ETV Bharat / bharat

COCOMI protest : প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ, সাংবাদিকসহ ৩০ ৰো অধিক লোক আহত

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:12 AM IST

মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিয়ে (COCOMI) আহ্বান কৰা প্ৰতিবাদত হাজাৰ হাজাৰ লোক একত্ৰিত হয় । প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা নিৰাপত্তা বাহিনীৰ । কন্দুৱা গেছ নিক্ষেপ । হতাহতিৰ মাজত ৩০ৰো অধিক লোক আহত ।

COCOMI protest
প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ

তেজপুৰ,৭ ছেপ্টেম্বৰ : মণিপুৰত পুনৰ উত্তেজনা । নিৰাপত্তা বাহিনী আৰু ৰাইজৰ মাজত এইবাৰ ভয়ংকৰ সংঘৰ্ষ । ফলত ৩০ৰো অধিক লোক আহত । বুধবাৰে মণিপুৰ অখণ্ডতা সম্পৰ্কীয় সমন্বয় সমিতিয়ে (COCOMI) কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনাই চুৰাচান্দপুৰ জিলাৰ সীমান্তৱৰ্তী বিষ্ণুপুৰ জিলাৰ ফুলগাকচাও ইখাইত হাজাৰ হাজাৰ লোক সমৱেত হয় । নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ সময়তে দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয় ।

উল্লেখ্য যে, জিলা প্ৰশাসনে জাৰি কৰা সান্ধ্য আইন অমান্য কৰি সমৱেত হৈছিল লোকসকল । যাৰ বাবে তেওঁলোকক বাধা দিয়া চেষ্টা কৰে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে । নিৰাপত্তা বাহিনীয়ে লোকসকলক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয় । ফলস্বৰূপে এগৰাকী সাংবাদিকসহ প্ৰায় ৩০ গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ।

জানিব পৰা মতে, ইম্ফলৰ পৰা ফৌগাকচাও ইখাইত উপস্থিত হোৱাৰ সময়ত লোকসকলক বাধা দিবলৈ টিড্ডিম পথৰ কাষৰ মালোম অঞ্চলত আৰক্ষীয়ে বেৰিকেড স্থাপন কৰে । আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পাছতো বহুতে বিকল্প দিশৰ পৰা অঞ্চলটোৰ কাষ চাপিবলৈ সক্ষম হয় । ৰাজ্যিক আৰক্ষীৰ এটা দলে মইৰাং লামখাইত জনতাক বাধা দিবলৈ চেষ্টা কৰে । কিন্তু প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ বাধা নেওচি অঞ্চলটোলৈ অগ্ৰসৰ হয় । আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতো লোকসকলে সেই ঠাই এৰি যোৱা নাছিল । পৰৱৰ্তী সময়ত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ এটা দলে ফৌগাকচাও ইখাইত লোকসকলৰ ওপৰত লাঠি চালনা কৰে ।

ৰাইজৰ প্ৰতিবাদৰ সময়ত COCOMIৰ আহ্বায়ক জীতেন্দ্ৰ নিংগোম্বামকে ধৰি সংগঠনটোৰ নেতাসকল উপস্থিত থাকে । পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰীৰ এটা বৃহৎ দলে টৰবুঙত তেওঁলোকৰ পৰিত্যক্ত ঘৰসমূহত প্ৰৱেশ বিচাৰি সেনাৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে । অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি পাইছিল ।

লগতে পঢ়ক :APCC Leader Bhupen Slams BJP: ৰাস্তা ভাল হলেও নাষ্টা ভাল নহয়, আধাপেটিয়াকৈ থাকে শ্ৰমিকসকল; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.