ETV Bharat / bharat

Wrestler Sexual Harrasement Case: ব্ৰীজ ভূষণৰ বিৰুদ্ধে তৰা গোচৰৰ ৰায় ৬ অক্টোবৰলৈ স্থগিত

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:34 PM IST

Wrestler Sexual Harrasement Case
ব্ৰীজ ভূষণ শৰণ সিঙ

ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দাখিল কৰা পকচো গোচৰৰ ৰায় স্থগিত । উল্লেখ্য় যে এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে পকচো আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল ।

নেশ্যনেল ডেস্ক, ৬ ছেপ্টেম্বৰ: ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দাখিল কৰা পকচো (POCSO) গোচৰৰ ৰায় আদালতে ৬ অক্টোবৰলৈ স্থগিত ৰাখিছে । ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰথমতে এগৰাকী নাবালিকা মহিলা মল্লযোদ্ধাৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল । মহিলা মল্লযোদ্ধাগৰাকীয়ে গোচৰটো প্ৰত্যাহাৰ কৰাৰ পিছত, দিল্লী আৰক্ষীয়ে গোচৰটো সমাপ্ত কৰিবলৈ ১৫ জুনত আদালতত বাতিলকৰণ প্ৰতিবেদন দাখিল কৰিছিল । এতিয়া আদালতে এই গোচৰটোৰ সমাপ্তিৰ সিদ্ধান্ত ল'ব লাগিব ।

আদালতত পূৰ্বৰ শুনানিৰ সময়ত, নাবালিকা মহিলা মল্লযোদ্ধা আৰু তেওঁৰ পিতৃয়ে কয় যে বিষয়টো তদন্ত কৰাৰ পিছত দিল্লী আৰক্ষীয়ে বাতিলকৰণ প্ৰতিবেদন দাখিল কৰিছিল । তেওঁলোকৰ ইয়াত কোনো সমস্যা নাই । তেওঁ আৰক্ষীৰ বাতিলকৰণ প্ৰতিবেদনত সন্তুষ্ট । এই প্ৰতিবেদন গ্ৰহণ কৰিব লাগে । মহিলা মল্লযোদ্ধা আৰু তেওঁৰ পিতৃৰ ভাষ্য গ্ৰহণ কৰি আদালতে বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে ৬ ছেপ্টেম্বৰৰ দিনটো ধাৰ্য কৰিছিল । অধিবক্তা অতুল শ্ৰীবাস্তৱ দিল্লী আৰক্ষীৰ হৈ উপস্থিত হয় ।

আদালতে ১৫ জুনত দিল্লী আৰক্ষীয়ে দাখিল কৰা বাতিলকৰণ প্ৰতিবেদনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । ইয়াৰ পিছত,অভিযোগকাৰী আদালতত উপস্থিত হয় আৰু নাবালিকা মহিলা মল্লযোদ্ধা আৰু তেওঁৰ পিতৃৰ পৰা উত্তৰ বিচাৰে ।

উল্লেখ্য় যে ব্ৰীজ ভূষণ শৰণৰ বিৰুদ্ধে প্ৰথমতে এগৰাকী নাবালিকা মহিলা মল্লযোদ্ধাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । এই ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে পকচো আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল । পিছত,দিল্লী আৰক্ষীয়ে পাটিয়ালা হাউচ আদালতত বাতিলকৰণৰ প্ৰতিবেদন দাখিল কৰি উল্লেখ কৰে যে পকচো আইনৰ অধীনত ব্ৰীজ ভূষণ শৰণৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰটোত কোনো প্ৰমাণ লাভ কৰা হোৱা নাই । ইয়াৰ পূৰ্বে আৰক্ষীয়ে আদালতক পকচো আইনৰ অধীনত ব্ৰীজ ভূষণ শৰণৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰটো বাতিল কৰিবলৈ অনুৰোধ জনাইছিল ।

লগতে পঢ়ক:PepsiCo plant in Nalbari: নলবাৰীৰ বানেকুছিত পেপচিক’ কোম্পানীৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.