌৱেকে কোৱা অনুসৰি তেওঁলোকৰ ননদৰ আশীষৰ সৈতে সম্পৰ্ক আছিল ৷ আশীষে বহু পূৰ্বেই প্ৰেমিকাৰ বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ কিন্তু প্ৰেমিকাই বিয়াৰ বাবে অমান্তি হৈছিল ৷ তাৰ পিচৰে পৰা এই সন্দৰ্ভত পৰিয়ালটোত কোনো আলোচনা হোৱা নাছিল ৷

এই ঘটনাত হতবাক হৈ পৰে পৰিয়ালটো ৷ আশীষে এনেদৰে কৰা আক্ৰমণত পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ সম্প্ৰতি চাৰিওজনকে উন্নত চিকিৎসাৰ বাবে ৰাজধানীৰ পিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ৷ এই তথ্য লাভ কৰাৰ পিচত আৰক্ষী কেপ্টেইন পংকজ কুমাৰ আৰু অন্যান্য বিষয়া ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটোৰ বিষয়ে সম্পূৰ্ণ বুজ লয় ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

"আশীষ চৌধুৰী নামৰ এজন যুৱকে পাঞ্জাৱী মহল্লাত ষঠ পূজাৰ পিচত একেটা পৰিয়ালৰ 6 গৰাকী সদস্যক গুলীয়াইছিল ৷ এই ঘটনাত 4 গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷ লগতে 2 জন লোকৰ মৃত্যু হয় ৷ অভিযুক্ত যুৱকজনে পৰিয়ালটোৰ যুৱতিগৰাকীৰ প্ৰেমত পৰিছিল আৰু বিয়া পাতিব বিচাৰিছিল ৷ কিন্তু পৰিয়ালটোৰ ফালৰ পৰা বিয়াৰ বাবে মান্তি হোৱা নাছিল ৷" –লক্ষীচৰাইৰ আৰক্ষী অধীক্ষক পংকজ কুমাৰে এই কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বেলুন ফুলাই থাকোতেই ঘটিল অঘটন, গুৰুতৰভাৱে আহত কেবাজনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.