ETV Bharat / state

PepsiCo plant in Nalbari: নলবাৰীৰ বানেকুছিত পেপচিক’ কোম্পানীৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:17 PM IST

উদ্যোগ নগৰীলৈ উন্নীত হ’ব নলবাৰীৰ বানেকুছি ৷ নলবাৰীৰ বানেকুছিত পেপচিক’ কোম্পানীৰ ভূমি পূজন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এই প্ৰকল্পৰ দ্বাৰা বহু কৰ্মসংস্থাপন সৃষ্টি হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷

PepsiCo plant in Nalbari
PepsiCo plant in Nalbari

উদ্যোগ নগৰীলৈ উন্নীত হ’ব নলবাৰীৰ বানেকুছি

নলবাৰী, ৬ ছেপ্টেম্বৰ: নলবাৰীৰ বানেকুছিত পেপচিক’ কোম্পানীৰ ভূমি পূজন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ পেপচিক’ কোম্পানীক নলবাৰীৰ বানেকুছিৰ ৰাইজে ১৫০ বিঘা ভূমি সমাৰ্পন কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই পেপচিক’ কোম্পানীটোৰ পৰা উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰীৰ পেকেটত এই প্ৰকল্পটো সম্পূৰ্ণ হ’লে নলবাৰী বানেকুছিৰ পৰা নিৰ্মিত বুলি উল্লেখ থাকিব ।

এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত নলবাৰী জিলাৰ ৫০০ নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে । লগতে বানেকুছিক উদ্যোগ নগৰীলৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷ কেৱল ইমানেই নহয় পেপচিক’ কোম্পানীয়ে নলবাৰীকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ পৰা যিমান আলু উৎপাদন হ’ব সকলো ক্ৰয় কৰিব । ইয়াৰ দ্বাৰা খেতিয়কসকলে এখন আলুৰ বিক্ৰী বজাৰো পাব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে উক্ত পেপচিক’ প্ৰকল্পটোৰ সকলো খাদ্য সামগ্ৰীৰ মূল উৎপাদক হ’ব আলু । এই কোম্পানীটোক এবছৰত দৰকাৰ হ’ব ৭৫ হাজাৰ মেট্ৰিক টন আলুৰ । যাৰ বাবে নলবাৰী জিলাৰ সকলো আলু খেতিয়কে এতিয়াৰে পৰা আৰু অন্য হাট-বজাৰত উচিত মূল্য বিচাৰি হাবাথুৰি খাব নালাগে । পেপচিক’ কোম্পানীয়ে আলু খেতিয়কসকলক উচিত মূল্যৰ প্ৰদান কৰি আলু ক্ৰয় কৰিব ৷

আনহাতে অসমত এইবছৰ ৭ লাখ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰাৰ লগতে অহা বছৰো ৭ লাখ মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । লগতে অসমৰ প্ৰতিটো আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যকে অসম চৰকাৰৰ পৰা ১০ হাজাৰকৈ থকা একাউন্টত পোনে পোনে প্ৰদান কৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ।

আত্মসহায়ক গোটসমূহৰ প্ৰতিগৰাকী সদস্যইক আগন্তুক ১৭ ছেপ্টেম্বৰত দুডালকৈ গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসমত আন্দোলন বিহীন পৰিৱেশ সৃষ্টি হোৱাৰ বাবে অসমত বিভিন্ন কোম্পানী নিৰ্মাণ অহাৰ ফলত অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সহায়ক হ’ব ধৰিছে বুলি ভাষণত উল্লেখ কৰে ৷ আন্দোলন নকৰি দৰকাৰ হ’লে মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰত গৈ গালি পাৰিবলৈও আহ্বান জনায় ।

বুধবাৰৰ ভূমি পূজন অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আফ্ৰিকা,মধ্যপ্ৰাচ্য আৰু দক্ষিণ এছিয়াৰ পেপচিক’ৰ মুখ্য কাৰ্যবাহী বিষয়া ইউজিন উইলিয়ামছন ৷ লগতে থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নন্দিতা গাৰ্লোচা , বিমল বড়া আৰু সঞ্জয় কিষাণকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতা কৰ্মী ।

লগতে পঢ়ক: MPLAD Fund: চৈধ্যগৰাকী সাংসদে তিনি বছৰত ব্যয় কৰিব নোৱাৰিলে সমষ্টি উন্নয়নৰ এশ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.