ETV Bharat / bharat

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত কৃষকসকলে পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা :ৰাজকুমাৰ চাহাৰ

author img

By

Published : Apr 7, 2022, 2:13 PM IST

২০২৩ চনত অনুষ্ঠিত হ'বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি ৰাজকুমাৰ চাহাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য (BJP leader Rajkumar Chahar on Tripura election) । বিজেপিক পুনৰ শাসনলৈ ঘূৰাই অনাত এই কৃষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । কংগ্ৰেছ দলে কৃষকসকলক তেওঁলোকৰ নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰি আহিছে ।

Tripura
ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত কৃষকসকলে পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা

আগৰতলা,৭ এপ্ৰিল : অহা বছৰ অৰ্থাৎ ২০২৩ চনত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Tripura assembly election to held in 2023)। এই নিৰ্বাচনত ৰাজ্যখনৰ কৃষকসকলে পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা (Farmers will play key role in upcoming election)। এই মন্তব্য বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজকুমাৰ চাহাৰৰ । আগৰতলাত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি (Press conference of Bjp Kisan Morcha president Rajkumar Chahar) চাহাৰে কয় যে কৃষকসকলক সহায় কৰিবলৈ আৰু তেওঁলোকৰ উপাৰ্জন দুগুণ কৰিবলৈ ২০১৪ চনৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

কেন্দ্ৰীয় চৰকাৰে ২০১৪ আৰু ২০১৯ ৰ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ নিৰন্তৰ কাম কৰি আহিছে । সেয়েহে বিজেপিক পুনৰ শাসনলৈ ঘূৰাই অনাত এই কৃষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ দাবী কৰে (BJP leader Rajkumar Chahar on Tripura election)। তেওঁ দাবী কৰে যে দলটোক শক্তিশালী কৰিবলৈ কিষাণ মৰ্চাই ত্ৰিপুৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে ।

অহা ২০২৩ চনৰ নিৰ্বাচনত বিজেপিয়ে ত্ৰিপুৰাত বৃহৎ সংখ্যক আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব । তেওঁ দাবী কৰা মতে এনে এটা সময় আহিব যেতিয়া বিজেপিয়ে সমগ্ৰ দেশতে চৰকাৰ গঠন কৰিব । ইফালে ২০২৩ চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে কিষাণ মৰ্চাৰ কৰ্মীসকলে ত্ৰিপুৰাৰ জনসাধাৰণৰ বাবে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ঘোষণা কৰা কৃষক কল্যাণ আঁচনিৰ সম্পৰ্কে সজাগতা আনিবলৈ প্ৰতিখন গাঁও ভ্ৰমণ কৰিব ।

নেতাগৰাকীৰ অভিযোগ কংগ্ৰেছ দলে কৃষকসকলক তেওঁলোকৰ নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰি আহিছে । আনকি পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাছত কৃষকসকলৰ সৈতে ৰাজনীতি কৰা লোকসকল এতিয়া নিৰুদ্দেশ বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :ত্ৰিপুৰাত স্থাপন হ'ব সত্যজিৎ ৰায় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.