ETV Bharat / bharat

ভাৰতত ক'ভ'ভেক্সৰ ট্ৰায়েল আৰম্ভ

author img

By

Published : Mar 27, 2021, 5:34 PM IST

ভাৰতত আৰম্ভ হ'ল ক'ভিড-19 ৰ প্ৰতিষেধক ক'ভ'ভেক্সৰ ট্ৰায়েল ৷ ছেপ্তেম্বৰৰ ভিতৰত ভাৰতীয় বজাৰত উপলব্ধ হ'ব ক'ভ'ভেক্স ৷ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চি ই অ' আদৰ পুনাৱালাই জানিবলৈ দিছে এই কথা ৷

ভাৰতত ক'ভ'ভেক্সৰ ট্ৰায়েল আৰম্ভ
ভাৰতত ক'ভ'ভেক্সৰ ট্ৰায়েল আৰম্ভ

নেশ্যনেল ডেস্ক,27 মাৰ্চ: চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহলৈ ভাৰতীয় বজাৰত ক'ভিড-19 ৰ প্ৰতিষেধক ক'ভ'ভেক্স উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ৷ চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চি ই অ' আদৰ পুনাৱালাই শনিবাৰে এই কথা সদৰী কৰে ৷ পুনাৱালাই জানিবলৈ দিয়া মতে, ক'ভিড-19 ৰ প্ৰতিষেধক ক'ভ'ভেক্সৰ ক্লিনিকেল ট্ৰায়েল বৰ্তমান অব্যাহত আছে আৰু ছেপ্তেম্বৰৰ ভিতৰত এই প্ৰতিষেধক বজাৰত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ৷

2020 চনৰ আগষ্টত আমেৰিকাৰ প্ৰতিষেধক নিৰ্মাণকাৰী প্ৰতিষ্ঠান ন'ভাভক্সে নিম্ন আৰু মধ্য উপাৰ্জনকাৰী দেশ তথা ভাৰতৰ বাবে চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সৈতে ক'ভিড-19 প্ৰতিষেধক NVX-CoV2373 ৰ বাণিজ্যিকীকৰণৰ বাবে এক চুক্তি কৰিছিল ৷

Covovax trials begin in India, hope to launch it by Sept 2021: Adar Poonawalla
চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চি ই অ' আদৰ পুনাৱালাই জানিবলৈ দিছে এই কথা

ক'ভ'ভেক্সৰ ট্ৰায়েল ভাৰতত আৰম্ভ হোৱাৰ কথা জানিবলৈ দি পুনাৱালাই টুইটযোগে এইবুলি কয়, "Covovax trials finally begin in India; the vaccine is made through a partnership with @Novavaxand@SerumInstIndia.It has been tested against African and UK variants of #COVID19 and has overall efficacy of 89%. Hope to launch by September 2021!" ৷

লগতে পঢ়ক: পশ্চিমবংগত উত্তেজনা: মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ টিএমচিৰ প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.