ETV Bharat / bharat

Rahul Gandhi should be Congress PM candidate : প্ৰধানমন্ত্ৰী পদৰ বাবে ৰাহুল গান্ধী যোগ্য প্ৰাৰ্থী;ভূপেশ বাঘেল

author img

By

Published : Jan 1, 2023, 11:58 AM IST

কমল নাথৰ পাছত এইবাৰ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’বলৈ আহ্বান জনাইছে (Rahul Gandhi should be Congress PM candidate in 2024 polls)৷

Rahul Gandhi should be Congress PM candidate
প্ৰধানমন্ত্ৰী পদৰ বাবে ৰাহুল গান্ধী যোগ্য প্ৰাৰ্থী:ভূপেশ বাঘেল

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী: ‘‘২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ যোগ্য ৷’’ এই দাবী ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ (Rahul Gandhi should be Congress PM candidate in 2024 polls) ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ (CM Bhupesh Baghel met PM Narendra Modi) অন্তত এক সংবাদমেলৰ আয়োজন কৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Chief Minister of Chhattisgarh Bhupesh Baghel ) । এই সংবাদ মেলতেই ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতাগৰাকীলৈ এই আহ্বান জনায় (Baghel supports Rahul Gandhi PM candidature) ৷

২০২৪ চনত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভূপেশ বাঘেলে কয় যে ২০২৪ চনৰ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ালে এইক্ষেত্ৰত দলটোৱে সফলতা লাভ কৰিব । এই সম্পৰ্কত অধিক জানিবলৈ দি কয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হ'বলৈ ৰাহুলক কোৱা হৈছিল যদিও তেওঁ মান্তি নহ’ল । সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু অৱশেষত নিযুক্তি প্ৰদান কৰা হ'ল মল্লিকাৰ্জুন খাৰ্গেক (Mallikarjun Kharge)।

ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ নিষ্ঠা তথা একাগ্ৰতা মনোভাৱৰ প্ৰশংসা কৰি বাঘেলে কয় যে, তেওঁৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি হৈছে । মানুহে এতিয়া তেওঁক চিনি পাইছে (Bharat jodo jatra) । বয়স-জাতি-পেছা নিৰ্বিশেষে প্ৰতিটো শ্ৰেণীৰ লোকে ভাৰত জোড়ো যাত্ৰাৰ প্ৰতি সমৰ্থন জনোৱাৰ লগতে ৰাহুল গান্ধীৰ সৈতে মত বিনিময়ত ভাগ লৈছে বুলি উল্লেখ কৰে বাঘেলে ৷

যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ নিৰাপত্তাৰ বিষয়ে সোধাত বাঘেলে কয়, "গান্ধী পৰিয়ালক জেড প্লাছ নিৰাপত্তা প্ৰদান কৰা হৈছে । সাধাৰণ সম্পাদক সংগঠনে লিখা চিঠিখন চৰকাৰে গুৰুত্বসহকাৰে ল'ব লাগে আৰু ইয়াক কেন্দ্ৰ কৰি কোনো ৰাজনীতি কৰা উচিত নহয় ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ বিষয়ে উল্লেখ কৰি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত ৰাজ্যখনৰ নক্সালৰ পৰিস্থিতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় (Naxal situation in Chhattisgarh)৷ লগতে মহিলাৰ কৰ্মসংস্থাপন, কৃষি ইত্যাদিৰ বাবে ৰাজ্য চৰকাৰৰ আঁচনিসমূহে কেনে প্ৰভাৱ পেলাইছে সেই বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা বুলি উল্লেখ কৰে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (CM of Chhattisgarh)।

ৰাজ্যত কয়লাৰ নাটনিৰ সমস্যাটো সম্পৰ্কে ক’বলৈ গৈ বাঘেলে কয় যে, কয়লাৰ নাটনিৰ বাবেই ৰাজ্যত যাত্ৰীবাহী ৰে'লৰ চলাচল বন্ধ হৈ পৰে । এনে পৰিস্থিতিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণী ৷ পৰিবহণৰ বাবে ৰে'লখনেই হৈছে আটাইতকৈ সুবিধাজনক ব্যৱস্থা গতিকে ভৱিষ্যতে এনে পৰিস্থিতি বাহাল নাথাকিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো উচিত বুলি কয় বাঘেলে । কয়লাৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনৰ বহু ব্যৱসায় ৷ এচিচিএলৰ দৰে কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ উৎপাদনত প্ৰভাৱ পৰিছে বুলি কয় ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষৰ বিষয়ে উল্লেখ কৰি বাঘেলে কয় যে, মিলেট বৃদ্ধিৰ বাবে ছত্তীশগড়ত স্থাপন কৰা হৈছে ভাৰতৰ সৰ্ববৃহৎ মিলেট উদ্যোগটো । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষক আন্তৰ্জাতিক বাজৰা বছৰ (IYOM) হিচাপে ঘোষণা কৰিছে (International Year of Millet )।

উল্লেখযোগ্য যে যিহেতু কেন্দ্ৰই নতুন পেঞ্চন আঁচনিৰ ক্ষেত্ৰত জমা কৰা ধন ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছে, গতিকে ছত্তীশগড় চৰকাৰে সকলো চৰকাৰী কৰ্মচাৰীকে পুৰণি পেঞ্চন আঁচনি (অ’পিএছ) অথবা নতুন পেঞ্চনৰ মাজৰ পৰা যিকোনো এটা বিকল্প বাছনি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুৰণি পেঞ্চন আঁচনিৰ কথা সংবাদ মাধ্যমৰ আগত কোৱাৰ পৰা বিৰত থাকি শুকুৰবাৰে কেবিনেট বৈঠকত (Assam Cabinet meetion in Delhi) ইতিমধ্যে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা বুলি অৱগত কৰে (Old Pension Scheme)।

লগতে পঢ়ক: Dihingchang Food Festival 2022: টিংখাঙত দিহিংচাং খাদ্য মেলাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.