ETV Bharat / bharat

হিমাচলৰ কুল্লুত ডাৱৰ বিস্ফোৰণ: সন্ধানহীন হোৱা লোকৰ সংখ্যা বৃদ্ধি

author img

By

Published : Jul 6, 2022, 10:24 AM IST

Updated : Jul 6, 2022, 1:03 PM IST

Cloudburst in kullu
Cloudburst in kullu

বুধবাৰে পুৱা কুল্লু জিলাৰ মণিকৰণ উপত্যকাৰ চোজ গাঁৱত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (Cloud burst in Manikarn Valley) ৷ এতিয়ালৈ এই ঘটনাত 4 জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছিল যদিও বৰ্তমান সন্ধানহীন লোকৰ সংখ্যা 6 জনলৈ বৃদ্ধি হয় ৷

নেশ্যনেল ডেস্ক, 6 জুলাই : হিমাচলত অঘটন ৷ বুধবাৰে পুৱা কুল্লু জিলাৰ মণিকৰণ উপত্যকাৰ চোজ গাঁৱত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় (Cloud burst in Manikarn Valley) ৷ ফলত ওচৰ পাজৰৰ বাসগৃহসমূহ ক্ষয়-ক্ষতি হয় ৷ এতিয়ালৈ এই ঘটনাত 4 জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছিল যদিও বৰ্তমান সন্ধানহীন লোকৰ সংখ্যা 6 জনলৈ বৃদ্ধি হয় ৷

ইয়াৰোপৰি গাওঁখনলৈ যোৱা একমাত্ৰ দলংখনো পানীৰ প্ৰবল সোঁতত ভাগি পৰে ৷ ততালিকে গাওঁবাসীয়ে কুল্লু প্ৰশাসনক এই বিষয়ে অৱগত কৰে ৷ খবৰ পোৱা মাত্ৰকে আৰক্ষী প্ৰশাসনৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷

উল্লেখ্য যে ৰাতিৰে পৰা কুল্লুত বৰষুণ হৈ আছিল ৷ এনে পৰিস্থিতিত পুৱা ডাৱৰ বিস্ফোৰণ হোৱাৰ পিছতে আতংকিত হৈ পৰিছে গাওঁবাসী ৷ এই বিস্ফোৰণত বহু লোক পানীৰ মাজত আৱদ্ধ হৈ আছে ৷

উদ্ধাৰকাৰী দলে লোকসকল উদ্ধাৰ কৰিবলৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ কুল্লুৰ আৰক্ষী অধীক্ষক গুৰুদেৱ শৰ্মাই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় লোকক নলা বা নদীৰ পাৰলৈ নাযাবলৈ আহ্বান জনায় ৷

ইফালে নেৰানেপেৰা বৰষুণৰ ফলত হিমাচলৰ বহু অঞ্চলত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে ৷ উক্ত বিস্ফোৰণৰ ফলত অঞ্চলটোৰ কেবাখনো ঠাই বানৰ কবলত পৰিছে ৷

লগতে পঢ়ক: Kullu bus accident: কুল্লুৰ বাছ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ সাহায্য ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

Last Updated :Jul 6, 2022, 1:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.