ETV Bharat / bharat

Controversial Statement On Fertility rate: প্ৰজননৰ হাৰ সন্দৰ্ভত মন্তব্য কৰি চৰ্চাত নীতিশ কুমাৰ

author img

By

Published : Jan 8, 2023, 8:42 AM IST

cm-nitish-kumar-on-fertility-rate-in-bihar-during-jivika-didi-samvad-in-vaishali
বিহাৰৰ প্ৰজনন হাৰৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য

দেশজুৰি অব্যাহত আছে সমাধান যাত্ৰা (Samadhan Yatra in Bihar)৷ সমাধান যাত্ৰাৰ সময়ত বিহাৰৰ বৈশালীত উপস্থিত হৈ প্ৰজনন ক্ষমতাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (CM Nitish Kumar on fertility rate)৷

বিহাৰৰ প্ৰজনন হাৰৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: "বিহাৰৰ পুৰুষসকলে প্ৰতিদিনে যৌন সম্ভোগৰ ক্ষেত্ৰত মনমৰ্জি কৰে, কিন্তু তেওঁলোকৰ এই কথাৰ প্ৰতি ভ্ৰূক্ষেপ নাথাকে যে বাৰে বাৰে সন্তান জন্ম দিব নালাগে ৷ কিন্তু এগৰাকী শিক্ষিত মহিলাই সকলোবোৰ চালি জাৰি চাইহে ভৱিষ্যত পৰিকল্পনা কৰে ৷ বিহাৰত কন্যাৰ শিক্ষাৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে প্ৰজননৰ হাৰ 2.9 লৈ হ্ৰাস হৈছে ৷ আমি পৰৱৰ্তী ২০ বছৰৰ ভিতৰত এই হাৰ হ্ৰাস কৰি ২ লৈ আনিব বিচাৰো ৷ ইয়াৰ ফলত জনসংখ্যা বৃদ্ধি হোৱাৰ সলনি আৰু হ্ৰাসহে পাব ৷" শনিবাৰে বিহাৰৰ বৈশালীত উপস্থিত হৈ এক বিশাল জনসভাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই মন্তব্য প্ৰকাশ কৰে (Samadhan Yatra at Vaishali) ৷

দেশৰ আন প্ৰান্তৰ লগতে বিহাৰতো অব্যাহত আছে সমাধান যাত্ৰা ৷ এই সমাধান যাত্ৰাত অংশগ্ৰহণ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শনিবাৰে সময়ত বৈশালীত উপস্থিত হৈছিল (CM Nitish Kumar on fertility rate)৷ ইয়াত উপস্থিত হৈয়েই তেওঁলোকৰ প্ৰথম কাৰ্যসূচী আছিল গৌৰাউল ব্লকত ৷ তাৰ পৰা ভগৱানপুৰ খণ্ডত আৰু পিছত বিকাত কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল ৷ বীকাত জীৱিকা দিদিৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰৰ প্ৰজনন হাৰৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে (Fertility Rate in Bihar)৷ ইয়াৰ পিছতে এই মন্তব্যই বিহাৰত বিতৰ্কৰ সৃষ্টি কৰিছে ৷

দৰাচলতে জীৱিকা দিদিৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Chief Minister Nitish Kumar) প্ৰজনন হাৰৰ ক্ষেত্ৰত দেশ আৰু বিহাৰৰ তুলনা কৰিছিল ৷ এক সংখ্যাৰ উদ্ধৃতি উল্লেখ কৰি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে, যদি মেট্ৰিক পাছ কৰা মহিলাৰ সংখ্যা দেশতকৈ বেছি হয়, তেন্তে বিহাৰত প্ৰজননৰ হাৰ ২ শতাংশলৈ হ্ৰাস কৰাই হৈছে আমাৰ চৰকাৰৰ মূল লক্ষ্য ৷ মহিলাসকলে অধ্যয়ন কৰিলে উৰ্বৰতাৰ হাৰ হ্ৰাস হ'ব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পূৰ্বতে কোনো মহিলাই খুলি কথা কোৱা নাছিল ৷ আজিকালি সময় সলনি হৈছে ৷ আজিকালি মহিলাসকলে নিজৰ বাবে মাত মাতিবলৈ শিকিছে ৷ বহুতে কয় যে, পৰিয়ালটোত দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিব লাগিব ৷ তেওঁলোকে কিয় এনে অৰ্থহীন কথা কয়, এই কথাৰ কোনো অৰ্থ নাই ৷ যদি ছোৱালীবোৰ শিক্ষিত হয় এনে পৰিস্থিতি হ'ব পাৰে (দুটা সন্তান থকা পৰিয়ালৰ) ৷ আমি ৰাজ্যখনত ছোৱালীসকলক শিক্ষিত কৰাত অধিক গুৰুত্ব আৰোপ কৰিম ৷

লগতে পঢ়ক: IAF pilot Abani Chaturbedi: অৱনী চতুৰ্বেদী হ’ব বিদেশত অনুষ্ঠিত যুদ্ধ বিমান অনুশীলনত অংশ লোৱা প্ৰথমগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.