ETV Bharat / bharat

Tripura By-elections 2022: তুংগত কংগ্ৰেছৰ প্ৰস্তুতি

author img

By

Published : May 30, 2022, 2:17 PM IST

congress strongly criticizes bjp in election campaign
৪ খন আসনৰ উপ নিৰ্বাচন প্ৰস্তুতি তুংগত কংগ্ৰেছৰ: BJP ক ক্ষুৰধাৰ সমালোচনা

ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ৪ খন আসনৰ বাবে উপ নিৰ্বাচন(Bypolls to 4 seats to be held in Tripura) । উপ নিৰ্বাচনকলৈ প্ৰচাৰ অভিযান জোৰদাৰ কৰিছে শাসকীয় BJP ৰ লগতে কংগ্ৰেছেও । তুংগত উঠিছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছে ক্ষুৰধাৰ সমালোচনাৰে থকাসৰকা কৰে শাসকীয় BJP ক ।

আগৰতলা,৩০ মে': ত্ৰিপুৰাত তুংগত উঠিছে উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান(Bypolls to 4 seats to be held in Tripura) । উপ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে কংগ্ৰেছও তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান । কংগ্ৰেছৰ প্ৰচাৰ অভিযানত শাসকীয় BJP কঠোৰ সমালোচনা কংগ্ৰেছী নেতৃত্বৰ । BJP চৰকাৰ দাবী পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ আখ্যা বৰদোৱালী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আশীষ কুমাৰ সাহাৰ ।

সাহাই উল্লেখ কৰে যে জনতাই BJP ক বিশ্বাসত ভোট দিছিল । কিন্তু চৰকাৰে জনসাধাৰণৰ দাবী পূৰণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে । পৰিৱৰ্তন, উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ বাবে জনসাধাৰণে ক্ষমতাত থকা বিজেপিক ভোট দিয়ে । কিন্তু জনসাধাৰণৰ আশা পূৰণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে আৰু সেয়েহে BJP ক মানুহে ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে ।

তেওঁ লগতে কয় যে মানুহৰ বাবে তেওঁলোক উভতি আহিছে । কংগ্ৰেছ জনসাধাৰণৰ আশা আৰু দাবী পূৰণ কৰিবলৈ সংকল্পবদ্ধ । বৰ্তমানৰ চৰকাৰ গঠনহোৱাৰ পিছৰে পৰা ই জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বুলিও BJP ক কঠোৰ সমালোচনা কৰে সাহাই ।

আশীষ কুমাৰ সাহাই দাবী কৰে যে সকলো আসনতেই কংগ্ৰেছৰ জয় নিশ্চিত । কিয়নো কংগ্ৰেছ মাটিত আছে যাতে তেওঁলোকে জনসাধাৰণৰ সৈতে থিয় দিব পাৰে । বিজেপিয়ে শাসনলৈ অহাৰ আগতে ২৯৯ টা প্ৰতিশ্ৰুতিৰে জনসাধাৰণক প্ৰতাৰণা কৰিছে আৰু কংগ্ৰেছে জনতাক প্ৰতাৰণা কৰা দলটোক উৎখাত কৰিবলৈ যুঁজ দিব ।

প্ৰাক্তন বিধায়ক আশীষ কুমাৰ সাহা আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই ৮ নং টাউন বৰদোৱালী বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছিল । পূৰ্বতে কংগ্ৰেছী সাহাই ২০১৮ চনত BJPত যোগদান কৰিছিল আৰু ৮ নং টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । পাছত BJPৰ প্ৰাক্তণ মন্ত্ৰী সুদীপ ৰয় বৰ্মনৰ সৈতে দল ত্যাগ কৰি আৰু পুনৰ কংগ্ৰেছত যোগদান কৰিছিল সাহাই ।

লগতে পঢ়ক: মণিপুৰত IED বিস্ফোৰণ: এজনৰ মৃত্যু, চাৰিজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.