ETV Bharat / bharat

Delhi Violence: দিল্লীত হত্যাৰ গোচৰত আঠজন অভিযুক্তৰ জামিন, এজনৰ আবেদন নাকচ

author img

By

Published : Apr 5, 2023, 9:58 AM IST

Court grants bail to 8 accused in Delhi
8 অভিযুক্তৰ জামিন, এজনৰ আবেদন নাকচ

দিল্লীৰ এখন আদালতে দিল্লীৰ হিংসাৰ সময়ত হত্যাৰ অভিযোগ সম্পৰ্কীয় এটা গোচৰত আঠজন অভিযুক্তক জামিন প্ৰদান কৰিছে। আদালতে এই গোচৰটোৰ এজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে। অনুসন্ধানৰ সময়ত, মৃতকৰ ম'বাইলটো তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছিল (Court grants bail to 8 accused Delhi)।

নিউজ ডেস্ক, 5 এপ্ৰিল: কাৰকাৰডুমাৰ এখন আদালতে দিল্লীৰ হিংসাৰ সময়ত হত্যাৰ অভিযোগ সম্পৰ্কীয় এটা গোচৰত আঠজন অভিযুক্তক জামিন প্ৰদান কৰিছে, আনহাতে এজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে ৷ আদালতে চাহিল বাবু, টিংকু, সন্দীপ, বিবেক পাঞ্চাল, পংকজ শৰ্মা, সুমিত চৌধুৰী, ৰাজকুমাৰ আৰু অংকিত চৌধুৰী নামৰ অভিযুক্ত কেইজনক জামিন প্ৰদান কৰে ৷ অভিযুক্ত প্ৰতিজনক আদালতে ৩০,০০০ টকাৰ ব্যক্তিগত বণ্ড আৰু একে পৰিমাণৰ জামানত বণ্ডত জামিন প্ৰদান কৰে ৷ আনহাতে আন এজন অভিযুক্ত হিমাংশু ঠাকুৰৰ জামিন আবেদন পৰিস্থিতিগত প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি আদালতে নাকচ কৰে (Rejects plea of one accused in murder in Delhi) ৷

অতিৰিক্ত সত্ৰ ন্যায়াধীশ পুলস্ত্য প্ৰমাচালে কয় যে হিমাংশু ঠাকুৰৰ ওচৰত মৃত মুৰ্ছালিনৰ মোবাইল ফোন উদ্ধাৰ কৰা আৰু কল ডিটেইল ৰেকৰ্ড (চিডিআৰ) প্ৰমাণৰ ৰূপত আছে, যিবোৰ তেওঁৰ হত্যাৰ পিচত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ ওচৰত উপলব্ধ আছিল ৷ আইপিচিৰ ধাৰা 302 (হত্যা)ৰ অধীনত এই অভিযোগ সন্দৰ্ভত এক প্ৰকাৰৰ পৰিস্থিতিজনিত প্ৰমাণ আছে, যি আইপিচিৰ ধাৰা 149 (বেআইনী সমাবেশ)ৰ অধীনত পৰে (Delhi violence news) ৷

আদালতে কয় যে এই আক্ৰমণ আইপিচিৰ ধাৰা ৪১২ ৰ অভিযোগৰ বাবেও যথেষ্ট শক্তিশালী প্ৰমাণ ৷ ন্যায়াধীশগৰাকীয়ে আদেশত কয় যে এই পৰিস্থিতিত অভিযোগৰ গুৰুত্ব আৰু ইয়াৰ বাবে দিয়া শাস্তিৰ গুৰুত্বৰ লগতে অতিৰিক্ত প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি হিমাংশু ঠাকুৰৰ জামিন আবেদন নাকচ কৰা হয় ৷ আনহাতে, আঠজন অভিযুক্তৰ জামিন আবেদন গ্ৰহণ কৰাৰ সময়ত, জামিন আবেদন সন্দৰ্ভত, ন্যায়াধীশগৰাকীয়ে কয় যে এই পৰ্যায়লৈকে মই অভিযোগকাৰীসকলৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত অতি সুনিৰ্দিষ্ট আৰু পতিয়ন যোগ্য প্ৰমাণ বিচাৰি পোৱা নাই ৷ যিহেতু, সকলো গুৰুত্বপূৰ্ণ সাক্ষী ইতিমধ্যে পৰীক্ষা কৰা হৈছে, গতিকে সমতাৰ ভিত্তিতো বিচাৰ সমাপ্ত নোহোৱালৈকে আবেদনকাৰীক কাৰাগাৰৰ আঁৰত ৰখাটো উচিত নহ’ব ৷ অভিযোজক পক্ষৰ মতে, মূল অভিযুক্ত লোকেশ সোলংকি আছিল উগ্ৰ হিন্দু একতা হোৱাটছএপ গ্ৰুপৰ সদস্য (Delhi Crime News) ৷

এক তদন্তৰ অন্তত ২০২০ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ হিংসাত্মক ঘটনাত হাছিম আলীক হত্যা কৰাৰ অভিযোগত ৯ জন অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰা হৈছিল ৷ এই পৰিপূৰক চাৰ্জ শ্বীটত চৰ্চালৈ আহিছিল হোৱাটছএপ গ্ৰুপৰ নাম ৷ দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা অনুসৰি ২৫ ফেব্ৰুৱাৰীত এই গোটটো গঠন কৰা হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল হিন্দুসকলৰ ওপৰত সৃষ্টি হোৱা অশান্তিৰ প্ৰতিশোধ লোৱা ৷ গোকালপুৰী থানাত হিংসা, ষড়যন্ত্ৰ, অবৈধ সমাৱেশকে ধৰি অন্য ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল (Court grants bail to 8 accused in Delhi) ৷

লগতে পঢ়ক: Telangana BJP Chief Detained: প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বেই আটক তেলেংগানা বিজেপিৰ সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.