ETV Bharat / bharat

Telangana BJP Chief Detained: প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বেই আটক তেলেংগানা বিজেপিৰ সভাপতি

author img

By

Published : Apr 5, 2023, 7:03 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তেলেংগানা ভ্ৰমণৰ পূৰ্বেই আটক তেলেংগানা বিজেপিৰ সভাপতি তথা সাংসদ বান্দি সঞ্জয় কুমাৰ (MP Bandi Sanjay Kumar detained) । বুধবাৰে মাজনিশা কৰিমনগৰস্থিত বাসগৃহৰ পৰা তেওঁক আটক কৰে ।

MP Bandi Sanjay Kumar detained
আটক সাংসদ বান্দি সঞ্জয় কুমাৰক

নেশ্য়নেল ডেস্ক, ৫ এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ৮ এপ্ৰিলত তেলেংগানা ভ্ৰমণ কৰি চেকেন্দ্ৰাবাদৰ পৰা তিৰুপতিলৈ বন্দে ভাৰত এক্সপ্ৰেছ ৰে'ল উদ্বোধন কৰাৰ লগতে অন্যান্য বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিব (Vande Bharat Express train)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তেলেংগানা ভ্ৰমণৰ পূৰ্বে বুধবাৰে মাজনিশা তেলেংগানাৰ বিজেপিৰ সভাপতি তথা সাংসদ বান্দি সঞ্জয় কুমাৰক আৰক্ষীয়ে আটক কৰে (Telangana BJP president detained)। সাংসদ বান্দি সঞ্জয় কুমাৰক কৰিমনগৰৰ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে । উল্লেখ্য় যে আৰক্ষীৰ এটা দল কৰিমনগৰত সাংসদগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক জিম্মাত লয় । ইপিনে, বান্দি সঞ্জয়ৰ সমৰ্থক আৰু দলীয় কৰ্মীসকলে আৰক্ষীক এই কাৰ্যত বাধা দিবলৈ চেষ্টা কৰাৰ লগে লগে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ।

বন্দী সঞ্জয়ক আৰক্ষীয়ে বাহনত তুলি নলগাউণ্ডা জিলাৰ বমমালা ৰামৰাম আৰক্ষী চকীলৈ নিয়ে (Bommala Ramaram police station in Nalgaunda)। ইপিনে, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰেমেন্দ্ৰ ৰেড্ডীয়ে কয়, "বিজেপিৰ ৰাজ্যিক সভাপতি বন্দী সঞ্জয়ক মাজ নিশা আৰক্ষীয়ে আটক কৰে (BJP State General Secretary Premender Reddy)। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক কৰিমনগৰৰ তেওঁৰ বাসগৃহৰ পৰা অবৈধভাৱে আটক কৰে ।"

  • Karimnagar, Telangana | BJP state president Bandi Sanjay detained by police from his residence in Karimnagar

    Police have arrested BJP state president Bandi Sanjay from his residence illegally. This is nothing but to disturb PM Modi’s program in Telangana: BJP State General… pic.twitter.com/LeipGaR2sC

    — ANI (@ANI) April 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰেমেন্দ্ৰ ৰেড্ডীয়ে পুনৰ কয়," বান্দি সঞ্জয়ক ক'লৈ নিয়া হ'ব সেয়া তেওঁলোকে পুৱা যিকোনো আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব ?" তেওঁ কয় যে তেলেংগানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যসূচীত ব্যাঘাত জন্মোৱাৰ বাহিৰে এয়া একো নহয় । মাজ নিশা এগৰাকী সাংসদৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন নাছিল বুলি উল্লেখ কৰি বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰেমেন্দ্ৰ ৰেড্ডীয়ে তেওঁৰ অপৰাধ আৰু ইয়াৰ আঁৰৰ ঘটনা কি বুলি প্ৰশ্ন কৰে (PM visit to Telangana)। তেওঁ কয়,"তেওঁলোকে আমাক একো জনোৱা নাই । তেওঁক ভংগীৰলৈ লৈ যোৱা হৈছে ।" তেওঁক তালৈ কিয় লৈ যোৱা হৈছে বুলি ৰেড্ডীয়ে আৰক্ষীক প্ৰশ্ন কৰে ।

বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰেমেন্দ্ৰ ৰেড্ডীয়ে কয়,"এই কাৰ্যৰ আঁৰৰ কাৰণটো হ'ল আমি প্ৰশ্নকাকত ফাদিল গোচৰটোক লৈ কেচিআৰ চৰকাৰৰ বিৰুদ্ধে মাত মাতিছো । এয়া সকলো গণতন্ত্ৰ বিৰোধী ।" বান্দিক আটক কৰাৰ পাচত তেলেংগানা বিজেপিৰ নেতাসকলে ৰাজ্যজুৰি প্ৰতিবাদ আৰম্ভ কৰিব বুলি সকীয়াই দি তেওঁ কয়," বিজেপিৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ ব্যৱস্থাৰ বিৰুদ্ধে আমি ৰাজ্যজুৰি প্ৰতিবাদ কৰাৰ পৰিকল্পনা কৰিছো ।'

লগতে পঢ়ক:NHPC Lower Subansiri Dam : NHPC প্ৰকল্পৰ শেহতীয়া পৰিস্থিতিক লৈ সোচ্ছাৰ KMSS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.