ETV Bharat / bharat

Conrad Sangma to form govt: অনিশ্চয়তাৰ অৱসান; মেঘালয়ত পুনৰ হ’ব কনৰাড চাংমাৰ চৰকাৰ

author img

By

Published : Mar 5, 2023, 10:17 PM IST

Updated : Mar 6, 2023, 6:25 AM IST

অৱশেষ অন্ত পৰিল সকলো জল্পনা-কল্পনাৰ ৷ মঙলবাৰে মেঘালয়ত নতুন চৰকাৰে ল’ব শপত ৷ UDP আৰু PDF দলে NPP দলক দেওবাৰে সমৰ্থন আগবঢ়োৱাৰ পাচতেই চৰকাৰ গঠনৰ পথ প্ৰশস্ত হ’ল কনৰাড চাংমাৰ (Conrad Sangma to form government) ৷

Conrad Sangma to form govt
মেঘালয়ত পুনৰ হ’ব কনৰাড চাংমাৰ চৰকাৰ

নিউজ ডেস্ক, 5 মাৰ্চ: অৱশেষত অৱসান ঘটিল মেঘালয়ৰ চৰকাৰ গঠনক লৈ চলি থকা অনিশ্চয়তা (Conrad Sangma to form government) ৷ কনৰাড চাংমাৰ NPP দলেই মেঘালয়ত পুনৰ গঠন কৰিব চৰকাৰ ৷ কনৰাড চাংমাক চৰকাৰ গঠনৰ বাবে সমৰ্থন আগবঢ়ালে ইউ ডি পি(UDP) আৰু পি ডি এফ(PDF) দলে ৷ কনৰাড চাংমাক চৰকাৰ গঠনৰ বাবে সমৰ্থন আগবঢ়াই পত্ৰ প্ৰেৰণ কৰিছে দুয়োটা দলৰ সভাপতিয়ে (UDP and PDF extended support) ৷

উল্লেখ্য যে, 2 মাৰ্চত ঘোষণা হোৱা মেঘালয় বিধানসভা নিৰ্বাচনৰ ফলাফলত 26 খন আসন লাভ কৰিছিল NPP দলে ৷ কিন্তু 26 খন আসন চৰকাৰ গঠনৰ বাবে পৰ্যাপ্ত নাছিল ৷ আনহাতে কোনো এটা দলেই চৰকাৰ গঠন কৰিব পৰালৈ সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল ৷ যাৰ বাবে ৰাজ্যখনত কোনে চৰকাৰ গঠন কৰিব তাকে লৈ অব্যাহত আছিল জল্পনা-কল্পনা (Meghalaya politics update) ৷

  • Shillong, Meghalaya | United Democratic Party (UDP) and People's Democratic Front (PDF) extend their support to NPP to form the government in the state. pic.twitter.com/bki8HkctlL

    — ANI (@ANI) March 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, কনৰাড চাংমাৰ চৰকাৰ গঠনৰ অনিশ্চয়তাৰ মাজতে চৰকাৰ গঠনৰ দৌৰত আছিল তৃণমূল কংগ্ৰেছৰ মুকুল চাংমা ৷ কিন্তু দেওবাৰে UPD আৰু PDF দলে সমৰ্থন আগবঢ়োৱাৰ পাচতেই কনৰাড চাংমাৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হ’ল ৷ মুঠ 45 গৰাকী বিধায়কক লৈ চৰকাৰ গঠন কৰিব কনৰাড চাংমাৰ NPP দলে ৷

উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনৰ ফলাফলত UDP দলে 11 খন আসন লাভ কৰাৰ বিপৰীতে 2 খন লাভ কৰিবলৈ সক্ষম হৈছিল PDF দলে ৷ প্ৰথম অৱস্থাত কনৰাড চাংমাৰ সৈতে আছিল মুঠ 32 গৰাকী বিধায়ক ৷ ইয়াৰ ভিতৰত আছিল দুগৰাকী বিজেপি, দুগৰাকী HSPDP আৰু দুগৰাকী নিৰ্দলীয় বিধায়ক ৷

ইফালে, শুকুৰবাৰে ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিলৰ লগতে মেঘালয়ত পুনৰ চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিছিল কনৰাড চাংমাই ৷ আনহাতে, 7 মাৰ্চত মেঘায়ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব (Meghalaya new govt oath taking) ৷ য’ত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

উল্লেখ কৰা প্ৰয়োজন যে, মেঘালয় বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে পাঁচখনকৈ আসন লাভ কৰিছিল ৷ ভইচ অফ দ্য পিপল পাৰ্টিয়ে চাৰিখন আসন লাভ কৰিছিল আৰু হিল ষ্টেট পিপলছ ডেম'ক্ৰেটিক পাৰ্টিয়ে দুখন আসন লাভ কৰিছিল ৷ 60 খন আসন থকা মেঘালয় বিধানসভাত ইউডিপিৰ প্ৰাৰ্থী এইচডিআৰ লিংডোৰ মৃত্যু হোৱা বাবে ছোহিওং সমষ্টিত ভোটদান পিছুৱাই দিয়াৰ বাবে মুঠ 59 খন আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ (Meghalaya assembly election 2023 results) ৷

লগতে পঢ়ক: Send stray dogs to Assam: অসমৰ মানুহে কুকুৰ খায়, অসমত কুকুৰৰ চাহিদা আছে; মহাৰাষ্ট্ৰ বিধায়কৰ বিতৰ্কিত মন্তব্য

Last Updated :Mar 6, 2023, 6:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.