ETV Bharat / bharat

তুষাৰপাতৰ বাবে স্তব্ধ হৈ পৰিল কেদাৰনাথৰ পুনৰ নিৰ্মাণৰ কাম

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 2:16 PM IST

উত্তৰাখণ্ডত তীব্ৰ ঠাণ্ডা, কেদাৰনাথ বদ্ৰীনাথত তুষাৰপাত, তাপমাত্ৰা মাইনাছ ৮ ডিগ্ৰী, পুনৰ নিৰ্মাণৰ কাম বন্ধ ৷

Snowfall in Kedarnath and Badrinath
তাপমাত্ৰা মাইনাছ ৮ ডিগ্ৰী

স্তব্ধ হৈ পৰিল কেদাৰনাথৰ পুনৰ নিৰ্মাণৰ কাম

নিউজ ডেস্ক, 5 ডিচেম্বৰ : উত্তৰাখণ্ডত বতৰ সলনি হৈছে । পাহাৰীয়া জিলাসমূহত তুষাৰপাত হোৱাৰ বিপৰীতে সমতল জিলাবোৰত ধাৰাষাৰ বৰষুণ হৈছে । কেদাৰনাথ আৰু বদ্ৰীনাথৰ সৰ্বনিম্ন তাপমাত্ৰা মাইনাথ ৮ ডিগ্ৰীলৈ অৱনমিত হৈছে । নিৰন্তৰ তুষাৰপাত আৰু হ্ৰাস হোৱা তাপমাত্ৰাই কেদাৰনাথৰ পুনৰ নিৰ্মাণৰ কামো বন্ধ কৰি দিছে ৷

উত্তৰাখণ্ড : পাহাৰীয়া অঞ্চলত আকৌ এবাৰ বেয়া হৈ পৰিছে বতৰ । হিমালয়ৰ কাষৰ অঞ্চলত বৰফ পৰাৰ বিপৰীতে সমতল অঞ্চলসমূহত হৈছে বৰষুণ । সোমবাৰৰ পৰা কেদাৰনাথ ধামত তুষাৰপাত অব্যাহত আছে । প্ৰায় এক ফুট বৰফ পৰিছে ধামত । তুষাৰপাতৰ বাবে কেদাৰনাথ ধামত চলি থকা দ্বিতীয় পৰ্যায়ৰ পুনৰ্নিৰ্মাণৰ কামো বন্ধ হৈ পৰিছে । ৰাতি ধামৰ তাপমাত্ৰা ৮ ডিগ্ৰী পাইছেগৈ ।

কেদাৰনাথত তুষাৰপাত : বতৰৰ পৰিৱৰ্তন ঘটিছে । হিমালয়ৰ অঞ্চলবোৰত বৰফ পৰাৰ পিচত নিম্ন অঞ্চলবোৰত বৰষুণৰ বাবে ঠাণ্ডা বৃদ্ধি পাইছে । সোমবাৰৰ পৰা কেদাৰনাথ ধামত তুষাৰপাত অব্যাহত আছে । বৰফ পৰাৰ বাবে ধামত অত্যন্ত ঠাণ্ডা পৰিৱেশ । দুৱাৰ বন্ধ হোৱাৰ পিচতো ধামত দ্বিতীয় পৰ্যায়ৰ পুনৰ নিৰ্মাণৰ কাম চলি আছিল, পিছে সোমবাৰৰ পৰা বন্ধ হৈ আছে কাম । বৰফ পৰাৰ বাবে কৰিব পৰা হোৱা নাই কাম । পুনঃনিৰ্মাণৰ কামত নিয়োজিত আছিল ধামৰ পাঁচ শতাধিক শ্ৰমিক । অত্যন্ত ঠাণ্ডা আৰু বৰফ পৰাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে শ্ৰমিকসকল । বৰ্তমান বতৰ ফৰকাল হ’লেহে ধামত কাম আৰম্ভ কৰা হ’ব ।

