ETV Bharat / bharat

পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস

author img

By

Published : Feb 27, 2022, 5:49 PM IST

প্ৰথমবাৰ নিবিদাত কাগজ কলৰ মূল্য নির্ধাৰণ কৰা হৈছিল ১,১৩৯ কোটি টকা । তিনিগুণলৈ হ্রাস কৰা হ'ল কাগজ কল দুটাৰ নিলাম মূল্য (Auction price of paper mills reduced)। লিকুইডেটৰে পুনৰ জাৰি কৰিলে জাননী । ৮ মার্চত হ'ব নিলাম প্ৰক্ৰিয়া । পাঁচ মাহে মুকলি কৰি নিদিলে কর্মচাৰীসকলৰ বাবে ঘোষণা কৰা ৫৭০ কোটি টকা । ৬১ মাহে দৰমহা নাই । ভয়াৱহ আৰ্থিক সংকটৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হৈ ১০০ গৰাকী কৰ্মচাৰীৰ অকাল মৃত্যু ।

Auction price of paper mills
পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস

গুৱাহাটী,২৭ ফেব্ৰুৱাৰী : নগাঁও আৰু কাছাৰ কাগজ কলৰ বিক্ৰী মূল্য ক্ৰমাৎ হ্ৰাস পাই আহিছে (Auction price of paper mills reduced)। এইবাৰ কাগজ কল দুটাৰ বিক্ৰী মূল্য ৩৭৫ কোটি টকা ধাৰ্য্য কৰা হৈছে । বিক্ৰী মূল্য তিনি গুণলৈ হ্ৰাস কৰা হ'ল । ৮ মাৰ্চত ৰাজহুৱা প্রতিষ্ঠান দুটাৰ নামত থকা ভূমি-সম্পত্তি আৰু সা-সৰঞ্জাম বিক্ৰী কৰা হ'ব বুলি ঘোষণা কৰিছে হিন্দুস্তান কাগজ নিগম লিমিটেড (HPCL)ৰ লিকুইডেটৰ কুলদীপ বাৰ্মাই ।

Auction price of paper mills
পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস

আনহাতে কাগজ কল দুটাৰ বিক্ৰী মূল্য ৩৭৫ কোটি টকা ধাৰ্য কৰাৰ সমান্তৰালকৈ HPCLৰ মুম্বাইত থকা এটা ফ্লেটৰ মূল্য এক কোটি টকা আৰু দিল্লীত থকা কাৰ্যালয় ভৱনৰ মূল্য ৫.৫৮ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে । তদুপৰি HPCLৰ অধীনৰ 'নাগালেণ্ড পালপ এণ্ড পেপাৰ কোম্পানী লিমিটেড'ৰ ইকুইটি শ্বেয়াৰ ৮.১৫ কোটি টকাত বিক্ৰী কৰিবলৈও স্থিৰ কৰিছে লিকুইডেটৰে । উল্লেখ্য যে বিগত বৰ্ষৰ ৩০ জুনত প্ৰথমবাৰৰ বাবে নিবিদা প্ৰকাশ কৰি কাগজ কল দুটাৰ বিক্ৰী মূল্য ধার্য কৰা হৈছিল ১,১৩৯ কোটি টকা । কিন্তু লক্ষণীয়ভাৱে পৰৱৰ্তী সময়ত নগাঁও আৰু কাছাৰ কাগজ কলৰ বিক্ৰী মূল্য ধাৰাবাহিকভাৱে হ্ৰাস কৰি অনা হয় ।

Auction price of paper mills
পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস

শেহতীয়াকৈ ৪২৯ কোটি টকা ধাৰ্য্য কৰি নিবিদা প্ৰকাশ কৰা হৈছিল । কিন্তু লক্ষণীয়ভাৱে পুনৰ নতুনকৈ নিবিদা প্রকাশ কৰি কাগজ কল দুটাৰ ভূমি-সম্পত্তি আৰু সকলো সা-সৰঞ্জামৰ মূল্য ৩৭৫ কোটি টকা ধার্য কৰা হয় । বিক্ৰী মূল্য তিনি গুণ হ্ৰাস কৰা হ'ল (HPCL reduced paper mill auction price)। এতিয়ালৈকে ষষ্ঠবাৰৰ বাবে নিবিদা প্রকাশ কৰিলে লিকুটডেটৰে ।

Auction price of paper mills
পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস

উল্লেখ্য় যে নগাঁও আৰু কাছাৰ কাগজ কলৰ নামত আছে বিশাল ভূ-সম্পত্তি । কাছাৰত ১,০০৮ একৰ আৰু নগাঁৱত ৫৭৩.৯৫ একৰ ভূমি আছে । তদুপৰি কাছাৰত আছে তিনিটা অইল ৰিজাৰ্ভ কূপ । সেইদৰে আছে বহু মূল্যৱান যন্ত্রপাতি ।

Auction price of paper mills
পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস

মুম্বাই, গুৱাহাটী আৰু দিল্লীতে আছে কোটি কোটি টকা মূল্যৰ সম্পত্তি । এনে বিশাল ভূমি-সম্পত্তি তথা সা-সৰঞ্জাম চৰকাৰে কিয় এইদৰে পানীৰ দৰত বিক্ৰী কৰিব খুজিছে, তাক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ । চৰকাৰৰ এনে কর্মকাণ্ডত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Auction price of paper mills
পুনৰ কাগজ কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস

লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ কৰ্মচাৰীসকলৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰি ২৮ ছেপ্টেম্বৰত ৫৭০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল । ৰাজ্য চৰকাৰে কাগজ কলৰ কর্মচাৰীসকলৰ বাবে ৫৭০ কোটি টকা দুমাহৰ ভিতৰত মুকলি কৰি দিয়া হ'ব বুলি চুক্তিও সম্পন্ন কৰিছিল । তদুপৰি কাগজ কলৰ এশ কর্মচাৰীক চৰকাৰী চাকৰি দিয়া হ'ব বুলিও ঘোষণা কৰিছিল । কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পাঁচ মাহ উকলি যোৱাৰ পিছতো উক্ত ধনৰাশি প্ৰদান কৰা নহ'ল ।

সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল । উল্লেখ্য যে নিৰ্বাচনৰ পূর্বে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে চৰকাৰ গঠনৰ পিছত প্ৰতিশ্ৰুতি পূৰণৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান দুটা বন্ধহে কৰি দিলে । ইয়াৰ পৰিপ্ৰেক্ষিততে কাগজ কল দুটাৰ কৰ্মচাৰীসকল বিগত ৬১ মাহ ধৰি প্রাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ।

ভয়াৱহ আর্থিক সংকটৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হৈ ইতিমধ্যে প্রতিষ্ঠান দুটাৰ এশগৰাকী কৰ্মচাৰীৰ অকাল মৃত্যু ঘটিছে । কিন্তু এইবোৰলৈ ভ্রুক্ষেপ নকৰি শাসকীয় বিজেপি চৰকাৰে কাগজ কল দুটাৰ বিশাল ভূমি-সম্পত্তি পানীৰ দৰত বিক্ৰী কৰিবলৈ উঠিপৰি লাগিছে ।

লগতে পঢ়ক :তৃতীয় দিনাও হৰিনামৰ ধ্বনিৰে মুখৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.