ETV Bharat / bharat

Tripura Assembly Election: বিধানসভা নিৰ্বাচনত অকলে জয়ী হ’ব নোৱাৰে চিপিআইএম: সাংসদ বিপ্লৱ কুমাৰ দেৱ

author img

By

Published : Oct 27, 2022, 9:22 AM IST

CPIM cannot win upcoming Assembly Poll alone: Ex CM and MP Biplab Kumar Deb
বিধানসভা নিৰ্বাচনত অকলে জয়ী হ’ব নোৱাৰে চিপিআইএম: সাংসদ বিপ্লৱ কুমাৰ দেৱ

"ত্ৰিপুৰাৰ প্ৰধান বিৰোধী দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ চিপিআইএময়ে (CPIM) এই কথা স্বীকাৰ কৰিছে যে এই দলটোৱে অকলে নিৰ্বাচনত একো কৰিব নোৱাৰিব আৰু নিৰ্বাচনত কোনো ধৰণৰ পৰিৱৰ্তন আনিব পৰা দল নহয় । বৰ্তমান চিপিআইএময়ে নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ নিৰ্বাচনৰ পাঁচ মাহ পূৰ্বেই কংগ্ৰেছ আৰু টিপ্ৰা মোথা দলৰ (TIPRA Motha) সৈতে অংশীদাৰিত্ব কৰাৰ কথা ঘোষণা কৰিছে ৷” - ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ বিপ্লৱ কুমাৰ দেৱে এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে কয় ৷

আগৰতলা, 27 অক্টোবৰ: 2023 বৰ্ষত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন (Tripura Assembly Election 2023) ৷ সেয়েহে বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ ৷ শেহতীয়াকৈ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ বিপ্লৱ কুমাৰ দেৱে অংশগ্ৰহণ কৰে এক দলীয় কাৰ্যসূচীত (Tripura BJP organizational meeting) ৷

সাংসদগৰাকীয়ে দলীয় কাৰ্যসূচীত অংশগহণ কৰি ভাষণ প্ৰসংগত কয় (Ex CM and MP Biplab Kumar Deb), "ৰাজ্যখনৰ প্ৰধান বিৰোধী দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ চিপিআইএময়ে (CPIM) এই কথা স্বীকাৰ কৰিছে যে এই দলটোৱে অকলে নিৰ্বাচনত একো কৰিব নোৱাৰিব আৰু নিৰ্বাচনত কোনো ধৰণৰ পৰিৱৰ্তন আনিব পৰা দল নহয় । বৰ্তমান চিপিআইএময়ে নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ নিৰ্বাচনৰ পাঁচ মাহ পূৰ্বেই কংগ্ৰেছ আৰু টিপ্ৰা মোথা দলৰ (TIPRA Motha) সৈতে অংশীদাৰিত্ব কৰাৰ কথা ঘোষণা কৰিছে” ৷

ৰাজ্যসভাৰ সাংসদগৰাকীয়ে লগতে কয়, "25 বছৰতকৈও অধিক সময় ধৰি চিপিআইএময়ে কৈছিল তেওঁলোক অকলেই নিৰ্বাচনত জয়লাভ কৰিব পাৰিব ৷ অৱশ্যে সেইটো ২০১৮ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ভুল প্ৰমাণ হৈ গ’ল । সেয়েহে এতিয়া তেওঁলোকে স্বীকাৰ কৰে যে পূৰ্বৰ পৰিস্থিতি সলনি হৈছে বৰ্তমান তেওঁলোকে অকলে নিৰ্বাচনী বৈতৰণী পাৰ কৰাটো অসম্ভৱ”,।

তেওঁ লগতে কয় যে পবিত্ৰ ত্ৰিপুৰাত প্ৰতিশোধ আৰু সন্ত্ৰাসবাদীৰ কোনো স্থান নাই । গণতন্ত্ৰক বিপন্ন কৰাৰ উপৰিও নিজৰ স্বাৰ্থৰ বাবে নাগৰিকৰ অধিকাৰ খৰ্ব কৰাৰ লগতে উজনি জিলাকে ধৰি সমগ্ৰ ত্ৰিপুৰাক সামগ্ৰিক উন্নয়নৰ পৰা পূৰ্বে আঁতৰাই ৰখা হৈছিল”,।

সাংসদগৰাকীয়ে লগতে কয় যে বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত ত্ৰিপুৰাৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হৈ উঠিছে । এক সমৃদ্ধ ভৱিষ্যত গঢ়ি তুলিবলৈ আৰু জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰি আমি পদুমৰ প্ৰতীকৰ অধীনৰ সকলো আসনত বিজয় নিশ্চিত কৰাৰ লক্ষ্য ৰাখিছো ",।

লগতে পঢ়ক: ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত কৃষকসকলে পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা :ৰাজকুমাৰ চাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.