ETV Bharat / bharat

Commercial LPG Cylinder prices increased : সাধাৰণ ৰাইজক মাধমাৰ শোধাই পুনৰ বৃদ্ধি চিলিণ্ডাৰৰ মূল্য

author img

By

Published : Mar 1, 2022, 12:12 PM IST

Commercial LPG cylinder prices increased by Rs 105
চিলিণ্ডাৰৰ মূল্য বৃদ্ধি

মঙলবাৰৰ পৰা বৃদ্ধি হ'ল বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য (Commercial LPG cylinder price hike) । প্ৰতিটো চিলিণ্ডাৰত ১০৫ টকা বৃদ্ধিৰ লগে লগে দিল্লীত ইয়াৰ মূল্য হ'লগৈ ২,০১২ টকা । ৫ কিল’গ্ৰামৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্যও ২৭ টকাকৈ বৃদ্ধি পাইছে ।

নেশ্যনেল ডেস্ক, ১ মাৰ্চ : দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে । পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে সমস্যাত পেলাইছে সাধাৰণ ৰাইজক । এইবাৰ পুনৰ বৃদ্ধি হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য । ১ মাৰ্চৰ পৰা দিল্লীত ১৯ কিল’গ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০৫ টকালৈ বৃদ্ধি কৰা হৈছে (Commercial LPG cylinder price hike)।

এই বৃদ্ধিৰ লগে লগে দিল্লীত ১৯ কিল’গ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০১২ টকা হ'লগৈ । ইফালে ৫ কিল’গ্ৰামৰ চিলিণ্ডাৰৰ মূল্যও ২৭ টকা বৃদ্ধি পাইছে । এই বৃদ্ধিৰ পাছত দিল্লীত ৫ কিল’গ্ৰাম চিলিণ্ডাৰৰ মূল্য ৫৬৯ টকা হ'লগৈ ।

অৱশ্যে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই । লক্ষণীয়ভাৱে, ৰাষ্ট্ৰীয় তেল বিপণন কোম্পানীবোৰে ১ ফেব্ৰুৱাৰীত ১৯ কিল’গ্ৰামৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্ৰাস কৰিছিল ।

লগতে পঢ়ক : Fuel Price: 7 বছৰত মাত্ৰ 30 শতাংশহে বাঢ়িছে পেট্ৰল আৰু ডিজেলৰ মূল্য : কেন্দ্ৰীয় মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.