ETV Bharat / bharat

COVID-19 : বিগত 24 ঘণ্টাত ১৫,৯৮১ গৰাকী লোক আক্ৰান্ত

author img

By

Published : Oct 16, 2021, 12:00 PM IST

ভাৰতত নিতৌ ১০ হাজাৰৰো অধিক লোক ক'ভিড-১৯(COVID-19) মহামাৰীৰ কবলত পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ১৫,৯৮১ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । আনহাতে, শুকুৰবাৰৰ দিনটোত ১৬৬ জনে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ।

COVID 19 India Tracker
ভাৰতত নতুনকৈ ১৫,৯৮১ জন লোক ক'ভিডত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৫,৯৮১ জন লোক ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হৈছে । এতিয়ালৈকে দেশত ৩,৪০,৫৩,৫৭৩ জন লোক মহামাৰীৰ কবলত পৰিছে । শনিবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছে । মহামাৰীত আক্ৰান্ত হৈ বৰ্তমানলৈকে ৪,৫১,৯৮০ জনৰ মৃত্যু হৈছে ।

পূৰ্বৰ দৰেই কেৰালাত এতিয়াও অব্যাহত আছে কৰ'ণাৰ বিভীষিকা । শুকুৰবাৰে কেৰালাত ৮,৮৬৭ জন আক্ৰান্ত হৈছে আৰু ৬৭ গৰাকী ৰোগীৰ মৃত্যু হৈছে । বৰ্তমান দেশত ২,০১,৬৩২ গৰাকী সক্ৰিয় ৰোগী আছে । আনহাতে, এতিয়ালৈকে প্ৰায় ৩,৩৩,৯৯,৯৬১ জন লোক আৰোগ্য হৈ উঠিছে । সমান্তৰালকৈ দেশজুৰি টীকাকৰণ(Vaccination) অভিযান অব্যাহত আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

যোৱা ২৪ ঘণ্টাত প্ৰতিষেধকৰ ৮,৩৬,১১৮ টা পালি প্ৰদান কৰা হৈছে । শনিবাৰে পুৱা ৭ বজা পৰ্যন্ত ভাৰতত ৯৭,২৩,৭৭,০৪৫ গৰাকীৰো অধিক লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । সামগ্ৰিকভাৱে দেশত দৈনিক আক্ৰান্তৰ হাৰ কমিছে যদিও এতিয়াও কেতবোৰ ৰাজ্যত মহামাৰীৰ ভয়াৱহতা অব্যাহত আছে ।

লগতে পঢ়ক: নক্সালবাদী নেতা আক্কি ৰাজু হৰগোপালৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.