ETV Bharat / bharat

IAF pilot Abani Chaturbedi: অৱনী চতুৰ্বেদী হ’ব বিদেশত অনুষ্ঠিত যুদ্ধ বিমান অনুশীলনত অংশ লোৱা প্ৰথমগৰাকী মহিলা

author img

By

Published : Jan 7, 2023, 10:10 PM IST

IAF pilot Abani Chaturbedi
IAF pilot Abani Chaturbedi

অৱনী চতুৰ্বেদী হ’ব ভাৰতৰ বাহিৰত অনুষ্ঠিত হোৱা যুদ্ধ বিমান অনুশীলনত অংশ লোৱা প্ৰথমগৰাকী মহিলা পাইলট ৷ জাপান আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’ব এই যুদ্ধ বিমান অনুশীলন ৷ ভাৰত আৰু জাপানৰ মাজত সামৰিক সম্পৰ্কৰ উৰ্ধমুখী কৰাৰ ক্ষেত্ৰত এই বিমান যুদ্ধ অনুশীলন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী: ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু পাইলট তথা স্কোয়াড্ৰন লিডাৰ অৱনী চতুৰ্বেদী(Squadron Leader Avani Chaturvedi) হ’ব প্ৰথমগৰাকী ভাৰতীয়া মহিলা যুঁজাৰু বিমান পাইলট(IAF Pilot Avani Chaturvedi), যিয়ে ভাৰতৰ বাহিৰত অনুষ্ঠিত হ’ব লগা আকাশী যুদ্ধ অনুশীলনত অংশ গ্ৰহণ কৰিব ৷ উল্লেখ্য যে, অৱনী চতুৰ্বেদী হ’ল ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত মিগ-২১ যুঁজাৰু বিমান(MiG-21) একক ভাৱে উৰুওৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা ৷ 12 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈ জাপানত অনুষ্ঠিত হ’ব লগা ‘বীৰ গাৰ্ডিয়ান'(Veer Guardian) অনুশীলনত অংশ ল’ব অৱনী চতুৰ্বেদীয়ে ৷

ভাৰত আৰু জাপানৰ মাজত সামৰিক সম্পৰ্কৰ উৰ্ধমুখী কৰাৰ ক্ষেত্ৰত এই বিমান যুদ্ধ অনুশীলন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ সম্প্ৰসাৰণবাদী চীনৰ পৰা সতৰ্ক হৈ থকাৰ বাবে ভাৰত আৰু জাপানে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ এই অনুশীলনৰ বাবে ভাৰতে চাৰিখন চুখয়-৩০এমকেআই(Sukhoi-30MKI fighters) যুঁজাৰু বিমানৰ লগতে দুখন চি-১৭ গ্ল’বমাষ্টাৰ-III ষ্ট্ৰেটেজিক লিফ্ট বিমান(C-17 Globemaster-III), এখন আইএল-৭৮মিড এয়াৰ ৰিফুৱেলাৰ(78mid-air refueler) আৰু প্ৰায় ১৫০জন বায়ু সেৱনাৰ জোৱানক সাজু কৰি তোলিছে ৷ ইফালে, জাপানে অনুশীলনত ব্যৱহাৰ কৰিব এফ-২ আৰু এফ-১৫ যুঁজাৰু বিমান ৷

ভাৰত আৰু জাপানে 12 ৰ পৰা 26 জানুৱাৰীৰ ভিতৰত প্ৰথম দ্বিপাক্ষিক বিমান অনুশীলন 'বীৰ গাৰ্ডিয়ান 2023'(Veer Guardian 2023) অনুষ্ঠিত কৰিব জাপানৰ য়াকুৰি বিমান ঘাটিত ৷ উল্লেখ্য যে, ভাৰতত অনুষ্ঠিত হোৱা যুদ্ধ অনুশীলনত মহিলা যুঁজাৰু পাইলটসকলে অংশগ্ৰহণ কৰি থকাৰ সময়তে অৱনী চতুৰ্বেদী বিদেশত পোন প্ৰথমবাৰৰ বাবে এই অনুশীলনত অংশ গ্ৰহণ কৰিব ৷

মধ্যপ্ৰদেশৰ ৰেৱাৰ ওচৰৰ এখন সৰু চহৰত জন্ম হৈছিল অৱনী চতুৰ্বেদী ৷ অৱনী চতুৰ্বেদী আছিল ২০১৬ চনৰ জুন মাহত মৌলিক প্ৰশিক্ষণৰ অন্তত ভাৰতীয় বায়ুসেনাৰ অংশীদাৰ হোৱা প্ৰথম তিনিগৰাকী মহিলাৰ ভিতৰৰ এগৰাকী ৷

সম্প্ৰতি ভাৰতীয় বায়ু সেনাত(Indian Air force) ১৭ গৰাকী মহিলা যুঁজাৰু পাইলট আছে । ইয়াৰ উপৰিও এতিয়া ভাৰতীয় বায়ু সেনা(IAF) , সেনা আৰু নৌ সেনাত ১৪৫ গৰাকীৰো অধিক মহিলা হেলিকপ্টাৰ আৰু পৰিবহণ বিমানৰ পাইলট আছে । প্ৰায় ৩০ গৰাকী মহিলা বিষয়াকো ফ্ৰণ্টলাইন যুদ্ধজাহাজত নিয়োগ কৰা হৈছে ৷

লগতে পঢ়ক: First Muslim girl IAF pilot: ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হ’ল ছানিয়া মিৰ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.