কেদাৰনাথত পুনৰ নিৰ্মাণৰ কাম বন্ধ : কেদাৰনাথত পুনৰ নিৰ্মাণৰ কামত নিয়োজিত উড ষ্টোন কোম্পানীৰ মেনেজাৰ মনোজ চেমৱালে কয় যে, ‘ধামত বৰফ পৰাৰ বাবে নিৰ্মাণকাৰ্য সম্পন্ন কৰাটো কঠিন হৈ পৰিছে । ৰাতি মাইনাছ ৮ ডিগ্ৰীলৈ নামিছে তাপমাত্ৰা । কেদাৰনাথ ধামৰ নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকসকলো সমস্যাৰ সন্মুখীন হৈছে ৷

অত্যধিক বৰফ পৰিলে নিৰ্মাণৰ কাম বন্ধ কৰিব লাগিব আৰু সকলো শ্ৰমিক পুনৰ সোণপ্ৰয়াগলৈ উভতি যাব । আনহাতে সোমবাৰে গভীৰ নিশাৰ পৰা হোৱা বৰষুণৰ বাবে নিম্ন অঞ্চলত ঠাণ্ডা বৃদ্ধি পাইছে’ ।

কেদাৰনাথৰ সৰ্বনিম্ন তাপমান মাইনাছ ৮ ডিগ্ৰী : কেদাৰনাথৰ সৰ্বোচ্চ উষ্ণতা ৪ ডিগ্ৰী চেলছিয়াছ । সৰ্বনিম্ন তাপমান -৮ ডিগ্ৰী পৰ্যন্তলৈ নামিছে । আজি পুৱা ৯ বজাৰ কথা যদি কওঁ, সেই সময়ত সৰ্বোচ্চ আৰু সৰ্বনিম্ন দুয়োটা তাপমানেই মাইনাছত আছিল । তেতিয়া সৰ্বোচ্চ উষ্ণতা আছিল -২ আৰু সৰ্বনিম্ন উষ্ণতা আছিল -৮ ডিগ্ৰী চেলছিয়াছ ৷ কেদাৰনাথত বৰ্তমান আৰ্দ্ৰতা ৫৪ শতাংশ আৰু প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ বেগত বতাহ বলি আছে ।

বদ্ৰীনাথ ধামতো ঠাণ্ডা : আজি বদ্ৰীনাথৰ সৰ্বোচ্চ উষ্ণতা ৪ ডিগ্ৰী চেলছিয়াছ । ন্যূনতম উষ্ণতাৰ কথা ক’বলৈ গ’লে -৮ ডিগ্ৰী । ইয়াত আৰ্দ্ৰতা ৪০ শতাংশ আৰু ঘণ্টাত ৬ কিলোমিটাৰ বেগত বতাহ বলিছে । পাহাৰৰ ৰাণী বুলি জনাজাত মছৌৰীৰ আজি সৰ্বোচ্চ উষ্ণতা ১৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ১ ডিগ্ৰী চেলছিয়াছ । মছৌৰীত আৰ্দ্ৰতা ১৫ শতাংশ আৰু প্ৰতি ঘণ্টাত ৩ কিলোমিটাৰ বেগত বতাহ বলিছে ।

নৈনিতালৰ তাপমান : হ্ৰদৰ চহৰ নৈনিতালৰ সৰ্বোচ্চ উষ্ণতা ১৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ২ ডিগ্ৰী চেলছিয়াছ । আজি ইয়াত বৰষুণৰ সম্ভাৱনা ২ শতাংশ । আৰ্দ্ৰতাৰ কথা ক’বলৈ গ’লে ৫৪ শতাংশ । নৈনিতালত বতাহৰ প্ৰবাহ প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ ।

লগতে পঢ়ক : শুভ্ৰ বৰফৰ আৱৰণত নিতি ভেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.