ETV Bharat / bharat

MGNREGA scheme : 'এমজিএনৰেগাৰ চাহিদা হ্ৰাস কৰিবলৈ ডিজিটেলকৰণ কেন্দ্ৰৰ'

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 3:07 PM IST

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ মতে মোদী চৰকাৰে এমজিএনৰেগাৰ কামৰ চাহিদা হ্ৰাস কৰিবলৈ ডিজিটেলকৰণৰ দৰে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰিছে । কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃতভাৱে এমজিএনৰেগা বন্ধৰ ষড়যন্ত্ৰ কৰিছে বুলিও অভিযোগ কৰে ।

MGNREGA scheme
এমজিএনৰেগাৰ চাহিদা হ্ৰাস কৰিবলৈ ডিজিটেলকৰণ কেন্দ্ৰৰ

নেশ্যনেল ডেস্ক,৭ অক্টোবৰ : দেশৰ বিভিন্ন প্ৰান্তত এমজিএনৰেগা আঁচনিত কেলেংকাৰী হোৱা দেখা গৈছে । আঁচনিখনৰ ৰূপায়ণত বিভিন্ন খেলিমেলিৰো অভিযোগ উঠিছে । আনহাতে এই আঁচনিৰ বাবে আৱণ্টিত পুঁজি ইতিমধ্যে সমাপ্ত হোৱাৰ তথ্যও পোহৰলৈ আহিছে ।

তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম এমজিএনৰেগাৰ আঁচনি সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে অভিযোগ কৰা মতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে আঁচনিখনৰ প্ৰকৃত প্ৰয়োজন থকা সকলৰ মাজত এমজিএনৰেগাৰ চাহিদা হ্ৰাস কৰাৰ বাবে ডিজিটেলকৰণক এক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছে । স্বচ্ছতাৰ নামত মোদী চৰকাৰে এমজিএনৰেগাত ডিজিটেলকৰণ কৰিবলৈ বাধ্য কৰিছে বুলিও তেওঁ অভিযোগ কৰে ।

  • On the one hand, 48% of all vehicle sales in India during April-Sept 2023 were of SUVs. On the other hand, in the first 6 months of this financial year itself, the Rs. 60,000 crore budgeted under MGNREGA for the year 2023-24 has been exhausted.

    This not only clearly indicates… pic.twitter.com/HWxDgeZ1X0

    — Jairam Ramesh (@Jairam_Ramesh) October 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এক্সৰ এক পোষ্টত জয়ৰাম ৰমেশে কয় যে এফালে ২০২৩ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ ভাৰতত বিক্ৰী হোৱা বাহনৰ ৪৮ শতাংশ এছ.ইউ.ভি আছিল আনহাতে ২০২৩-২৪ বৰ্ষৰ বাবে এমজিএনৰেগাৰ অধীনত ৬০,০০০ কোটিৰ বাজেট বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহতে শেষ হৈ গৈছে । ই কেৱল সমগ্ৰ দেশতে গ্ৰাম্য সংকট আৰু বৰ্ধিত বৈষম্যৰ ইংগিত দিয়াই নহয় মোদী চৰকাৰৰ মজুৰি পৰিশোধত অত্যাধিক বিলম্ব কৰি এমজিএনৰেগাৰ কামৰ চাহিদা পৰোক্ষভাৱে দমন কৰি থকাও দেখুৱায় ।

কংগ্ৰেছ নেতাগৰাকী লগতে কয় যে মোদী চৰকাৰে স্বচ্ছতাৰ নামত ডিজিটেলকৰণত জোৰ দিয়াৰ লগতে আঁচনিৰ প্ৰকৃত প্ৰয়োজন থকা সকলৰ মাজত এমজিএনৰেগাৰ চাহিদা নিৰুৎসাহিত কৰিবলৈ ইয়াক এক সঁজুলি হিচাপে ব্যৱহাৰ কৰি বিষয়টো অধিক গুৰুতৰ কৰি তুলিছে ।

জয়ৰাম ৰমেশে বিত্তীয় বৰ্ষৰ প্ৰথম ৬ মাহত এমজিএনৰেগাৰ পুঁজি শেষ হোৱা বুলি দাবী কৰি চৰকাৰক তীব্ৰ সমালোচনাও কৰে । কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃতভাৱে এমজিএনৰেগা আঁচনিক বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে ।

লগতে পঢ়ক :Suicide attempt inside jail: কাৰাগাৰত লোহাৰ তাঁৰ গিলি আত্মহত্যাৰ চেষ্টা কেন্দ্ৰীয় মন্ত্ৰীক ধন দাবী কৰা অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.