বেলুন ফুলাই থাকোতেই ঘটিল অঘটন, গুৰুতৰভাৱে আহত কেবাজনো
Published: Nov 20, 2023, 11:07 AM

বেলুন ফুলাই থাকোতেই ঘটিল অঘটন, গুৰুতৰভাৱে আহত কেবাজনো
Published: Nov 20, 2023, 11:07 AM
বেতিয়াহৰ ষঠ পূজাৰ ঘাটত সংঘটিত হয় চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা ৷ ইয়াৰ ফলত আহত হৈছে 9 জনকৈ লোক । সংকটজনক অৱস্থাত আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ: ষঠ পূজাৰ আনন্দ-উল্লাসৰ মাজতে বিহাৰত শোকাৱহ ঘটনা ৷ আকষ্মিকভাৱে হোৱা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ষঠ পূজাৰ দিনটোতে সংঘটিত হয় মৰ্মান্তিক ঘটনা ৷ বিহাৰৰ বেতিয়াহৰ ষঠ পূজাৰ ঘাটত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণত বৰ্তমান পৰ্যন্ত 9 জন লোক আহত হৈছে । সংকটজনক অৱস্থাত আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
বিহাৰৰ চিকাৰহানা নদীৰ পাৰত অৱস্থিত প্ৰক্ৰিয়া ষঠ ঘাটত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো । দুৰ্ভাগ্যজনকভাৱে, ষঠ পূজা উপলক্ষে নদীৰ পাৰত গোট খাইছিল বহু ভক্ত ৷ ৰীতি অনুসৰি উদিত সূৰ্যক প্ৰাৰ্থনা কৰিবলৈ ঘাটত উপস্থিত হৈছিল ভক্তসকল আৰু উক্ত সময়তে এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈছিল । এই ঘটনাত বৰ্তমান পৰ্যন্ত মুঠ 9 জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে ।
বিস্ফোৰণত আহত হোৱাসকলৰ ভিতৰত আছে বিশাল কুমাৰ (8), ৰোশন কুমাৰ (14), সুৰজ কুমাৰ (30), অংকিত কুমাৰ (7), পাপ্পু কুমাৰ (13), পল্লৱ কুমাৰী (15), কিৰণ কুমাৰী (14 )কে ধৰি আন বহু লোক । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱায় আৰু বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
জানিব পৰা মতে, ষঠ পূজাৰ চতুৰ্থ দিনা অস্তমিত সূৰ্যক অৰ্ঘ আগবঢ়াবলৈ বৃহৎ সংখ্যক ভক্ত উপস্থিত হৈছিল নদীৰ ঘাটত । উক্ত সময়ছোৱাত চিলিণ্ডাৰটোৰ বিস্ফোৰণ ঘটে । ইয়াৰ পিছতে ঘাটটোত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতে, বেলুনত বায়ু ভৰাবলৈ ঘাটলৈ অনা হৈছিল চিলিণ্ডাৰটো ।
